--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭৫ সংখ্যক গণৰাজ্য দিৱসত ভাৰতৰ নাৰী শক্তিৰ উত্থান ঘটিছে। পেৰেডৰ পৰা আৰম্ভ কৰি টাবৌলৈকে সকলোতে  মহিলাসকল আটাইৰে শীৰ্ষত থাকে। দুঃসাহসিক বাইক ষ্টাণ্টৰ পৰা অস্ত্ৰ প্ৰদৰ্শনলৈকে  সকলো অনুষ্ঠানতে  মহিলাৰ অংশগ্ৰহণ লক্ষ্যণীয় হৈ পৰে।

 ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিওটা বাহিনীৰ মহিলা ব্ৰিগেডে একেলগে কৰ্তব্য পথত পেৰেড কৰাৰ লগতে অন্যান্য কলা-কৌশল প্ৰদৰ্শন কৰে। প্ৰতি বছৰৰ দৰে এইবাৰো সেনাই গণৰাজ্য  দিৱস উদযাপনৰ সময়ত কেইবাটাও অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰে। কিন্তু এইবাৰ  মহিলাসকলৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম দেখা গ’ল। কৰ্তব্য পথত টেংক টিএছ ভীষ্ম, নাগ মিছাইল, বিএমবি ২.২,  পিনাকা ৰকেট প্ৰণালীৰ লগতে বিশেষ ৰাডাৰৰ সৈতে স্বদেশীভাৱে বিকশিত মিছাইল আদিৰ  সৈতে  থকা দেখা গ’ল মহিলা সেনা বিষয়াসকলক।

এক কথাত দেশৰ মহিলা শক্তিয়ে পেৰেডত অংশগ্ৰহণ কৰি এক উদাহৰণ স্থাপন কৰিলে।  তিনিওটা সেৱাৰ মহিলা বিষয়াৰ এটা বিশেষ দলে ৭৫ সংখ্যক  স্বাধীনতা দিৱসত প্ৰথমবাৰৰ বাবে পেৰেড কৰে। তিনিওটা সেৱাৰ ইউনিফৰ্ম পিন্ধি দেশৰ সাহসী  কন্যাসকলে একত্ৰিত হৈ উন্নত ভাৰতৰ বাৰ্তা প্ৰদান কৰে। 

এই তিনিওটা  বাহিনীয়ে কেপ্টেইন সন্ধ্যাৰ নেতৃত্বত কুচকাৱাজ কৰে।  দলটোৰ মূল বিষয়বস্তু আছিল  সেৱা আৰু সহায়। গণৰাজ্য দিৱস উপলক্ষে মুঠ ১০০ গৰাকী মহিলা শিল্পীয়ে বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰে। বিএছএফ, চিআৰপিএফ আৰু চিআইএছএফৰ মহিলা দলসমূহেও পেৰেডত অংশগ্ৰহণ কৰে।৭৫ সংখ্যক  গণৰাজ্য  দিৱসৰ অনুষ্ঠানত ভাৰতীয় বায়ু সেনাৰ চি-২৯৫ বিমানখন প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হয় । 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু