--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭৫ সংখ্যক গণৰাজ্য দিৱসত ভাৰতৰ নাৰী শক্তিৰ উত্থান ঘটিছে। পেৰেডৰ পৰা আৰম্ভ কৰি টাবৌলৈকে সকলোতে  মহিলাসকল আটাইৰে শীৰ্ষত থাকে। দুঃসাহসিক বাইক ষ্টাণ্টৰ পৰা অস্ত্ৰ প্ৰদৰ্শনলৈকে  সকলো অনুষ্ঠানতে  মহিলাৰ অংশগ্ৰহণ লক্ষ্যণীয় হৈ পৰে।

 ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিওটা বাহিনীৰ মহিলা ব্ৰিগেডে একেলগে কৰ্তব্য পথত পেৰেড কৰাৰ লগতে অন্যান্য কলা-কৌশল প্ৰদৰ্শন কৰে। প্ৰতি বছৰৰ দৰে এইবাৰো সেনাই গণৰাজ্য  দিৱস উদযাপনৰ সময়ত কেইবাটাও অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শন কৰে। কিন্তু এইবাৰ  মহিলাসকলৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম দেখা গ’ল। কৰ্তব্য পথত টেংক টিএছ ভীষ্ম, নাগ মিছাইল, বিএমবি ২.২,  পিনাকা ৰকেট প্ৰণালীৰ লগতে বিশেষ ৰাডাৰৰ সৈতে স্বদেশীভাৱে বিকশিত মিছাইল আদিৰ  সৈতে  থকা দেখা গ’ল মহিলা সেনা বিষয়াসকলক।

এক কথাত দেশৰ মহিলা শক্তিয়ে পেৰেডত অংশগ্ৰহণ কৰি এক উদাহৰণ স্থাপন কৰিলে।  তিনিওটা সেৱাৰ মহিলা বিষয়াৰ এটা বিশেষ দলে ৭৫ সংখ্যক  স্বাধীনতা দিৱসত প্ৰথমবাৰৰ বাবে পেৰেড কৰে। তিনিওটা সেৱাৰ ইউনিফৰ্ম পিন্ধি দেশৰ সাহসী  কন্যাসকলে একত্ৰিত হৈ উন্নত ভাৰতৰ বাৰ্তা প্ৰদান কৰে। 

এই তিনিওটা  বাহিনীয়ে কেপ্টেইন সন্ধ্যাৰ নেতৃত্বত কুচকাৱাজ কৰে।  দলটোৰ মূল বিষয়বস্তু আছিল  সেৱা আৰু সহায়। গণৰাজ্য দিৱস উপলক্ষে মুঠ ১০০ গৰাকী মহিলা শিল্পীয়ে বিভিন্ন অনুষ্ঠান প্ৰদৰ্শন কৰে। বিএছএফ, চিআৰপিএফ আৰু চিআইএছএফৰ মহিলা দলসমূহেও পেৰেডত অংশগ্ৰহণ কৰে।৭৫ সংখ্যক  গণৰাজ্য  দিৱসৰ অনুষ্ঠানত ভাৰতীয় বায়ু সেনাৰ চি-২৯৫ বিমানখন প্ৰথমবাৰৰ বাবে প্ৰদৰ্শন কৰা হয় । 


FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান