--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্প্ৰতি সমগ্ৰ বিশ্বতে কৃত্ৰিম বুদ্ধিমত্তাই আলোড়নৰ সৃষ্টি কৰিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাই বৃহৎ পৰিৱৰ্তন সাধন কৰিছে। আৰু এই পৰিৱৰ্তনত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিপত্তিৰ কথা বিশ্বৰ বৃহৎ প্ৰযুক্তি খণ্ডই স্বীকাৰ কৰিছে। 

একেদৰে ইয়াত এআই প্ৰযুক্তি দ্ৰুতভাৱে গ্ৰহণ কৰাৰ সক্ষমতাও আছে। আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তি কোম্পানীসমূহৰ শীৰ্ষ কাৰ্যবাহীসকলে ভাৰতে এআইৰ ভৱিষ্যত গঢ় দিয়াত মুখ্য ভূমিকা পালন কৰি আছে বুলি উল্লেখ কৰিছে। এই সন্দৰ্ভত গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে কয় যে ভাৰতে এআই ক্ষেত্ৰখনত নেতৃত্ব দিব পাৰিব বুলি মত প্ৰকাশ কৰিছে।

এনভিডিয়াৰ চিইঅ’ জেনচেন হুয়াঙে কয় যে ভাৰত বিশ্বৰ বহু শীৰ্ষ কম্পিউটাৰ বিজ্ঞানীৰ জন্মস্থান। তেওঁৰ মতে এআই বিপ্লৱৰ বিশ্বব্যাপী নেতা হোৱাৰ ক্ষেত্ৰত ভাৰত এক বৃহৎ শক্তি বুলি উল্লেখ কৰে। লগতে তেওঁ কয় যে ভাৰতে নিজাকৈ এআই সৃষ্টি কৰিব লাগে। 

আনহাতে আই বি এমৰ চিইঅ’ অৰবিন্দ কৃষ্ণই কয় যে ভাৰত এআইৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হ’বলৈ সাজু হৈছে। জনসংখ্যা আৰু তথ্য সম্পত্তিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ পথত আগবাঢ়িছে।’

উল্লেখ্য যে ভাৰতীয় কোম্পানীসমূহত এআইৰ ব্যৱহাৰ বৃদ্ধি পাইছে। শতাংশ হিচাপত ক’বলৈ গ’লে বিশ্বৰ বাকী দেশতকৈ ভাৰতৰ কোম্পানীসমূহত এআইৰ ব্যৱহাৰ বেছি। এএমডিৰ চিইঅ’ লিজা ছুৱে কয়, ‘ভাৰত কেৱল আমাৰ কোম্পানীটোৰ বাবে বজাৰ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু