--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্প্ৰতি সমগ্ৰ বিশ্বতে কৃত্ৰিম বুদ্ধিমত্তাই আলোড়নৰ সৃষ্টি কৰিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাই বৃহৎ পৰিৱৰ্তন সাধন কৰিছে। আৰু এই পৰিৱৰ্তনত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিপত্তিৰ কথা বিশ্বৰ বৃহৎ প্ৰযুক্তি খণ্ডই স্বীকাৰ কৰিছে। 

একেদৰে ইয়াত এআই প্ৰযুক্তি দ্ৰুতভাৱে গ্ৰহণ কৰাৰ সক্ষমতাও আছে। আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তি কোম্পানীসমূহৰ শীৰ্ষ কাৰ্যবাহীসকলে ভাৰতে এআইৰ ভৱিষ্যত গঢ় দিয়াত মুখ্য ভূমিকা পালন কৰি আছে বুলি উল্লেখ কৰিছে। এই সন্দৰ্ভত গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে কয় যে ভাৰতে এআই ক্ষেত্ৰখনত নেতৃত্ব দিব পাৰিব বুলি মত প্ৰকাশ কৰিছে।

এনভিডিয়াৰ চিইঅ’ জেনচেন হুয়াঙে কয় যে ভাৰত বিশ্বৰ বহু শীৰ্ষ কম্পিউটাৰ বিজ্ঞানীৰ জন্মস্থান। তেওঁৰ মতে এআই বিপ্লৱৰ বিশ্বব্যাপী নেতা হোৱাৰ ক্ষেত্ৰত ভাৰত এক বৃহৎ শক্তি বুলি উল্লেখ কৰে। লগতে তেওঁ কয় যে ভাৰতে নিজাকৈ এআই সৃষ্টি কৰিব লাগে। 

আনহাতে আই বি এমৰ চিইঅ’ অৰবিন্দ কৃষ্ণই কয় যে ভাৰত এআইৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হ’বলৈ সাজু হৈছে। জনসংখ্যা আৰু তথ্য সম্পত্তিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ পথত আগবাঢ়িছে।’

উল্লেখ্য যে ভাৰতীয় কোম্পানীসমূহত এআইৰ ব্যৱহাৰ বৃদ্ধি পাইছে। শতাংশ হিচাপত ক’বলৈ গ’লে বিশ্বৰ বাকী দেশতকৈ ভাৰতৰ কোম্পানীসমূহত এআইৰ ব্যৱহাৰ বেছি। এএমডিৰ চিইঅ’ লিজা ছুৱে কয়, ‘ভাৰত কেৱল আমাৰ কোম্পানীটোৰ বাবে বজাৰ নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ