--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮০০০ অতিক্ৰম কৰিলে তুৰস্ক-ছিৰিয়াত ভূমিকম্পত নিহত লোকৰ সংখ্যাই৷ বিশ্বৰ প্ৰায় ৪০ খন দেশে ভূমিকম্প বিধ্বস্ত তুৰস্কলৈ সাহায্য সামগ্ৰী তথা উদ্ধাৰকাৰীৰ দল প্ৰেৰণ কৰিছে৷ মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। আহতৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে।তুৰ্কীত এতিয়া শীতকাল চলি আছে আছে। হিমশীতল ঠাণ্ডাত মুকলি আকাশৰ তলত অগণন মানুহে বাস কৰিবলগীয়া হৈছে । বতৰ বিজ্ঞান বিভাগে সতৰ্ক কৰি দিছে যে তাপমাত্ৰা আৰু হ্ৰাস হ'ব পাৰে। তুষাৰপাতৰ সম্ভাৱনাও আছে। 

ভূমিকম্পৰ ফলত তুৰ্কীৰ হাতাই প্ৰদেশ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। এই দুৰ্যোগত ভাৰতে তুৰস্ক আৰু চিৰিয়াৰ কাষত থিয় দিছে। সোমবাৰে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্দোগানৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে দুৰ্যোগত নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লিখিছে, "শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। মই প্ৰাৰ্থনা কৰোঁ যাতে আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হয়। তুৰ্কীৰ এই ভূমিকম্পই অপূৰণীয় ক্ষতি সাধন কৰিছে। ভাৰতে এই দুৰ্যোগৰ মোকাবিলাত সকলো সহায়ৰ সৈতে তুৰস্কৰ কাষত থিয় দিবলৈ সাজু। ''

প্ৰধানমন্ত্ৰীৰ টুইটৰ পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতে তৎক্ষণাৎ উদ্ধাৰ অভিযানৰ   বাবে তুৰস্কলৈ সাহায্য সামগ্ৰী সহ  দল প্ৰেৰণ কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ভাৰতীয় উদ্ধাৰকাৰীৰ দলে মঙলবাৰে ড্ৰিলিং মেচিনকে ধৰি প্ৰয়োজনীয় সঁজুলি লৈ উপস্থিত  হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক