--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮০০০ অতিক্ৰম কৰিলে তুৰস্ক-ছিৰিয়াত ভূমিকম্পত নিহত লোকৰ সংখ্যাই৷ বিশ্বৰ প্ৰায় ৪০ খন দেশে ভূমিকম্প বিধ্বস্ত তুৰস্কলৈ সাহায্য সামগ্ৰী তথা উদ্ধাৰকাৰীৰ দল প্ৰেৰণ কৰিছে৷ মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে। আহতৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে।তুৰ্কীত এতিয়া শীতকাল চলি আছে আছে। হিমশীতল ঠাণ্ডাত মুকলি আকাশৰ তলত অগণন মানুহে বাস কৰিবলগীয়া হৈছে । বতৰ বিজ্ঞান বিভাগে সতৰ্ক কৰি দিছে যে তাপমাত্ৰা আৰু হ্ৰাস হ'ব পাৰে। তুষাৰপাতৰ সম্ভাৱনাও আছে। 

ভূমিকম্পৰ ফলত তুৰ্কীৰ হাতাই প্ৰদেশ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। এই দুৰ্যোগত ভাৰতে তুৰস্ক আৰু চিৰিয়াৰ কাষত থিয় দিছে। সোমবাৰে তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্দোগানৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে দুৰ্যোগত নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লিখিছে, "শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। মই প্ৰাৰ্থনা কৰোঁ যাতে আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হয়। তুৰ্কীৰ এই ভূমিকম্পই অপূৰণীয় ক্ষতি সাধন কৰিছে। ভাৰতে এই দুৰ্যোগৰ মোকাবিলাত সকলো সহায়ৰ সৈতে তুৰস্কৰ কাষত থিয় দিবলৈ সাজু। ''

প্ৰধানমন্ত্ৰীৰ টুইটৰ পিছতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ভাৰতে তৎক্ষণাৎ উদ্ধাৰ অভিযানৰ   বাবে তুৰস্কলৈ সাহায্য সামগ্ৰী সহ  দল প্ৰেৰণ কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ভাৰতীয় উদ্ধাৰকাৰীৰ দলে মঙলবাৰে ড্ৰিলিং মেচিনকে ধৰি প্ৰয়োজনীয় সঁজুলি লৈ উপস্থিত  হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু