--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স মাঁথো এটা সংখ্যাহে। সেই কথা সময়ে সময়ে প্ৰমাণ কৰি আহিছে বহু পুৰুষ-মহিলাই। নিজে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বয়স কেতিয়াও বাধা নহয় সেই কথা প্ৰমাণ কৰি দেখুৱালে এগৰাকী ৯৪ বছৰীয়া বৃদ্ধাই। আচলতে তেওঁ বয়সৰে বৃদ্ধ হ'লেও মানসিক শক্তিৰে এতিয়াও তৰুণী।বয়সে যেন হাৰ মানিছে এইগৰা্কী মহিলাৰ ওচৰত। নাম তেওঁৰ ভগৱানী দেৱী ডাগৰ। হাৰিয়ানাৰ এই ৯৪ বছৰীয়া এথলীটগৰাকীয়ে ফিনলেণ্ডৰ টেম্পেৰত অনুষ্ঠিত বিশ্ব মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। যি বয়সত মানুহে নাতি-নাতিনীৰ সৈতে সময় পাৰ কৰে বা ঘৰতে আৱদ্ধ থাকি সময় কটায়, বিচনাত পৰি মৃত্যুৰ ক্ষণ গণে বা হৰিনাম গাই সময় কটায় সেই সময়তে সোণৰ পদক জয় কৰি ভগৱানী দেৱী ডাগৰে দেশবাসীক দিলে চমক।
 
৯৪ বছৰ বয়সটো তেওঁ হৈ আছে দুৰন্ত তৰুণী। বিশ্ব এথলিট জগতখনত তেওঁ নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। ভগৱানী দেৱী ডাগৰ ক্ৰীড়া জগতৰ এটা চিনাকী নাম। ভগৱানী দেৱী ডাগৰে ১০০ মিটাৰ দৌৰৰ শাখাত ২৪.৭৪ ছেকেণ্ড সময় লৈ স্বৰ্ণ পদক দখল কৰে। তদুপৰি তেওঁ প্ৰতিযোগিতাখনত শ্বট-পুটতো ব্ৰঞ্জৰ পদক লাভ কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে টুইটাৰযোগে বয়োজেষ্ঠ এথলীট গৰাকীৰ এই সাফল্যৰ বিষয়ে সদৰী কৰিছে। মন্ত্ৰালয়ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি কৈছে- “ভাৰতৰ ৯৪ বছৰীয়া ভগৱানী দেৱী ডাগৰে আকৌ এবাৰ প্ৰমাণ কৰিছে বয়স মাত্ৰ এটা সংখ্যাহে। তেওঁ ২৪.৭৪ ছেকেণ্ড সময়ৰ সৈতে ১০০ মিটাৰ স্প্ৰিণ্ট ইভেণ্টত টেম্পেৰৰ বিশ্ব মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক জয় কৰিছে। তেওঁ শ্বটপুটতো ব্ৰঞ্জৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছে।'' 

উল্লেখ্য যে ৩৫ বছৰ বয়সৰ উৰ্দ্ধৰ খেলুৱৈসকলৰ বাবে বিশ্ব মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপ হৈছে আয়োজন কৰা হয়। এইবাৰ ২৯ জুনৰ পৰা ১০ জুলাইলৈ ফিনলেণ্ডত বিশ্ব মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল। খেলুৱৈগৰাকীৰ সাফল্যত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, হৰদীপ সিং পুৰী আৰু পীয়ুষ গোৱেলকে ধৰি আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনহোৰ লাল খট্টৰে শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে। তেওঁলোকে ৯৪ বছৰীয়া এথলীটগৰাকীক দেশবাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি অভিহিত কৰিছে। বৰ্তমান ছ'চিয়েল মিডিয়াতো ভগৱানী দেৱী ডাগৰৰ এই চমকপ্ৰদ সাফল্যক লৈ চৰ্চা আৰম্ভ হৈছে। ভগৱানীক যেন ভগৱানে সুস্বাস্থ্য প্ৰদান কৰি ভালে-কুশলে ৰাখে তাৰে কামনা কৰিছে দেশবাসীয়ে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান