--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অ’ভেলত যশপ্ৰীত বুমৰাৰ ছুইঙৰ সন্মুখত তিস্তি থাকিব  নোৱাৰিলে বিশ্ব চেম্পিয়ন ইংলেণ্ডে। বুমৰাহৰ উপৰি মহম্মদ ছামীয়েও অস্বস্তিত পেলাইছিল ইংলেণ্ড দলটোক। সেই সুযোগৰ সত ব্যৱহাৰ কৰিয়েই ভাৰতে প্ৰথমখন এদিনীয়াত ১০ উইকেটত জয়লাভ কৰে।

টি-২০ শৃংখলাত ভুৱনেশ্বৰ কুমাৰৰ ছুইঙে বাটলাৰ বাহিনীক দোমোজাত পেলাইছিল। প্ৰথমখন এদিনীয়াত বুমৰাহ-ছামীৰ যুটিৰ সমুখত মোলান পৰি ৰয় ইংলেণ্ড।  আদৰ্শ পৰিৱেশ পালে তেওঁলোক কিমান ভয়ংকৰ হৈ উঠিব পাৰে তাকে যেন মঙলবাৰে পুনৰবাৰ দোহৰাই দিলে অ’ভেল ষ্টেডিয়ামত। অ’ভেলৰ ২২ গজৰ ক্ৰীজত ইংলেণ্ডৰ বেটছমেনসকলক সহজ আত্মসমৰ্পণ এতিয়া চৰ্চাৰ বিষয়।

মন কৰিবলগীয়া যে, টছত জয়লাভ কৰি ৰোহিত শৰ্মাই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল। ডাৱৰীয়া বতৰৰ সুযোগ পাই ভাৰতীয় বলাৰসকলেও উভতি আহিছিল চিনাকি ছন্দত। মাত্ৰ ২৫.২ অ’ভাৰত সামৰণি পৰে ইংলেণ্ডৰ ইনিংছ। তেওঁলোকৰ চাৰিজন বেটছমেনে বেটত ৰান নোপোৱাকৈয়ে ড্ৰেছিং ৰুমলৈ উভতি আহে। বুমৰাহ-ছামীৰ যুটিৰ সন্মুখত অসাৰ হৈ পৰে জেছন ৰয়, জো ৰুট, বেন ষ্ট’কছ আৰু লিয়াম লিভিংষ্টনৰ দৰে বিস্ফোৰক বেটছেমেনসকল।

বিপৰীতে ১০উইকেটৰ বিনিময়ত ভাৰতে প্ৰথম এদিনীয়াত জয়লাভ কৰিছে। ৪৮ বছৰৰ পাছত এইবাৰ প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াই ইংলেণ্ডক ১০টা উইকেটত পৰাস্ত কৰি বিৰল নিদৰ্শন দাঙি ধৰিছে। মন কৰিবলগীয়া যে, ১৯৭৪ চনত ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতে প্ৰথমবাৰৰ বাবে এদিনীয়া খেলিছিল। ইফালে, ১১০ ৰানৰ লক্ষ্যৰ চোঁচা লোৱা ভাৰতে ৰোহিত শৰ্মাৰ নেতৃত্বত এনে বৃহত্‍ জয় লাভ কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ