--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতাৰ পিছত শ্ৰীলংকাই আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজেৰে দিন অতিবাহিত কৰিছে। চুবুৰীয়া ৰাজ্যসমূহত ইন্ধন, বিদ্যুৎ, খাদ্যৰ ব্যাপক নাটনিয়ে দেখা দিছে। আনকি ঔষধৰ যোগানতো ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে। সাধাৰণ মানুহৰ দৈনন্দিন জীৱন হৈ পৰিছে অচল। প্ৰতি কিলোগ্ৰাম বিলাহীৰ মূল্য এহাজাৰ টকা, আলু প্ৰতি কিলোগ্ৰামত ৮০০ টকা। এই পৰিসংখ্যাৰ পৰাই স্পষ্ট শ্ৰীলংকা দেউলীয়া স্বৰূপ। 

দ্বীপৰাষ্ট্ৰখনত প্ৰতিবাদীৰ যযুধান ৰূপ দেখি ইতিমধ্যে দেশ এৰি পলায়ন কৰিছে গোটাবায়া ৰাজাপাক্ষাই। এনে অৱস্থাতো অষ্ট্ৰেলিয়াই ভ্ৰমণ বাতিল কৰি দেশলৈ উভতি যোৱা নাছিল। সম্পূৰ্ণ ছিৰিজ খেলিহে নিজ দেশলৈ উভতিল অষ্ট্ৰেলিয়ান তাৰকাসকল। শ্ৰীলংকাৰ এনে দুৰ্দিনৰ মাজতো তেওঁৰ তথ্যক এতিয়া প্ৰশংসাৰ দৃষ্টিৰে চাইছে সকলোৱে। প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে তাৰকা ক্ৰিকেটাৰ ডেভিড ৱাৰ্নাৰ। শ্ৰীলংকাৰ এনে আতিথ্যত মুগ্ধ হৈ আৱেগ পষ্ট ডেভিড ৱাৰ্নাৰৰ।

ৱাৰ্নাৰে ইনষ্টাগ্ৰামত শ্ৰীলংকাৰ পতাকা পোষ্ট কৰি লিখিছে, ‘ধন্যবাদ শ্ৰীলংকা, অতি কঠিন সময়তো আমাক এই আতিথ্য প্ৰদান কৰাৰ বাবে। আমি এই মৰম আৰু সমৰ্থনৰ বাবে কৃতজ্ঞ। বিপদৰ সময়তো দুহাত আগবঢ়াই দিছে আপোনালোকে। এই যাত্ৰা আমি আজীৱন বুকুত কঢ়িয়াই ফুৰিম। ’ লগতে অষ্ট্ৰেলিয়ান তাৰকা ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘মই এদিনৰ বাবে হ’লেও পৰিয়ালৰ সৈতে অৱসৰৰ বাবে এদিন শ্ৰীলংকালৈ যাব বিচাৰো।’ 

মন কৰিবলগীয়া যে, অষ্ট্ৰেলিয়া-শ্ৰীলংকাই প্ৰথমে তিনিখন টি-২০ শৃংখলা খেলিছিল। অষ্ট্ৰেলিয়াই ২-১ৰ ব্যৱধানত জয়লাভ কৰে। ইয়াৰ পিছতে দুয়োখন দেশে পাঁচখন এদিনীয়া শৃংখলা খেলিছিল। শ্ৰীলংকাই ৩-২ ৰ ব্যৱধানত জয়লাভ কৰে। তাৰ পিছত দুখন মেচৰ টেষ্ট ছিৰিজ ড্ৰ’ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু