--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাধীনতাৰ পিছত শ্ৰীলংকাই আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজেৰে দিন অতিবাহিত কৰিছে। চুবুৰীয়া ৰাজ্যসমূহত ইন্ধন, বিদ্যুৎ, খাদ্যৰ ব্যাপক নাটনিয়ে দেখা দিছে। আনকি ঔষধৰ যোগানতো ব্যাঘাত জন্মা পৰিলক্ষিত হৈছে। সাধাৰণ মানুহৰ দৈনন্দিন জীৱন হৈ পৰিছে অচল। প্ৰতি কিলোগ্ৰাম বিলাহীৰ মূল্য এহাজাৰ টকা, আলু প্ৰতি কিলোগ্ৰামত ৮০০ টকা। এই পৰিসংখ্যাৰ পৰাই স্পষ্ট শ্ৰীলংকা দেউলীয়া স্বৰূপ। 

দ্বীপৰাষ্ট্ৰখনত প্ৰতিবাদীৰ যযুধান ৰূপ দেখি ইতিমধ্যে দেশ এৰি পলায়ন কৰিছে গোটাবায়া ৰাজাপাক্ষাই। এনে অৱস্থাতো অষ্ট্ৰেলিয়াই ভ্ৰমণ বাতিল কৰি দেশলৈ উভতি যোৱা নাছিল। সম্পূৰ্ণ ছিৰিজ খেলিহে নিজ দেশলৈ উভতিল অষ্ট্ৰেলিয়ান তাৰকাসকল। শ্ৰীলংকাৰ এনে দুৰ্দিনৰ মাজতো তেওঁৰ তথ্যক এতিয়া প্ৰশংসাৰ দৃষ্টিৰে চাইছে সকলোৱে। প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে তাৰকা ক্ৰিকেটাৰ ডেভিড ৱাৰ্নাৰ। শ্ৰীলংকাৰ এনে আতিথ্যত মুগ্ধ হৈ আৱেগ পষ্ট ডেভিড ৱাৰ্নাৰৰ।

ৱাৰ্নাৰে ইনষ্টাগ্ৰামত শ্ৰীলংকাৰ পতাকা পোষ্ট কৰি লিখিছে, ‘ধন্যবাদ শ্ৰীলংকা, অতি কঠিন সময়তো আমাক এই আতিথ্য প্ৰদান কৰাৰ বাবে। আমি এই মৰম আৰু সমৰ্থনৰ বাবে কৃতজ্ঞ। বিপদৰ সময়তো দুহাত আগবঢ়াই দিছে আপোনালোকে। এই যাত্ৰা আমি আজীৱন বুকুত কঢ়িয়াই ফুৰিম। ’ লগতে অষ্ট্ৰেলিয়ান তাৰকা ক্ৰিকেটাৰগৰাকীয়ে কয়, ‘মই এদিনৰ বাবে হ’লেও পৰিয়ালৰ সৈতে অৱসৰৰ বাবে এদিন শ্ৰীলংকালৈ যাব বিচাৰো।’ 

মন কৰিবলগীয়া যে, অষ্ট্ৰেলিয়া-শ্ৰীলংকাই প্ৰথমে তিনিখন টি-২০ শৃংখলা খেলিছিল। অষ্ট্ৰেলিয়াই ২-১ৰ ব্যৱধানত জয়লাভ কৰে। ইয়াৰ পিছতে দুয়োখন দেশে পাঁচখন এদিনীয়া শৃংখলা খেলিছিল। শ্ৰীলংকাই ৩-২ ৰ ব্যৱধানত জয়লাভ কৰে। তাৰ পিছত দুখন মেচৰ টেষ্ট ছিৰিজ ড্ৰ’ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ