--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৰ'নাত জৰ্জৰিত সমগ্ৰ বিশ্ব। ভাৰতত সংকট আৰু গুৰুতৰ। নিৰৱচ্ছিন্ন এই সংক্ৰমণ ৰুধিবৰ সাধ্য কাৰ?এই পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কাঠগড়াত তুলিলে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন(IMA)ৰ উপ-সভাপতি নৱজ্যোৎ দাহিয়াই। নৰেন্দ্ৰ মোডীক 'ছুপাৰ স্প্ৰেডা'ৰ বুলি অভিহিত কৰাৰ লগতে ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ বাবে মোডীক দোষী সাব্যস্ত কৰিছে দাহিয়াই।

আৰু পঢ়িব পাৰিব : সান্ধ্য আইনৰ মাজতে মহানগৰীৰ এটিএমত সোমাল চোৰ


সংবাদ মাধ্যমৰ আগত দাহিয়াই কয় যে, কৰ'নাৰ সুৰক্ষাবিধি সম্পৰ্কে সাধাৰণ জনগণক অৱগত কৰাৰ বাবে এতিয়া তেওঁলোক যিদৰে তৎপৰ হোৱা দেখা গৈছে, ঠিক একে সময়তে কোনো দ্বিধা প্ৰকাশ নকৰাকৈয়ে সমস্ত ক'ভিড বিধি লংঘন কৰি ৰাজনৈতিক সমাৱেশত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীয়ে।' লগতে কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ আন্দোলনৰ ইছ্যুসমূহৰ প্ৰতিও প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ উদাসীন মনোভাব গ্ৰহণ কৰা বুলি মন্তব্য কৰে তেওঁ।

আৰু পঢ়িব পাৰিব : ক’ভিড বিধি ভংগ কৰি আইনৰ ৰোষত অভিনেতা জিমী শ্বেৰগিল


উল্লেখযোগ্য যে, ভাৰতত ক'ভিডৰ দ্বিতীয় ঢৌৰ বাবে দেশত দেখা দিয়া দুৰ্যোগৰ বাবে প্ৰধানমন্ত্ৰী মোডী তথা চৰকাৰৰ ভূমিকাক লৈ সমালোচনাত মুখৰ দেশ তথা আন্তঃৰাষ্ট্ৰীয় মহলৰ একাংশ। তেনে পৰিস্থিতিত IMAৰ উপসভাপতিৰ বিস্ফোৰক মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বেও দেশৰ ক'ভিড পৰিস্থিতিৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীক দোষী সাব্যস্ত কৰিছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ