--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কৰ'নাত জৰ্জৰিত সমগ্ৰ বিশ্ব। ভাৰতত সংকট আৰু গুৰুতৰ। নিৰৱচ্ছিন্ন এই সংক্ৰমণ ৰুধিবৰ সাধ্য কাৰ?এই পৰিস্থিতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কাঠগড়াত তুলিলে ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন(IMA)ৰ উপ-সভাপতি নৱজ্যোৎ দাহিয়াই। নৰেন্দ্ৰ মোডীক 'ছুপাৰ স্প্ৰেডা'ৰ বুলি অভিহিত কৰাৰ লগতে ক'ভিড-১৯ৰ দ্বিতীয় ঢৌৰ বাবে মোডীক দোষী সাব্যস্ত কৰিছে দাহিয়াই।

আৰু পঢ়িব পাৰিব : সান্ধ্য আইনৰ মাজতে মহানগৰীৰ এটিএমত সোমাল চোৰ


সংবাদ মাধ্যমৰ আগত দাহিয়াই কয় যে, কৰ'নাৰ সুৰক্ষাবিধি সম্পৰ্কে সাধাৰণ জনগণক অৱগত কৰাৰ বাবে এতিয়া তেওঁলোক যিদৰে তৎপৰ হোৱা দেখা গৈছে, ঠিক একে সময়তে কোনো দ্বিধা প্ৰকাশ নকৰাকৈয়ে সমস্ত ক'ভিড বিধি লংঘন কৰি ৰাজনৈতিক সমাৱেশত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰীয়ে।' লগতে কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ আন্দোলনৰ ইছ্যুসমূহৰ প্ৰতিও প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ উদাসীন মনোভাব গ্ৰহণ কৰা বুলি মন্তব্য কৰে তেওঁ।

আৰু পঢ়িব পাৰিব : ক’ভিড বিধি ভংগ কৰি আইনৰ ৰোষত অভিনেতা জিমী শ্বেৰগিল


উল্লেখযোগ্য যে, ভাৰতত ক'ভিডৰ দ্বিতীয় ঢৌৰ বাবে দেশত দেখা দিয়া দুৰ্যোগৰ বাবে প্ৰধানমন্ত্ৰী মোডী তথা চৰকাৰৰ ভূমিকাক লৈ সমালোচনাত মুখৰ দেশ তথা আন্তঃৰাষ্ট্ৰীয় মহলৰ একাংশ। তেনে পৰিস্থিতিত IMAৰ উপসভাপতিৰ বিস্ফোৰক মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বেও দেশৰ ক'ভিড পৰিস্থিতিৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীক দোষী সাব্যস্ত কৰিছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু