--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শনিবাৰে সন্ধিয়া ভেৰগাঁৱৰ ২ নং ৰজাগড়ত সংঘটিত হয় শোকাৱহ ঘটনা ৷ নিহত লোকজন হৈছে দেৱী প্ৰসাদ উপ্ৰেতি ওৰফে ৰাজন উপ্ৰেতি (৫৫)

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ তীব্ৰ সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত হাতী-মানুহৰ সংঘাত ভয়ানকভাৱে বৃদ্ধি পাইছে ৷ 


হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ওদালগুৰিৰ ডিমাকুছি ,ৰজাগড় , নালাপাৰা, বগৰীতল,সোণাজুলি,টেংকিবস্তি, বাদলাপাৰা , ঔৰঙ্গাজুলি , ভূটিয়াচাং ,কচুবিল,বামুনজুলি,কালিখোলা,চামৰাং, ধৰমজুলিকে ধৰি ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত । অহৰ্নিশে হাতী-মানুহৰ সংঘাতত জুৰুলা হৈ পৰিছে ভূটান সীমান্তৰ অঞ্চলবাসী ৷ জীৱশ্ৰেষ্ঠৰ দ্বাৰা ব্যাপক হাৰত বনাঞ্চল ধ্বংস আৰু এলিফেণ্ট কৰিডৰ সমূহ অবৈধভাৱে দখল কৰি বাসভূমি গঢ়ি তোলাৰ উপৰিও খাদ্যৰ সন্ধানত কাষৰীয়া বৰনদী অভয়াৰণ্যৰ বনাঞ্চলৰ পৰা খাদ্য আৰু খোৱা পানীৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ সন্ত্ৰাসত ত্ৰাহী মধুসূদন সোঁৱৰিছে অঞ্চলবাসীয়ে ৷ 


বিভিন্ন প্ৰান্তত হাতী-মানুহৰ এনে ভয়াৱহ সংঘাতৰ মাজতে শনিবাৰে সন্ধিয়া ভেৰগাঁৱৰ ২ নং ৰজাগড়ত সংঘটিত হয় শোকাৱহ ঘটনা ৷ নিহত লোকজন হৈছে দেৱী প্ৰসাদ উপ্ৰেতি ওৰফে ৰাজন উপ্ৰেতি (৫৫) । নিজৰ ঘৰতেই গাখীৰ খিৰাই থকা সময়ত জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড বন্যহস্তীয়ে পিছফালৰ পৰা আহি আক্ৰমণ কৰে । ইফালে পৰিয়ালৰ বাকী সদস্যসকলো কথমপি প্ৰাণৰক্ষা পৰে। 


স্থানীয় লোকে বনবিভাগ আৰু ডিমাকুছি আৰক্ষীক খবৰ দিয়ে , ঘটনাস্থলীত উপস্থিত হয় বৰনদী অভয়াৰণ্যৰ বনকৰ্মী আৰু ডিমাকুছি আৰক্ষী থানাৰ আৰক্ষী প্ৰশাসন । বিগত বছৰ-বছৰ ধৰি বৃহৎ বন্যহস্তীজাকে সন্ত্ৰাস সৃষ্টি কৰি আহিছে ভূটান সীমান্তৱৰ্তী অঞ্চলত ৷ 


ইতিমধ্যে বনৰীয়া হাতীৰ সন্ত্ৰাসত বহু পৰিয়াল গৃহহীন হোৱাৰ লগতে চলিত বছৰটোত জিলাখনত ৫ জনতকৈও অধিক বন্যহস্তীৰ নিশংসতাৰ বলি হৈছে । এই ভয়াৱহ সংঘাত ৰোধৰ ক্ষেত্ৰত অদ্যাপি সফল হোৱা নাই বিটিচি চৰকাৰ আৰু বনবিভাগ ৷ বনমন্ত্ৰীক হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ সু-ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা পিছতো কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম বিভাগটোৰ মন্ত্ৰী গৰাকী । সেয়েহে পুনৰবাৰ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে অতি শীঘ্ৰে হাতী-মানুহৰ সংঘাত ৰোধৰ সু-ব্যৱস্থা কৰিবলৈ বনমন্ত্ৰীৰ লগতে বিটিচি চৰকাৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ