--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শনিবাৰে সন্ধিয়া ভেৰগাঁৱৰ ২ নং ৰজাগড়ত সংঘটিত হয় শোকাৱহ ঘটনা ৷ নিহত লোকজন হৈছে দেৱী প্ৰসাদ উপ্ৰেতি ওৰফে ৰাজন উপ্ৰেতি (৫৫)

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ তীব্ৰ সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত হাতী-মানুহৰ সংঘাত ভয়ানকভাৱে বৃদ্ধি পাইছে ৷ 


হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ওদালগুৰিৰ ডিমাকুছি ,ৰজাগড় , নালাপাৰা, বগৰীতল,সোণাজুলি,টেংকিবস্তি, বাদলাপাৰা , ঔৰঙ্গাজুলি , ভূটিয়াচাং ,কচুবিল,বামুনজুলি,কালিখোলা,চামৰাং, ধৰমজুলিকে ধৰি ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত । অহৰ্নিশে হাতী-মানুহৰ সংঘাতত জুৰুলা হৈ পৰিছে ভূটান সীমান্তৰ অঞ্চলবাসী ৷ জীৱশ্ৰেষ্ঠৰ দ্বাৰা ব্যাপক হাৰত বনাঞ্চল ধ্বংস আৰু এলিফেণ্ট কৰিডৰ সমূহ অবৈধভাৱে দখল কৰি বাসভূমি গঢ়ি তোলাৰ উপৰিও খাদ্যৰ সন্ধানত কাষৰীয়া বৰনদী অভয়াৰণ্যৰ বনাঞ্চলৰ পৰা খাদ্য আৰু খোৱা পানীৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ সন্ত্ৰাসত ত্ৰাহী মধুসূদন সোঁৱৰিছে অঞ্চলবাসীয়ে ৷ 


বিভিন্ন প্ৰান্তত হাতী-মানুহৰ এনে ভয়াৱহ সংঘাতৰ মাজতে শনিবাৰে সন্ধিয়া ভেৰগাঁৱৰ ২ নং ৰজাগড়ত সংঘটিত হয় শোকাৱহ ঘটনা ৷ নিহত লোকজন হৈছে দেৱী প্ৰসাদ উপ্ৰেতি ওৰফে ৰাজন উপ্ৰেতি (৫৫) । নিজৰ ঘৰতেই গাখীৰ খিৰাই থকা সময়ত জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড বন্যহস্তীয়ে পিছফালৰ পৰা আহি আক্ৰমণ কৰে । ইফালে পৰিয়ালৰ বাকী সদস্যসকলো কথমপি প্ৰাণৰক্ষা পৰে। 


স্থানীয় লোকে বনবিভাগ আৰু ডিমাকুছি আৰক্ষীক খবৰ দিয়ে , ঘটনাস্থলীত উপস্থিত হয় বৰনদী অভয়াৰণ্যৰ বনকৰ্মী আৰু ডিমাকুছি আৰক্ষী থানাৰ আৰক্ষী প্ৰশাসন । বিগত বছৰ-বছৰ ধৰি বৃহৎ বন্যহস্তীজাকে সন্ত্ৰাস সৃষ্টি কৰি আহিছে ভূটান সীমান্তৱৰ্তী অঞ্চলত ৷ 


ইতিমধ্যে বনৰীয়া হাতীৰ সন্ত্ৰাসত বহু পৰিয়াল গৃহহীন হোৱাৰ লগতে চলিত বছৰটোত জিলাখনত ৫ জনতকৈও অধিক বন্যহস্তীৰ নিশংসতাৰ বলি হৈছে । এই ভয়াৱহ সংঘাত ৰোধৰ ক্ষেত্ৰত অদ্যাপি সফল হোৱা নাই বিটিচি চৰকাৰ আৰু বনবিভাগ ৷ বনমন্ত্ৰীক হাতী-মানুহৰ সংঘাত ৰোধ কৰিবলৈ সু-ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা পিছতো কিন্তু কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগোম বিভাগটোৰ মন্ত্ৰী গৰাকী । সেয়েহে পুনৰবাৰ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে অতি শীঘ্ৰে হাতী-মানুহৰ সংঘাত ৰোধৰ সু-ব্যৱস্থা কৰিবলৈ বনমন্ত্ৰীৰ লগতে বিটিচি চৰকাৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু