--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • নতুন চৌহদৰ ভৱনটোত শ্ৰেণীকোঠাত আধুনিক শিক্ষণ সঁজুলিৰ সহায়ত শিক্ষাদানৰ সুবিধা, শিক্ষক, মুৰব্বী অধ্যাপকৰ কোঠা আদিৰ সুন্দৰভাৱে সজাই-পৰাই তুলিছে।

ডিজিটেল ডেস্ক: ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অহা ২৫ ফেব্ৰুৱাৰীত উত্তৰ-পূব ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয়খনৰ নতুন শৈক্ষিক ভৱনটো মুকলি কৰিব। 


যোৰহাটৰ ৰৰৈয়াত ২০১৩ চনৰ অসম মহিলা বিশ্ববিদ্যালয় আইন অনুসৰি স্থাপন হোৱা বিশ্ববিদ্যালয়খনৰ টীয়ক-কলিয়াপানীৰ নতুন চৌহদত ইতিমধ্যে সমাপ্ত হোৱা নতুন শৈক্ষিক ভৱনটো মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব। ৫৮ বিঘা মাটিত স্থাপন হোৱা বিশ্ববিদ্যালয়খনৰ নতুন চৌহদত কালি যোৰহাট জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত আৰু মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মিয়ে পৰিদৰ্শন কৰি উদ্বোধনী অনুষ্ঠানৰ স্থান নির্ধাৰণ কৰে। 


দীর্ঘদিন ধৰি ৰৰৈয়াৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ভৱনতে চলি অহা মহিলা বিশ্ববিদ্যালয়খনে বর্তমান লাভ কৰিলে নতুন ঠিকনা। ৰাজ্য চৰকাৰৰ ২৬,৯৪,০৫,৬৬৯ টকা ব্যয় কৰি নিৰ্মিত আটকধুনীয়া শৈক্ষিক ভৱনটোৱে বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ প্ৰসাৰৰ লগতে আন্তঃগাঁথনি বিকাশত মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব। 


নতুন চৌহদৰ ভৱনটোত শ্ৰেণীকোঠাত আধুনিক শিক্ষণ সঁজুলিৰ সহায়ত শিক্ষাদানৰ সুবিধা, শিক্ষক, মুৰব্বী অধ্যাপকৰ কোঠা আদিৰ সুন্দৰভাৱে সজাই-পৰাই তুলিছে। জানিব পৰা মতে, বিশ্ববিদ্যালয়খনৰ কলিয়াপানী চৌহদত উত্তৰ-পূব পৰিষদৰ প্ৰায় ১০ কোটি টকা অনুদানৰ এটা শৈক্ষিক ভৱনৰ নিৰ্মাণকার্য চলি আছে। ইফালে অনুসূচিত জনজাতি ছাত্ৰীৰ বাবে এক কোটি টকাৰ ব্যয়েৰে ছাত্ৰী নিৱাসৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। অনুসূচিত জনজাতিৰ আন এটা ছাত্রী নিৱাস নির্মীয়মাণ অৱস্থাত আছে। 


উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ আইন অনুসৰি, মুঠ ১৭টা বিভাগ আছে। এই বিভাগসমূহত মুঠ ৪৬টা শৈক্ষিক ডিগ্ৰীৰ পাঠ্যক্রম চলাই আহিছে। লগতে বিভিন্ন দক্ষতা বিকাশ কাৰ্যসূচী ৰূপায়ণ আৰু নতুন শিক্ষানীতি ২০২০ সফলভাৱে কাৰ্যকৰী কৰি বিশ্ববিদ্যালয়খনে দৃষ্টান্ত দাঙি ধৰিছে। বিশ্ববিদ্যালয়খনত বর্তমান বিভিন্ন পাঠ্যক্ৰম ১২০৫ গৰাকী ছাত্রীয়ে শিক্ষা গ্ৰহণ কৰি আছে। অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে বিশ্ববিদ্যালয়খনৰ বাবে ৫৮ বিঘা মাটিসহ নতুন চৌহদ নির্মাণ কৰি শৈক্ষিক বাতাৱৰণ গঢ়ি তোলাৰ বাবে অসম চৰকাৰক আন্তৰিক ধন্যবাদ জনায়। 


উল্লেখযোগ্য যে এইগৰাকী উপাচার্যই বিশ্ববিদ্যালয়খনত যোগদান কৰাৰ সময়ত মাত্র ৪২০ গৰাকী ছাত্ৰী আছিল যদিও বর্তমান ঊর্ধ্বগামী শৈক্ষিক নীতিৰ বাবে বৃদ্ধি হৈ ১২০৫ গৰাকী হয়গৈ। উপাচাৰ্যগৰাকীয়ে প্রশাসনিক দূৰদৰ্শিতা, কর্মনিষ্ঠাৰে শক্তিশালী স্থিতি গ্রহণ কৰি বিশ্ববিদ্যালয়খনক অনিশ্চয়তাৰ গৰাহৰ পৰা উত্তৰণৰ দিশে নিবলৈ সক্ষম হয়। তেওঁ বিশ্ববিদ্যালয়খনৰ বিধিসমূহ প্ৰস্তুত কৰা আৰু অনুমোদন কৰোৱাৰ ফলত প্রতিষ্ঠানটোৱে প্রকৃত শৈক্ষিক আৰু প্রশাসনিক কার্যসমূহ নিয়মৰ মাজেৰে সঠিকভাৱে সম্পাদন কৰিবলৈ সক্ষম হৈছে। উপাচার্য ৰাজকোঁৱৰৰ কাৰ্যকালতে বিশ্ববিদ্যালয়খনে প্রথমবাৰৰ বাবে (NAAC)ৰ স্বীকৃতি লাভ কৰে। 


বিশ্ববিদ্যালয়খনত ভাৰতীয় জ্ঞান ব্যৱস্থাৰ অধীনত বিহু পাঠ্যক্ৰম আৰম্ভ কৰিছে। ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত ছাত্ৰীসকলৰ নিযুক্তিৰ সম্ভাৱনা বৃদ্ধিৰ বাবে স্পেনিছ ভাষাৰ পাঠ্যক্ৰম আৰু জাপানীজ ভাষাৰ পাঠ্যক্ৰমো আৰম্ভ কৰা হৈছে। জানিব পৰা মতে, বিশ্ববিদ্যালয়খনত ইতিমধ্যে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পেছাদাৰী সংস্থাৰ লগত ২১টা বুজাবুজি চুক্তিৰ জৰিয়তে কাৰ্যসূচী চলাই নিয়া হৈছে। আনহাতে, বিশ্ববিদ্যলয়খনে Gender Sensitizationক আনুষ্ঠানিক পাঠ্যক্রম হিচাপে আৰম্ভ কৰি অন্তর্ভুক্তিমূলক শিক্ষাৰ দিশত পদক্ষেপ গ্রহণ কৰিছে। শিক্ষাৰ দিশত আগবাঢ়ি যোৱা বিশ্ববিদ্যালয়খনৰ নতুন চৌহদে শৈক্ষিক বাতাৱৰণ সৃষ্টিতো অৰিহণা আগবঢ়াইছে। এসময়ত বন্ধ হোৱাৰ উপক্ৰম হোৱা বিশ্ববিদ্যালয়খনৰ বৰ্তমান অৱস্থাই যোৰহাট জিলাক শৈক্ষিক ক্ষেত্রত উজলাই তুলিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement