--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পিছত নৰেন্দ্ৰ কৌৰৰ আনন্দৰ সীমা নাই। তেওঁ ইয়াক জীৱনৰ আটাইতকৈ স্মৰণীয় মূহূৰ্ত বুলি অভিহিত কৰিছে।

ডিজিটেল ডেস্কঃ শিক্ষা যে কেৱল ডিগ্ৰী লাভৰ মাধ্যম নহয়, বৰঞ্চ ই এক নিৰন্তৰ সাধনা— এই কথাষাৰকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে পঞ্জাৱৰ জলন্ধৰৰ ৬১ বছৰীয়া এগৰাকী মহিলাই। 


নৰেন্দ্ৰ কৌৰ নামৰ এইগৰাকী বৃদ্ধাই এই বয়সত দশম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কেৱল নিজৰ সপোন পূৰণ কৰাই নহয়, বৰঞ্চ সমাজৰ বাবেও এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।


পঞ্জাৱ স্কুল শিক্ষা ব'ৰ্ডৰ দ্বাৰা ঘোষিত ফলাফলত নৰেন্দ্ৰ কৌৰে সকলোকে আচৰিত কৰি দিছে। শ্বহীদ ভাই তাৰা সিং খালছা ছিনিয়ৰ ছেকেণ্ডাৰী (অ’পেন) স্কুলৰ ছাত্ৰী হিচাপে তেওঁ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁ মুঠ ৬৫০ নম্বৰৰ ভিতৰত ৫০০ নম্বৰ লাভ কৰি প্ৰায় ৭৭ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।


জলন্ধৰৰ নকোদৰ অঞ্চলৰ সৰহালী গাঁৱৰ নিবাসী নৰেন্দ্ৰ কৌৰৰ জীৱন যাত্ৰা সহজ নাছিল। তেওঁ সংবাদ মাধ্যমক জনোৱা মতে, যি সময়ত তেওঁৰ বিবাহ হৈছিল, সেই যুগত ছোৱালীৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল। পাৰিবাৰিক দায়িত্ব আৰু সামাজিক পৰিস্থিতিৰ বাবে তেওঁৰ পঢ়া-শুনা আধাতে থমকি ৰৈছিল। যদিও ইমান দিনে তেওঁ ঘৰুৱা কাম-কাজ আৰু সন্তানক ডাঙৰ-দীঘল কৰাতে ব্যস্ত আছিল, কিন্তু তেওঁৰ মনৰ কোণত সদায় শিক্ষাৰ প্ৰতি এক দুৰ্বাৰ হেঁপাহ আছিল।


নৰেন্দ্ৰ কৌৰৰ দুগৰাকী পুত্ৰ বৰ্তমান বিদেশত থিতাপি লৈছে। এজন আমেৰিকাত আৰু আনজন কানাডাত থাকে। তেওঁ ইতিমধ্যে দুজন নাতিৰ আইতাক। পৰিয়ালৰ দায়িত্ববোৰ কিছু লাঘব হোৱাৰ পিছত তেওঁ পুনৰ কলম তুলি লোৱাৰ সিদ্ধান্ত লয়। তেওঁ কয়, "মোৰ পৰিয়ালে মোক এই ক্ষেত্ৰত যথেষ্ট উৎসাহিত কৰিছিল। তেওঁলোকৰ সমৰ্থন অবিহনে এই বয়সত পুনৰ কিতাপৰ মাজলৈ উভতি যোৱাটো সহজ নাছিল।"


পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পিছত নৰেন্দ্ৰ কৌৰৰ আনন্দৰ সীমা নাই। তেওঁ ইয়াক জীৱনৰ আটাইতকৈ স্মৰণীয় মূহূৰ্ত বুলি অভিহিত কৰিছে। কিন্তু তেওঁৰ এই যাত্ৰা ইমানতে শেষ হোৱা নাই। তেওঁ জানিবলৈ দিছে যে এতিয়া তেওঁ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে সাজু হ’ব আৰু তাৰ পিছত স্নাতক ডিগ্ৰীও লাভ কৰিব।


নৰেন্দ্ৰ কৌৰৰ এই সাফল্যই সেইসকল লোকৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে, যিসকলে বয়স বা পাৰিপাৰ্শ্বিকতাক নিজৰ সপোনৰ হেঙাৰ বুলি জ্ঞান কৰে। তেওঁ প্ৰমাণ কৰিলে যে শিকাৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে; কেৱল লাগে এক অদম্য ইচ্ছা আৰু দৃঢ় সংকল্প।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ