--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পিছত নৰেন্দ্ৰ কৌৰৰ আনন্দৰ সীমা নাই। তেওঁ ইয়াক জীৱনৰ আটাইতকৈ স্মৰণীয় মূহূৰ্ত বুলি অভিহিত কৰিছে।

ডিজিটেল ডেস্কঃ শিক্ষা যে কেৱল ডিগ্ৰী লাভৰ মাধ্যম নহয়, বৰঞ্চ ই এক নিৰন্তৰ সাধনা— এই কথাষাৰকে পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে পঞ্জাৱৰ জলন্ধৰৰ ৬১ বছৰীয়া এগৰাকী মহিলাই। 


নৰেন্দ্ৰ কৌৰ নামৰ এইগৰাকী বৃদ্ধাই এই বয়সত দশম শ্ৰেণীৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কেৱল নিজৰ সপোন পূৰণ কৰাই নহয়, বৰঞ্চ সমাজৰ বাবেও এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।


পঞ্জাৱ স্কুল শিক্ষা ব'ৰ্ডৰ দ্বাৰা ঘোষিত ফলাফলত নৰেন্দ্ৰ কৌৰে সকলোকে আচৰিত কৰি দিছে। শ্বহীদ ভাই তাৰা সিং খালছা ছিনিয়ৰ ছেকেণ্ডাৰী (অ’পেন) স্কুলৰ ছাত্ৰী হিচাপে তেওঁ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেওঁ মুঠ ৬৫০ নম্বৰৰ ভিতৰত ৫০০ নম্বৰ লাভ কৰি প্ৰায় ৭৭ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে।


জলন্ধৰৰ নকোদৰ অঞ্চলৰ সৰহালী গাঁৱৰ নিবাসী নৰেন্দ্ৰ কৌৰৰ জীৱন যাত্ৰা সহজ নাছিল। তেওঁ সংবাদ মাধ্যমক জনোৱা মতে, যি সময়ত তেওঁৰ বিবাহ হৈছিল, সেই যুগত ছোৱালীৰ শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হোৱা নাছিল। পাৰিবাৰিক দায়িত্ব আৰু সামাজিক পৰিস্থিতিৰ বাবে তেওঁৰ পঢ়া-শুনা আধাতে থমকি ৰৈছিল। যদিও ইমান দিনে তেওঁ ঘৰুৱা কাম-কাজ আৰু সন্তানক ডাঙৰ-দীঘল কৰাতে ব্যস্ত আছিল, কিন্তু তেওঁৰ মনৰ কোণত সদায় শিক্ষাৰ প্ৰতি এক দুৰ্বাৰ হেঁপাহ আছিল।


নৰেন্দ্ৰ কৌৰৰ দুগৰাকী পুত্ৰ বৰ্তমান বিদেশত থিতাপি লৈছে। এজন আমেৰিকাত আৰু আনজন কানাডাত থাকে। তেওঁ ইতিমধ্যে দুজন নাতিৰ আইতাক। পৰিয়ালৰ দায়িত্ববোৰ কিছু লাঘব হোৱাৰ পিছত তেওঁ পুনৰ কলম তুলি লোৱাৰ সিদ্ধান্ত লয়। তেওঁ কয়, "মোৰ পৰিয়ালে মোক এই ক্ষেত্ৰত যথেষ্ট উৎসাহিত কৰিছিল। তেওঁলোকৰ সমৰ্থন অবিহনে এই বয়সত পুনৰ কিতাপৰ মাজলৈ উভতি যোৱাটো সহজ নাছিল।"


পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পিছত নৰেন্দ্ৰ কৌৰৰ আনন্দৰ সীমা নাই। তেওঁ ইয়াক জীৱনৰ আটাইতকৈ স্মৰণীয় মূহূৰ্ত বুলি অভিহিত কৰিছে। কিন্তু তেওঁৰ এই যাত্ৰা ইমানতে শেষ হোৱা নাই। তেওঁ জানিবলৈ দিছে যে এতিয়া তেওঁ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে সাজু হ’ব আৰু তাৰ পিছত স্নাতক ডিগ্ৰীও লাভ কৰিব।


নৰেন্দ্ৰ কৌৰৰ এই সাফল্যই সেইসকল লোকৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে, যিসকলে বয়স বা পাৰিপাৰ্শ্বিকতাক নিজৰ সপোনৰ হেঙাৰ বুলি জ্ঞান কৰে। তেওঁ প্ৰমাণ কৰিলে যে শিকাৰ কোনো নিৰ্দিষ্ট বয়স নাথাকে; কেৱল লাগে এক অদম্য ইচ্ছা আৰু দৃঢ় সংকল্প।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু