--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইতিমধ্যে বিহাৰ, পশ্চিম বংগ, তামিলনাডু, কেৰালা, পুডুচেৰী, উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্য প্রদেশ, গুজৰাট, ছট্টিশগড়, গোৱা, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপত এছ আই আৰ কৰা হ'ল।

ডিজিটেল ডেস্ক: ভাৰতৰ নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে ১৬ খন ৰাজ্য আৰু তিনিখন কেন্দ্রীয়শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধন (এছ আই আৰ)-ৰ তৃতীয় পৰ্যায়ৰ কথা ঘোষণা কৰে। মুঠ ৩৬.৭৩ কোটি ভোটাৰ থকা এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত ৩০ মে'ৰ পৰা এছ আই আৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। 


এছ আই আৰ চলাব লগীয়া ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ হৈছে- দিল্লী, ওড়িশা, মিজোৰাম, ছিকিম, মণিপুৰ, উত্তৰাখণ্ড, অন্ধ্র প্রদেশ, অৰুণাচল প্রদেশ, হাৰিয়ানা, চণ্ডীগড়, তেলেংগানা, পঞ্জাব, কর্ণাটক, মেঘালয়, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, নগালেণ্ড, ত্ৰিপুৰা, দাদৰ-নগৰ হাভেলী আৰু দমন-ডিউ। এছ আই আৰ অনুশীলন চলিবলগীয়া বিৰোধীশাসিত ৰাজ্যকেইখন হৈছে- পঞ্জাব, ঝাৰখণ্ড, কৰ্ণাটক আৰু তেলেংগানা। 


ভোটাৰ তালিকা সংশোধনৰ এই প্ৰক্ৰিয়াত ৩.৯৪ লাখতকৈ অধিক ভোট গ্রহণ কেন্দ্ৰ পৰ্যায়ৰ বিষয়াই (বি এল অ') ৩৬.৭৩ কোটি ভোটাৰৰ ঘৰে ঘৰে যাব। তেওঁলোকক সহায় কৰিব ৩.৪২ লাখ ভোট গ্রহণ কেন্দ্র পৰ্যায়ৰ এজেণ্টে (বি এল এ)। এটা বিবৃতিত নির্বাচন আয়োগে কয় যে বৰফাবৃত অঞ্চলৰ বতৰৰ অৱস্থালৈ লক্ষ্য কৰি হিমাচল প্রদেশ, জম্মু-কাশ্মীৰ আৰু লাডাখৰ বাবে এছ আই আৰৰ সময়সূচী পাছত প্রকাশ কৰা হ'ব। 


উল্লেখযোগ্য যে এছ আই আৰৰ তৃতীয় পর্যায় সমাপ্ত হ'লেই হিমাচল প্রদেশ, জম্মু-কাশ্মীৰ আৰু লাডাখৰ বাহিৰে সমগ্ৰ দেশতে এছ আই আৰ সম্পূর্ণ হ'ব। ১৬ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ চূড়ান্ত ভোটাৰ তালিকা বছৰটোৰ বিভিন্ন সময়ত প্রকাশ পাব। ৬ ছেপ্টেম্বৰত ওড়িশা, ছিকিম, মিজোৰাম আৰু মণিপুৰৰ ভোটাৰ তালিকা প্রকাশেৰে আৰম্ভ হ'ব আৰু শেষ হ'ব ২৩ ডিচেম্বৰত ত্ৰিপুৰাৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশেৰে। দিল্লী, কর্ণাটক, মেঘালয়, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ পাব ৭অক্টোবৰত। 


উল্লেখযোগ্য যে ইতিমধ্যে বিহাৰ, পশ্চিম বংগ, তামিলনাডু, কেৰালা, পুডুচেৰী, উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্য প্রদেশ, গুজৰাট, ছট্টিশগড়, গোৱা, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপত এছ আই আৰ কৰা হ'ল। অসমত কৰা হ'ল এক বিশেষ সংশোধন (স্পেচিয়েল ৰিভিজন)।

উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ