--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৩২ কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন জনাইছে। এই সংগ্রহালয়টো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্থাপন কৰা হ'ব।

ডিজিটেল ডেস্ক: সংগীতসূর্য ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা ৮ ছেপ্টেম্বৰত নতুন দিল্লীত বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব। 


কেবিনেট বৈঠকৰ পাছতেই এই কথা প্রকাশ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ কয়, 'সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী সমাৰোহৰ সামৰণি অনুষ্ঠান আৰু সংগ্ৰহালয় স্থাপনৰ সন্দৰ্ভত কেবিনেটত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে। সেই অনুসৰি ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী সমাৰোহৰ সামৰণি অনুষ্ঠান ৮ ছেপ্টেম্বৰত নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত অনুষ্ঠিত কৰা হ'ব। 


বৰ্ষজোৰা জন্ম শতবার্ষিকী অনুষ্ঠান সেইদিনাই সমাপ্ত হ'ব। একেদৰে ৩২ কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন জনাইছে। এই সংগ্রহালয়টো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্থাপন কৰা হ'ব, য'ত হাজৰিকাৰ সৈতে জড়িত হৈ থকা বিভিন্ন সম্পদৰাজি সংৰক্ষণ কৰা হ'ব। এই সংগ্ৰহালয়টো স্থাপনৰ বাবে ১৩ কোটি টকা নর্থ-ইষ্ট কাউঞ্চিলে দিব আৰু ২০ কোটি টকা অসম চৰকাৰে ব্যয় কৰিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ