--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জানাই ভোছলেয়ে কয় যে আইতাকৰ জীৱনটো কেৱল সফলতাৰে ভৰা নহয়, ই আছিল অদম্য সাহস আৰু সংগ্ৰামৰ এক নিদৰ্শন। আশা জীয়ে তেওঁক শিকাইছে যে ব্যক্তিগত জীৱনত যিমানেই ধুমুহা নাহক কিয়, এজন শিল্পীৰ বাবে তেওঁৰ কৰ্মই হ’ল প্ৰথম প্ৰাধান্য।

ডিজিটেল ডেস্কঃ সুৰৰ সম্ৰাজ্ঞী আশা ভোছলেৰ নাতিনী জানাই ভোছলে বৰ্তমান তেওঁৰ আগন্তুক চলচ্চিত্ৰ যাত্ৰাক লৈ চৰ্চাত আছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত জানাইয়ে তেওঁৰ আইতাকৰ পৰা লাভ কৰা এক অমূল্য জীৱন-দৰ্শনৰ কথা ৰাইজৰ আগত দাঙি ধৰে। 


জনাইৰ মতে, আশা ভোছলেৰ এটা মূল মন্ত্ৰই তেওঁৰ জীৱনৰ দৃষ্টিভংগী সলনি কৰি দিছে— আৰু সেইটো হ’ল: "যিয়েই নহওক কিয়, জীৱন আগুৱাই যাবই লাগিব" (Life must go on)।


জানাই ভোছলেয়ে কয় যে আইতাকৰ জীৱনটো কেৱল সফলতাৰে ভৰা নহয়, ই আছিল অদম্য সাহস আৰু সংগ্ৰামৰ এক নিদৰ্শন। আশা জীয়ে তেওঁক শিকাইছে যে ব্যক্তিগত জীৱনত যিমানেই ধুমুহা নাহক কিয়, এজন শিল্পীৰ বাবে তেওঁৰ কৰ্মই হ’ল প্ৰথম প্ৰাধান্য। জানাইয়ে উল্লেখ কৰে যে বহু কঠিন সময়তো আশা ভোছলেয়ে নিজৰ পেছাদাৰী দায়িত্বৰ পৰা আঁতৰি অহা নাছিল।



এক সাক্ষাৎকাৰটোত জানাইয়ে আইতাকৰ কৰ্মস্পৃহাৰ প্ৰশংসা কৰি কয়: "আইতাই সদায় বিশ্বাস কৰে যে সময় কাৰো বাবে ৰৈ নাথাকে। তেওঁ মোক শিকাইছে যে যেতিয়া আমি কামৰ মাজত থাকো, তেতিয়া আমি আমাৰ দুখ-বেদনা পাহৰি যাব লাগে। তেওঁৰ সেই অনুশাসনেই আজি তেওঁক এই পৰ্যায়ত উপনীত কৰাইছে।"


ৰূপালী পৰ্দাত জনাইৰ অভিষেক


সংগীতৰ পৰিৱেশত ডাঙৰ-দীঘল হ’লেও জনাইয়ে অভিনয়ৰ জৰিয়তে নিজৰ পৰিচয় গঢ়িবলৈ আগবাঢ়িছে। পৰিচালক সন্দীপ সিঙৰ ৱেব ছিৰিজ 'দ্য প্ৰাইড অৱ ভাৰত: ছত্ৰপতি শিৱাজী মহাৰাজ'ত তেওঁক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। এই ঐতিহাসিক ছবিত তেওঁ শিৱাজী মহাৰাজৰ পত্নী ৰাণী চৈয়াবাইৰ ভূমিকা পালন কৰিব।


আইতাকৰ আশীৰ্বাদ আৰু শিকনি বুকুত বান্ধি জনাইয়ে এতিয়া বলিউডত নিজৰ খোজ পেলাবলৈ সাজু হৈছে। তেওঁ আশাবাদী যে আইতাকে শিকোৱা "সদায় আগবাঢ়ি যোৱা"ৰ মন্ত্ৰটোৱে তেওঁক কেৰিয়াৰৰ প্ৰত্যেকটো খোজতে সহায় কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ