--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইতিমধ্যে বিটিচিৰ অধীনত থকা মানাহ বিধানসভা সমষ্টিৰ ৰাইজৰ হেঁচাত চাকৰি এৰি বিপিএফৰ পৰা নিৰ্বাচনী যুঁজত নামিবলৈ প্ৰস্তুতি চলাইছে ডাঃ নৱজিৎ বৰ্মন নামৰ এগৰাকী চিকিৎসকে। The people's demands!

ডিজিটেল ডেস্ক: গোৱালপাৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ জ্ঞানশ্ৰী বৰাৰ চাকৰিৰ পৰা পদত্যাগ কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব ওলোৱাৰ খবৰৰ মাজতে এইবাৰ কোকৰাঝাৰ মেডিকেল কলেজত কৰ্মৰত এগৰাকী চিকিৎসকে চাকৰি এৰি ৰাজনীতিলৈ মন মেলিছে। 


ইতিমধ্যে বিটিচিৰ অধীনত থকা মানাহ বিধানসভা সমষ্টিৰ ৰাইজৰ হেঁচাত চাকৰি এৰি বিপিএফৰ পৰা নিৰ্বাচনী যুঁজত নামিবলৈ প্ৰস্তুতি চলাইছে ডাঃ নৱজিৎ বৰ্মন নামৰ এগৰাকী চিকিৎসকে। 


নৱগঠিত মানাহ বিধানসভা সমষ্টিত বিপিএফৰ টিকট প্ৰত্যাশী ডাঃ নৱজিৎ বৰ্মনে দুই এদিনতে চাকৰিৰ পৰা পদত্যাগ কৰিব বুলি ইতিমধ্যে সদৰী কৰিছে। 


ৰাইজৰ হেচাত চাকৰি এৰি নিৰ্বাচনী যুঁজত নামিবলৈ ওলোৱা ডাঃ নৱজিৎ বৰ্মনৰ এই ৰাজনৈতিক তৎপৰতাই এফালে বিজেপি-বিপিএফৰ মিত্ৰতাৰ জটিল অংকৰ সৃষ্টি কৰাৰ লগতে মানাহৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা ভৱানীপুৰৰ বৰ্তমানৰ বিধায়ক ফনীধৰ তালুকদাৰৰ সন্মুখতো সৃষ্টি কৰিছে নিমিলা অংক । 


এনে পৰিস্থিতিত মানাহ বিধানসভা সমষ্টিৰ ৰাজনৈতিক দৃশ্যপটেই সলনি হোৱাৰ উপক্ৰম হৈছে। ইপিনে বিজেপিৰ জয়ৰ তালিকাত থকা সমষ্টিসমূহৰ ভিতৰত মানাহ বিধানসভা সমষ্টি অন্যতম । 


সমষ্টিটোত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে বিজেপিৰ প্ৰাৰ্থী হিচাপে ইতিমধ্যে দিনে নিশাই সাংগঠনিক কাম কাজত ব্যস্ত হৈ আছে। পিছে বিধায়ক ফণীধৰ তালুকদাৰৰ চকুত টোপনি হৰিবলৈ এইবাৰ মানাহ সমষ্টিত বিপিএফৰ টিকট প্ৰত্যাশী ডাঃ নৱজিৎ বৰ্মনে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। 


কোকৰাঝাৰ মেডিকেল কলেজ হস্পিটালৰ কৃতি চিকিৎসক তথা সাধাৰণ ৰাইজৰ সুখে দুখে থকা চিকিৎসকগৰাকীক বিধানসভালৈ নিৰ্বাচিত কৰি সমষ্টিটোৰ উন্নয়নৰ সপোন দেখিছে সাধাৰণ ভোটাৰে । 


সেই লক্ষ্যৰে মানাহ সমষ্টিৰ কেবাখনো গাঁওৰ ৰাইজ একত্ৰিত হৈ ডাঃ নৱজিৎ বৰ্মনক টিকট প্ৰদান কৰিবলৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক জনালে ৰাজহুৱা আহ্বান। 


বৃহস্পতিবাৰে হাউলীৰ স্মৃতিৰেখা ধাবা সভাকক্ষত মানাহৰ বিভিন্ন প্ৰান্তৰ ৫ শতাধিক লোক সমবেত হৈ ডাঃ নৱজিৎ বৰ্মনৰ প্ৰাৰ্থিত্বৰ দাবীত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক সাক্ষাৎ কৰাৰো সিদ্ধান্ত ৰাইজৰ । 

ডাঃ নৱজিৎ বৰ্মনৰো আশা- অতিকে পিচপৰা সমষ্টিটোৰ উন্নয়নৰ বাবে এগৰাকী স্থানীয় প্ৰাৰ্থী হিচাপে সমষ্টিটোৰ সমস্যাসমূহ সমাধানত তেওঁ কাম কৰাৰ সুযোগ পাব। 


বিজেপি বিপিএফৰ মিত্ৰতাৰ মাজতে ডাঃ নৱজিৎ বৰ্মনে মানাহ বিধানসভা সমষ্টিত আৰম্ভ কৰা তৎপৰতা আৰু এইক্ষেত্ৰত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ কৌশলী স্থিতি আৰু সমৰ্থনে বিজেপিৰ বাবে মানাহৰ ৰাজনীতি জটিল কৰি তুলিব নেকি সেই ইংগিতেই স্পষ্ট কৰা যেন অনুমান হৈছে । 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ