--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইতিমধ্যে বিটিচিৰ অধীনত থকা মানাহ বিধানসভা সমষ্টিৰ ৰাইজৰ হেঁচাত চাকৰি এৰি বিপিএফৰ পৰা নিৰ্বাচনী যুঁজত নামিবলৈ প্ৰস্তুতি চলাইছে ডাঃ নৱজিৎ বৰ্মন নামৰ এগৰাকী চিকিৎসকে। The people's demands!

ডিজিটেল ডেস্ক: গোৱালপাৰা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ জ্ঞানশ্ৰী বৰাৰ চাকৰিৰ পৰা পদত্যাগ কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব ওলোৱাৰ খবৰৰ মাজতে এইবাৰ কোকৰাঝাৰ মেডিকেল কলেজত কৰ্মৰত এগৰাকী চিকিৎসকে চাকৰি এৰি ৰাজনীতিলৈ মন মেলিছে। 


ইতিমধ্যে বিটিচিৰ অধীনত থকা মানাহ বিধানসভা সমষ্টিৰ ৰাইজৰ হেঁচাত চাকৰি এৰি বিপিএফৰ পৰা নিৰ্বাচনী যুঁজত নামিবলৈ প্ৰস্তুতি চলাইছে ডাঃ নৱজিৎ বৰ্মন নামৰ এগৰাকী চিকিৎসকে। 


নৱগঠিত মানাহ বিধানসভা সমষ্টিত বিপিএফৰ টিকট প্ৰত্যাশী ডাঃ নৱজিৎ বৰ্মনে দুই এদিনতে চাকৰিৰ পৰা পদত্যাগ কৰিব বুলি ইতিমধ্যে সদৰী কৰিছে। 


ৰাইজৰ হেচাত চাকৰি এৰি নিৰ্বাচনী যুঁজত নামিবলৈ ওলোৱা ডাঃ নৱজিৎ বৰ্মনৰ এই ৰাজনৈতিক তৎপৰতাই এফালে বিজেপি-বিপিএফৰ মিত্ৰতাৰ জটিল অংকৰ সৃষ্টি কৰাৰ লগতে মানাহৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা ভৱানীপুৰৰ বৰ্তমানৰ বিধায়ক ফনীধৰ তালুকদাৰৰ সন্মুখতো সৃষ্টি কৰিছে নিমিলা অংক । 


এনে পৰিস্থিতিত মানাহ বিধানসভা সমষ্টিৰ ৰাজনৈতিক দৃশ্যপটেই সলনি হোৱাৰ উপক্ৰম হৈছে। ইপিনে বিজেপিৰ জয়ৰ তালিকাত থকা সমষ্টিসমূহৰ ভিতৰত মানাহ বিধানসভা সমষ্টি অন্যতম । 


সমষ্টিটোত ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে বিজেপিৰ প্ৰাৰ্থী হিচাপে ইতিমধ্যে দিনে নিশাই সাংগঠনিক কাম কাজত ব্যস্ত হৈ আছে। পিছে বিধায়ক ফণীধৰ তালুকদাৰৰ চকুত টোপনি হৰিবলৈ এইবাৰ মানাহ সমষ্টিত বিপিএফৰ টিকট প্ৰত্যাশী ডাঃ নৱজিৎ বৰ্মনে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। 


কোকৰাঝাৰ মেডিকেল কলেজ হস্পিটালৰ কৃতি চিকিৎসক তথা সাধাৰণ ৰাইজৰ সুখে দুখে থকা চিকিৎসকগৰাকীক বিধানসভালৈ নিৰ্বাচিত কৰি সমষ্টিটোৰ উন্নয়নৰ সপোন দেখিছে সাধাৰণ ভোটাৰে । 


সেই লক্ষ্যৰে মানাহ সমষ্টিৰ কেবাখনো গাঁওৰ ৰাইজ একত্ৰিত হৈ ডাঃ নৱজিৎ বৰ্মনক টিকট প্ৰদান কৰিবলৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক জনালে ৰাজহুৱা আহ্বান। 


বৃহস্পতিবাৰে হাউলীৰ স্মৃতিৰেখা ধাবা সভাকক্ষত মানাহৰ বিভিন্ন প্ৰান্তৰ ৫ শতাধিক লোক সমবেত হৈ ডাঃ নৱজিৎ বৰ্মনৰ প্ৰাৰ্থিত্বৰ দাবীত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীক সাক্ষাৎ কৰাৰো সিদ্ধান্ত ৰাইজৰ । 

ডাঃ নৱজিৎ বৰ্মনৰো আশা- অতিকে পিচপৰা সমষ্টিটোৰ উন্নয়নৰ বাবে এগৰাকী স্থানীয় প্ৰাৰ্থী হিচাপে সমষ্টিটোৰ সমস্যাসমূহ সমাধানত তেওঁ কাম কৰাৰ সুযোগ পাব। 


বিজেপি বিপিএফৰ মিত্ৰতাৰ মাজতে ডাঃ নৱজিৎ বৰ্মনে মানাহ বিধানসভা সমষ্টিত আৰম্ভ কৰা তৎপৰতা আৰু এইক্ষেত্ৰত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ কৌশলী স্থিতি আৰু সমৰ্থনে বিজেপিৰ বাবে মানাহৰ ৰাজনীতি জটিল কৰি তুলিব নেকি সেই ইংগিতেই স্পষ্ট কৰা যেন অনুমান হৈছে । 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু