--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশীয়ভাৱে নির্মিত এ আই প্রযুক্তি ব্যৱহাৰ কৰি ভাৰতে শেহতীয়াকৈ যুদ্ধক্ষেত্রত গুৰুত্বপূর্ণ সফলতা লাভ কৰে আৰু শত্রু ৰাষ্ট্রৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্ক : ভাৰতৰ সামৰিক অভিযানত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে থলুৱাভাৱে নির্মিত কৃত্রিম বুদ্ধিমত্তাই (এ আই)। এ আইৰ বিকাশত ভাৰতেও বিশ্বৰ উন্নত দেশবোৰৰ লগত সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে। ভাৰতে যোৱা কেই বছৰমানত এ আইব ক্ষেত্রখনত 'আত্মনির্ভৰশীল' হোৱাৰ প্রচেষ্টা চলাই আহিছে আৰু 'যুদ্ধভূমি'ত সেই আত্মনির্ভৰশীলতা প্রদর্শন কৰিবলৈ সক্ষম হৈছে। 


দেশীয়ভাৱে নির্মিত এ আই প্রযুক্তি ব্যৱহাৰ কৰি ভাৰতে শেহতীয়াকৈ যুদ্ধক্ষেত্রত গুৰুত্বপূর্ণ সফলতা লাভ কৰে আৰু শত্রু ৰাষ্ট্রৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ছুইজাৰলেণ্ডৰ ডাভোজত অনুষ্ঠিত ৱর্ল্ড ইকনমিক ফ'ৰামৰ বৈঠকত ভাগ লৈ সংবাদ মাধ্যমৰে বাৰ্তালাপত কেন্দ্রীয় তথ্য আৰু প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে এই কথা প্রকাশ কৰে। তেওঁ 'অপাৰেশ্যন সেন্দূৰ'ৰ নাম নোলোৱাকৈয়ে পাকিস্তানৰে ভাৰতৰ শেহতীয়া যুদ্ধত যে থলুৱাভাৱে নির্মিত এ আইৰ ভূমিকা আছিল অপৰিসীম সেয়া আওপকীয়াকৈ স্পষ্ট কৰি দিয়ে। তেওঁ উল্লেখ কবে যে ভাৰতে অতি জটিল তথা শক্তিশালী আৰু অতি বৃহৎ এ আই মডেলতকৈ সম্প্রতি ক্ষুদ্র, অতি বিশেষ আৰু সমাধান-সূত্র বাহিৰ কৰিব পৰা এ আই মডেলৰ নির্মাণত বিশেষ গুৰুত্ব দিছে। যিয়েই বিশ্বই বিচৰা ৯৫ শতাংশ প্রত্যাশাই পূৰাব পাবে। কেন্দ্রীয় চৰকাৰে স্থাপন কৰা ১২টা ষ্টাৰ্টআপ আৰু এখন আই আই টিয়ে এই অত্যাধুনিক এ আই মডেল নির্মাণত সহযোগিতা কৰিছে।

 


ভাৰতৰ প্রতিৰক্ষা ব্যৱস্থাক অন্য এক গতি প্রদান কৰিছে ক্ষুদ্র আৰু অতি বিশেষ এ আই মডেলসমূহে। কেন্দ্রীয় মন্ত্রীজনে কয় যে সাধাৰণ পর্যায়ৰ এ আইসমূহ পণ্যত পৰিণত হৈ পৰে। কিন্তু প্রতিৰক্ষা, নিৰাপত্তা, সৰবৰাহ আৰু কৌশলগত আঁচনি গ্রহণৰ ক্ষেত্ৰত বিশেষ এ আই মডেলসমূহৰ ভূমিকা গুৰুত্বপূর্ণ। মন্ত্রীগৰাকীৰ মন্তব্যই থলুৱাভাৱে নির্মিত এ আইৰ ক্ষেত্ৰখনত ভাৰতৰ উত্থানৰ ছবিখন পৰিস্ফুট কৰি তোলাৰ লগতে ভাৰতৰ সামৰিক অভিযানৰ আঁচনি গ্রহণ আৰু ৰূপায়ণত যে থলুৱা এ আইৰ ভূমিকা অপৰিসীম হৈ পৰিছে সেয়া প্রতিপন্ন কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু