--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশীয়ভাৱে নির্মিত এ আই প্রযুক্তি ব্যৱহাৰ কৰি ভাৰতে শেহতীয়াকৈ যুদ্ধক্ষেত্রত গুৰুত্বপূর্ণ সফলতা লাভ কৰে আৰু শত্রু ৰাষ্ট্রৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্ক : ভাৰতৰ সামৰিক অভিযানত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে থলুৱাভাৱে নির্মিত কৃত্রিম বুদ্ধিমত্তাই (এ আই)। এ আইৰ বিকাশত ভাৰতেও বিশ্বৰ উন্নত দেশবোৰৰ লগত সমানে ফেৰ মাৰিবলৈ সক্ষম হৈছে। ভাৰতে যোৱা কেই বছৰমানত এ আইব ক্ষেত্রখনত 'আত্মনির্ভৰশীল' হোৱাৰ প্রচেষ্টা চলাই আহিছে আৰু 'যুদ্ধভূমি'ত সেই আত্মনির্ভৰশীলতা প্রদর্শন কৰিবলৈ সক্ষম হৈছে। 


দেশীয়ভাৱে নির্মিত এ আই প্রযুক্তি ব্যৱহাৰ কৰি ভাৰতে শেহতীয়াকৈ যুদ্ধক্ষেত্রত গুৰুত্বপূর্ণ সফলতা লাভ কৰে আৰু শত্রু ৰাষ্ট্রৰ শিবিৰত ত্ৰাসৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ছুইজাৰলেণ্ডৰ ডাভোজত অনুষ্ঠিত ৱর্ল্ড ইকনমিক ফ'ৰামৰ বৈঠকত ভাগ লৈ সংবাদ মাধ্যমৰে বাৰ্তালাপত কেন্দ্রীয় তথ্য আৰু প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে এই কথা প্রকাশ কৰে। তেওঁ 'অপাৰেশ্যন সেন্দূৰ'ৰ নাম নোলোৱাকৈয়ে পাকিস্তানৰে ভাৰতৰ শেহতীয়া যুদ্ধত যে থলুৱাভাৱে নির্মিত এ আইৰ ভূমিকা আছিল অপৰিসীম সেয়া আওপকীয়াকৈ স্পষ্ট কৰি দিয়ে। তেওঁ উল্লেখ কবে যে ভাৰতে অতি জটিল তথা শক্তিশালী আৰু অতি বৃহৎ এ আই মডেলতকৈ সম্প্রতি ক্ষুদ্র, অতি বিশেষ আৰু সমাধান-সূত্র বাহিৰ কৰিব পৰা এ আই মডেলৰ নির্মাণত বিশেষ গুৰুত্ব দিছে। যিয়েই বিশ্বই বিচৰা ৯৫ শতাংশ প্রত্যাশাই পূৰাব পাবে। কেন্দ্রীয় চৰকাৰে স্থাপন কৰা ১২টা ষ্টাৰ্টআপ আৰু এখন আই আই টিয়ে এই অত্যাধুনিক এ আই মডেল নির্মাণত সহযোগিতা কৰিছে।

 


ভাৰতৰ প্রতিৰক্ষা ব্যৱস্থাক অন্য এক গতি প্রদান কৰিছে ক্ষুদ্র আৰু অতি বিশেষ এ আই মডেলসমূহে। কেন্দ্রীয় মন্ত্রীজনে কয় যে সাধাৰণ পর্যায়ৰ এ আইসমূহ পণ্যত পৰিণত হৈ পৰে। কিন্তু প্রতিৰক্ষা, নিৰাপত্তা, সৰবৰাহ আৰু কৌশলগত আঁচনি গ্রহণৰ ক্ষেত্ৰত বিশেষ এ আই মডেলসমূহৰ ভূমিকা গুৰুত্বপূর্ণ। মন্ত্রীগৰাকীৰ মন্তব্যই থলুৱাভাৱে নির্মিত এ আইৰ ক্ষেত্ৰখনত ভাৰতৰ উত্থানৰ ছবিখন পৰিস্ফুট কৰি তোলাৰ লগতে ভাৰতৰ সামৰিক অভিযানৰ আঁচনি গ্রহণ আৰু ৰূপায়ণত যে থলুৱা এ আইৰ ভূমিকা অপৰিসীম হৈ পৰিছে সেয়া প্রতিপন্ন কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ