--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শুকুৰবাৰে (২৩ জানুৱাৰী, ২০২৬) বিহাৰৰ স্বাস্থ্য বিভাগে জনোৱা অনুসৰি, ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকত এই ঘোষণা কৰা হয়।

ডিজিটেল ডেস্কঃ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক বৃহৎ সফলতা অৰ্জন কৰি বিহাৰে আয়ুষ্মান ভাৰত ডিজিটেল মিছন (ABDM) ৰূপায়ণত দেশৰ ভিতৰতে প্ৰথম স্থান দখল কৰিছে। ৰাজ্যখনৰ সকলো চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানত এই মিছন ফলপ্ৰসূভাৱে কাৰ্যকৰী কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত বিহাৰক এই সন্মান প্ৰদান কৰা হয়।


শুকুৰবাৰে (২৩ জানুৱাৰী, ২০২৬) বিহাৰৰ স্বাস্থ্য বিভাগে জনোৱা অনুসৰি, ওড়িশাৰ ৰাজধানী ভুৱনেশ্বৰত অনুষ্ঠিত এক ৰাষ্ট্ৰীয় পৰ্যালোচনা বৈঠকত এই ঘোষণা কৰা হয়।


মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী আঁচনি 'ভব্য' (BHAVYA): বিহাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে যে ২০২৩ চনৰ নৱেম্বৰ মাহত ৰাজ্যখনত 'মুখ্যমন্ত্ৰী ডিজিটেল স্বাস্থ্য যোজনা'ৰ অধীনত 'ভব্য' (Bihar Health Application Visionary Yielding All - BHAVYA) নামৰ এক স্বাস্থ্য ব্যৱস্থাপনা তথ্য প্ৰণালী (HMIS) আৰম্ভ কৰা হৈছিল। মুখ্যমন্ত্রী নীতিশ কুমাৰৰ নিৰ্দেশ আৰু স্বাস্থ্য মন্ত্ৰী মংগল পাণ্ডেৰ পথ নিৰ্দেশনাত প্ৰস্তুত কৰা এই আঁচনিখনে ৰাজ্যখনৰ স্বাস্থ্য খণ্ডলৈ আমূল পৰিৱৰ্তন আনিছে।


প্ৰতিবেদন অনুসৰি, বৰ্তমান ৰাজ্যখনৰ ৫৯৪ খন চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানত (জিলা চিকিৎসালয়ৰ পৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈকে) 'ভব্য' প্ৰণালীটো সফলতাৰে কাৰ্যকৰী কৰা হৈছে। ইয়াৰ ফলত চৰকাৰী চিকিৎসালয়সমূহ কাগজবিহীন (Paperless) হৈ পৰিছে আৰু ৰোগীৰ তথ্য সংগ্ৰহ তথা নিৰীক্ষণ অধিক সহজ হৈছে।


বিহাৰৰ সফলতাৰ মূল দিশসমূহ:


দেশৰ ভিতৰতে প্ৰথম: আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত 'স্কেন এণ্ড শ্বেয়াৰ' (Scan and Share) ব্যৱস্থাত বিহাৰে এতিয়ালৈকে ৫.২১ কোটি টোকেন সৃষ্টি কৰি দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে।


আভা (ABHA) কাৰ্ড: ৰাজ্যখনত এতিয়ালৈকে ৬.৮০ কোটি আভা পৰিচয় পত্ৰ (ABHA ID Card) প্ৰস্তুত কৰা হৈছে।


ইলেক্ট্ৰনিক হেল্থ ৰেকৰ্ড (EHR): ইলেক্ট্ৰনিক হেল্থ ৰেকৰ্ড প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বিহাৰে দেশৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিছে।


উদ্ভাৱনী বঁটা: 'ভব্য' প্ৰকল্পৰ সফল ৰূপায়ণৰ বাবে ৰাজ্যখনক ইতিপূৰ্বে 'গ্ল'বেল ডিজিটেল হেল্থ ছামিট ২০২৪'ত উদ্ভাৱনী বঁটাৰে সন্মানিত কৰা হৈছিল।


আৰ্থিক ইনচেণ্টিভ: ডিজিটেল স্বাস্থ্য উদগনি আঁচনিৰ (DHIS) অধীনত বিহাৰৰ ৭,৮৩৫ খন চৰকাৰী চিকিৎসালয়ে পঞ্জীয়ন কৰি ৩৭.৬০ কোটি টকাৰ উদগনি ধন লাভ কৰিছে, যিটো সমগ্ৰ দেশৰ ভিতৰতে সৰ্বাধিক।


স্বাস্থ্য বিভাগৰ মতে, জিলাৰ পৰা ব্লক পৰ্যায়লৈকে কৰা নিৰন্তৰ নিৰীক্ষণ আৰু চৰকাৰৰ দৃঢ় পদক্ষেপৰ বাবেই বিহাৰে আজি এই গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু