--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মধ্য প্রাচ্যত থকা আমেৰিকাৰ সর্ববৃহৎ সামৰিক ঘাটিটোত ইৰানে দহটা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে

ডিজিটেল ডেস্ক : কাটাৰত থকা আমেৰিকাৰ আল-উদীদ বায়ুসেনাৰ ঘাটিত ইৰানে সোমবাৰে ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। আমেৰিকাই তিনিটা পাৰমাণৱিক প্রকল্পত কৰা আক্ৰমণৰ প্রত্যুত্তৰত ইৰানে সোমবাৰে সামৰিক ঘাটিটোত আক্রমণ কৰে।

মধ্য প্রাচ্যত থকা আমেৰিকাৰ সর্ববৃহৎ সামৰিক ঘাটিটোত ইৰানে দহটা ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে। ইৰানে ইৰাকত থকা মার্কিন সেনাৰ ঘাটিটো ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে।

ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছতে আল-উদীদ বায়ুসেনাৰ ঘাটিৰ ওপৰত জুইৰ শিখা দেখিবলৈ পোৱা গৈছিল। কাটাৰৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কয় যে দেশখনে ইৰানৰ ক্ষেপণাস্ত্র আকাশতে ধ্বংস কৰে আৰু এই আক্রমণত কোনো লোক হতাহত হোৱা নাই।

আক্ৰমণৰ পাছতে কুৱেটে আকাশমার্গ কিছু সময়ৰ পাছতে বন্ধ কৰি দিয়ে। ইফালে ছৌদি আৰব আৰু সংযুক্ত আৰব এমিৰেটকে ধৰি মধ্য প্রাচ্যত আমেৰিকাৰ সামৰিক ঘাটি থকা ৯খন দেশত ছাইবেনৰ শব্দ শুনা গৈছে বুলি একাংশ সংবাদ মাধ্যমে দাবী কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক