--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁ এইবুলি সতৰ্ক কৰি দিয়ে যে মধ্য প্রাচ্যৰ পৰিস্থিতিয়ে বিশ্বলৈ বিনাশ মাতি আনিব পাৰে

ডিজিটেল ডেস্কঃ আমেৰিকাই ইৰানত কৰা আক্রমণক‌ লৈ সমগ্র বিশ্বতে মিশ্রিত প্রতিক্রিয়াৰ সৃষ্টি হৈছে।



একাংশ দেশে আমেৰিকাৰ আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ বিপৰীতে আন একাংশ দেশে আমেৰিকাক সমর্থন জনাইছে। ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এন্টনিঅ' গুটাৰেছে ইৰানত আমেৰিকাৰ সামৰিক শক্তি প্রয়োগ কৰাত গভীৰ উদ্বেগ প্রকাশ কৰিছে। তেওঁ এইবুলি সতৰ্ক কৰি দিয়ে যে মধ্য প্রাচ্যৰ পৰিস্থিতিয়ে বিশ্বলৈ বিনাশ মাতি আনিব পাৰে।


গুটাৰেছে কয় যে পৰিস্থিতি অতি বিপজ্জনক হৈ পৰিছে আৰু এই যুদ্ধ দ্রুত গতিত নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব পাৰে। ইয়াৰ অতি বেয়া প্ৰভাৱ অঞ্চলটোৰ জনসাধাৰণৰ লগতে সমগ্ৰ বিশ্বতে পৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কালি নিশা আক্ৰমণটোৰ পাছত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ পাছতে গুটাৰেছে এটা বিবৃতিত কয়- এই আক্রমণ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষাৰ বাবে প্ৰত্যক্ষ ভাবুকি।


তেওঁ কয় যে ইৰানত আমেৰিকাৰ সামৰিক অভিযানে যুদ্ধক দ্রুত গতিত নিয়ন্ত্ৰণৰ বাহিৰলৈ লৈ যাব পাৰে আৰু ইয়াৰ সাধাৰণ নাগৰিক, অঞ্চলটোৰ লগতে সমগ্ৰ বিশ্বৰ বাবে বিনাশকাৰী পৰিণাম হ'ব পাৰে। সামৰিক অভিযান কোনো সমাধান নহয় বুলি উল্লেখ কৰি গুটাৰেছে কূটনীতিৰে ইয়াক সমাধান কৰাৰ আৰু শান্তি স্থাপনৰ দিশত কাম কৰাৰ আহ্বান জনায়।



উৎসঃ দৈনিক জনমভূমি









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ