--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তেওঁ এইবুলি সতৰ্ক কৰি দিয়ে যে মধ্য প্রাচ্যৰ পৰিস্থিতিয়ে বিশ্বলৈ বিনাশ মাতি আনিব পাৰে

ডিজিটেল ডেস্কঃ আমেৰিকাই ইৰানত কৰা আক্রমণক‌ লৈ সমগ্র বিশ্বতে মিশ্রিত প্রতিক্রিয়াৰ সৃষ্টি হৈছে।



একাংশ দেশে আমেৰিকাৰ আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ বিপৰীতে আন একাংশ দেশে আমেৰিকাক সমর্থন জনাইছে। ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এন্টনিঅ' গুটাৰেছে ইৰানত আমেৰিকাৰ সামৰিক শক্তি প্রয়োগ কৰাত গভীৰ উদ্বেগ প্রকাশ কৰিছে। তেওঁ এইবুলি সতৰ্ক কৰি দিয়ে যে মধ্য প্রাচ্যৰ পৰিস্থিতিয়ে বিশ্বলৈ বিনাশ মাতি আনিব পাৰে।


গুটাৰেছে কয় যে পৰিস্থিতি অতি বিপজ্জনক হৈ পৰিছে আৰু এই যুদ্ধ দ্রুত গতিত নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব পাৰে। ইয়াৰ অতি বেয়া প্ৰভাৱ অঞ্চলটোৰ জনসাধাৰণৰ লগতে সমগ্ৰ বিশ্বতে পৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কালি নিশা আক্ৰমণটোৰ পাছত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ পাছতে গুটাৰেছে এটা বিবৃতিত কয়- এই আক্রমণ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষাৰ বাবে প্ৰত্যক্ষ ভাবুকি।


তেওঁ কয় যে ইৰানত আমেৰিকাৰ সামৰিক অভিযানে যুদ্ধক দ্রুত গতিত নিয়ন্ত্ৰণৰ বাহিৰলৈ লৈ যাব পাৰে আৰু ইয়াৰ সাধাৰণ নাগৰিক, অঞ্চলটোৰ লগতে সমগ্ৰ বিশ্বৰ বাবে বিনাশকাৰী পৰিণাম হ'ব পাৰে। সামৰিক অভিযান কোনো সমাধান নহয় বুলি উল্লেখ কৰি গুটাৰেছে কূটনীতিৰে ইয়াক সমাধান কৰাৰ আৰু শান্তি স্থাপনৰ দিশত কাম কৰাৰ আহ্বান জনায়।



উৎসঃ দৈনিক জনমভূমি









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু