--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইজৰাইলে ইৰান আক্ৰমণ কৰাৰ মূল কাৰণেই আছিল দেশখনে লুকুৱাই ৰখা অপর্যাপ্ত ইউৰেনিয়াম।

ডিজিটেল ডেস্ক : ইৰানৰ পাৰমাণৱিক প্রকল্পত থকা ৪০০ কিল'গ্রাম সমৃদ্ধ ইউৰেনিয়াম এতিয়া আমেৰিকা আৰু ইজৰাইলেই নহয়, সমগ্র বিশ্বৰ বাবে প্রধান চিন্তাৰ কাৰণ হৈ পৰিছে। ইজৰাইলে ইৰান আক্ৰমণ কৰাৰ মূল কাৰণেই আছিল দেশখনে লুকুৱাই ৰখা অপর্যাপ্ত ইউৰেনিয়াম। সেইবাবেই ইজৰাইলে যুদ্ধ আৰম্ভ হোৱাৰে পৰা ইৰানৰ পাৰমাণৱিক প্ৰকল্পত অবিৰত আক্ৰমণ চলাইছিল।


ইয়াৰ পাছত ইৰানৰ তিনিটা প্রধান পাৰমাণৱিক প্রকল্প ক্রমে ফর্দো, নটাঞ্জ আৰু ইস্ফাহানত আমেৰিকাই দেওবাৰে সাতখন বি-২ বোমাৰু বিমানেৰে ম ৩০ হাজাৰ কিল'গ্রাম পাউণ্ডৰ বাংকাৰ বাস্তাৰ বোমা পেলালে। তাৰ পাছতো ১২ দিনীয়া যুদ্ধত ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীত বিশেষ ক্ষতি কৰিব নোৱাৰিলে ইজৰাইল আৰু আমেৰিকাই। ফৰ্দোত পাহাৰৰ তলত ইৰানে ৰখা ৪০০ কিল'গ্রাম ৬০% সমৃদ্ধ ইউৰেনিয়াম আমেৰিকাৰ আক্ৰমণৰ পূৰ্বেই তাৰ পৰা আঁতৰাই পেলোৱা বুলি বিভিন্ন মাধ্যমে প্রকাশ কৰিছে। এতিয়া এই ইউৰেনিয়ামখিনি কেৱল ইজৰাইল আৰু আমেৰিকাৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে প্রধান উদ্বেগৰ কাৰণ হৈ পৰিছে। এই ইউৰেনিয়ামখিনি ৯০% সমৃদ্ধ কৰিলে দহটা পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পৰা যায়।


ইফালে, সোমবাৰে ইৰানে আমেৰিকাক প্রত্যুত্তৰ দি মধ্য প্রাচ্যত থকা দেশখনৰ তিনিটা সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্রমণ কৰে। ইয়াৰ পাছত আমেৰিকাই প্ৰত্যুত্তৰ দি ইৰানত পুনৰ আক্রমণ কৰিব পাৰে বুলি আশংকা কৰাৰ সময়তে সোমবাৰে নিশা ভাৰতীয় সময়মতে প্রায় ৩-৩০ বজাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইজৰাইল আৰু ইৰানৰ মাজত যুদ্ধ-বিৰতি হোৱা বুলি ঘোষণা কৰে। ট্রাম্পৰ এই অপ্রত্যাশিত ঘোষণাই সমগ্র বিশ্বত স্বস্তি আৰু আশ্চৰ্যৰ সৃষ্টি কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন মহলৰ মতে ট্রাম্পে যুদ্ধ-বিৰতি ঘোষণা কৰাৰ লগত এই ৪০০ কিল'গ্রাম ইউৰেনিয়ামৰ সম্পৰ্ক থাকিব পাৰে।


ইয়াৰ লগতে সোমবাৰে ইৰানৰ বৈদেশিক মন্ত্রী আব্বাছ অৰাঘাচীৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ আৰু তাৰ পাছতে ৰাছিয়াই ইৰানে বিচৰা ধৰণেৰে সহায় আগবঢ়োৱাৰ প্ৰস্তাৱ আৰু নিশা আমেৰিকাৰ ঘাটিত আক্রমণ এই সকলো মিলি আমেৰিকাক যুদ্ধৰ পৰা পিছ হোঁহকিবলৈ বাধ্য কৰোৱা বুলি বিভিন্ন মহলে দাবী কৰে। ইৰানে আমেৰিকাৰ আক্ৰমণৰ পাছতো সেও নামানি দেশখনক প্রত্যাহ্বান জনোৱা আৰু সামৰিক ঘাটিত কৰা আক্ৰমণে আমেৰিকা তথা দেশখনৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক শংকিত কৰি তোলা বুলি বিভিন্ন মহলে ধাৰণা কৰে।


বিশেষজ্ঞসকলৰ মতে, আমেৰিকাই মধ্য প্রাচ্যত থকা তেওঁলোকৰ সামৰিক ঘাটিসমূহ ইৰানৰ আক্ৰমণত কোনো ধৰণৰ ক্ষতি হোৱাটো বিচৰা নাই। আনহাতে, ছৌদি আৰব, বাহৰেইন, সংযুক্ত আৰব আমিৰাটৰ দৰে ছিয়া মুছলিম দেশবোৰে আমেৰিকাৰ আক্ৰমণত একেস্বৰে গৰিহণা দিয়ে আৰু আমেৰিকাই ইৰানৰ সাৰ্বভৌমত্ব উলংঘা কৰা বুলি কয়। ইৰানে সোমবাৰে ছিৰিয়া আৰু কাটাৰত থকা আমেৰিকাৰ ঘাটিত কৰা আক্ৰমণক পাছত এই দেশবোৰে কয় যে ইৰানৰ এই আক্ৰমণৰ প্রত্যুত্তৰ দিয়া মানে অঞ্চলটোত যুদ্ধৰ অধিক প্ৰসাৰ ঘটা, যিটো তেওঁলোকে বিচৰা নাই।


আনহাতে, ইছলামিক দেশসমূহ ইৰানৰ পক্ষে যোৱাটোৱে এই দেশবোৰত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিলেহেঁতেন। উল্লেখযোগ্য যে কাটাৰত আমেৰিকাৰ পঞ্চম সৰ্ববৃহৎ নৌ ঘাটি আছে। এই দেশকেইখনেও ইজৰাইল-ইৰান যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে আমেৰিকাক হেঁচা দিয়া বুলি অনুমান কৰা হৈছে। এটা কথা ঠিক যে ট্রাম্পে যুদ্ধ-বিৰতি ঘোষণা কৰিলে যদিও ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ এই যুদ্ধই বিশেষ ক্ষতি কৰিব নোৱাৰিলে। ইয়াৰ পৰিৱৰ্তে এই যুদ্ধই মধ্য প্রাচ্যত ইৰান তথা দেশখনৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইক হিৰ' কৰিহে তুলিলে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক