--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইজৰাইলে ইৰান আক্ৰমণ কৰাৰ মূল কাৰণেই আছিল দেশখনে লুকুৱাই ৰখা অপর্যাপ্ত ইউৰেনিয়াম।

ডিজিটেল ডেস্ক : ইৰানৰ পাৰমাণৱিক প্রকল্পত থকা ৪০০ কিল'গ্রাম সমৃদ্ধ ইউৰেনিয়াম এতিয়া আমেৰিকা আৰু ইজৰাইলেই নহয়, সমগ্র বিশ্বৰ বাবে প্রধান চিন্তাৰ কাৰণ হৈ পৰিছে। ইজৰাইলে ইৰান আক্ৰমণ কৰাৰ মূল কাৰণেই আছিল দেশখনে লুকুৱাই ৰখা অপর্যাপ্ত ইউৰেনিয়াম। সেইবাবেই ইজৰাইলে যুদ্ধ আৰম্ভ হোৱাৰে পৰা ইৰানৰ পাৰমাণৱিক প্ৰকল্পত অবিৰত আক্ৰমণ চলাইছিল।


ইয়াৰ পাছত ইৰানৰ তিনিটা প্রধান পাৰমাণৱিক প্রকল্প ক্রমে ফর্দো, নটাঞ্জ আৰু ইস্ফাহানত আমেৰিকাই দেওবাৰে সাতখন বি-২ বোমাৰু বিমানেৰে ম ৩০ হাজাৰ কিল'গ্রাম পাউণ্ডৰ বাংকাৰ বাস্তাৰ বোমা পেলালে। তাৰ পাছতো ১২ দিনীয়া যুদ্ধত ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীত বিশেষ ক্ষতি কৰিব নোৱাৰিলে ইজৰাইল আৰু আমেৰিকাই। ফৰ্দোত পাহাৰৰ তলত ইৰানে ৰখা ৪০০ কিল'গ্রাম ৬০% সমৃদ্ধ ইউৰেনিয়াম আমেৰিকাৰ আক্ৰমণৰ পূৰ্বেই তাৰ পৰা আঁতৰাই পেলোৱা বুলি বিভিন্ন মাধ্যমে প্রকাশ কৰিছে। এতিয়া এই ইউৰেনিয়ামখিনি কেৱল ইজৰাইল আৰু আমেৰিকাৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে প্রধান উদ্বেগৰ কাৰণ হৈ পৰিছে। এই ইউৰেনিয়ামখিনি ৯০% সমৃদ্ধ কৰিলে দহটা পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পৰা যায়।


ইফালে, সোমবাৰে ইৰানে আমেৰিকাক প্রত্যুত্তৰ দি মধ্য প্রাচ্যত থকা দেশখনৰ তিনিটা সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্রমণ কৰে। ইয়াৰ পাছত আমেৰিকাই প্ৰত্যুত্তৰ দি ইৰানত পুনৰ আক্রমণ কৰিব পাৰে বুলি আশংকা কৰাৰ সময়তে সোমবাৰে নিশা ভাৰতীয় সময়মতে প্রায় ৩-৩০ বজাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ইজৰাইল আৰু ইৰানৰ মাজত যুদ্ধ-বিৰতি হোৱা বুলি ঘোষণা কৰে। ট্রাম্পৰ এই অপ্রত্যাশিত ঘোষণাই সমগ্র বিশ্বত স্বস্তি আৰু আশ্চৰ্যৰ সৃষ্টি কৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন মহলৰ মতে ট্রাম্পে যুদ্ধ-বিৰতি ঘোষণা কৰাৰ লগত এই ৪০০ কিল'গ্রাম ইউৰেনিয়ামৰ সম্পৰ্ক থাকিব পাৰে।


ইয়াৰ লগতে সোমবাৰে ইৰানৰ বৈদেশিক মন্ত্রী আব্বাছ অৰাঘাচীৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ আৰু তাৰ পাছতে ৰাছিয়াই ইৰানে বিচৰা ধৰণেৰে সহায় আগবঢ়োৱাৰ প্ৰস্তাৱ আৰু নিশা আমেৰিকাৰ ঘাটিত আক্রমণ এই সকলো মিলি আমেৰিকাক যুদ্ধৰ পৰা পিছ হোঁহকিবলৈ বাধ্য কৰোৱা বুলি বিভিন্ন মহলে দাবী কৰে। ইৰানে আমেৰিকাৰ আক্ৰমণৰ পাছতো সেও নামানি দেশখনক প্রত্যাহ্বান জনোৱা আৰু সামৰিক ঘাটিত কৰা আক্ৰমণে আমেৰিকা তথা দেশখনৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক শংকিত কৰি তোলা বুলি বিভিন্ন মহলে ধাৰণা কৰে।


বিশেষজ্ঞসকলৰ মতে, আমেৰিকাই মধ্য প্রাচ্যত থকা তেওঁলোকৰ সামৰিক ঘাটিসমূহ ইৰানৰ আক্ৰমণত কোনো ধৰণৰ ক্ষতি হোৱাটো বিচৰা নাই। আনহাতে, ছৌদি আৰব, বাহৰেইন, সংযুক্ত আৰব আমিৰাটৰ দৰে ছিয়া মুছলিম দেশবোৰে আমেৰিকাৰ আক্ৰমণত একেস্বৰে গৰিহণা দিয়ে আৰু আমেৰিকাই ইৰানৰ সাৰ্বভৌমত্ব উলংঘা কৰা বুলি কয়। ইৰানে সোমবাৰে ছিৰিয়া আৰু কাটাৰত থকা আমেৰিকাৰ ঘাটিত কৰা আক্ৰমণক পাছত এই দেশবোৰে কয় যে ইৰানৰ এই আক্ৰমণৰ প্রত্যুত্তৰ দিয়া মানে অঞ্চলটোত যুদ্ধৰ অধিক প্ৰসাৰ ঘটা, যিটো তেওঁলোকে বিচৰা নাই।


আনহাতে, ইছলামিক দেশসমূহ ইৰানৰ পক্ষে যোৱাটোৱে এই দেশবোৰত থকা আমেৰিকাৰ সামৰিক ঘাটিসমূহৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিলেহেঁতেন। উল্লেখযোগ্য যে কাটাৰত আমেৰিকাৰ পঞ্চম সৰ্ববৃহৎ নৌ ঘাটি আছে। এই দেশকেইখনেও ইজৰাইল-ইৰান যুদ্ধৰ অৱসান ঘটোৱাৰ বাবে আমেৰিকাক হেঁচা দিয়া বুলি অনুমান কৰা হৈছে। এটা কথা ঠিক যে ট্রাম্পে যুদ্ধ-বিৰতি ঘোষণা কৰিলে যদিও ইৰানৰ পাৰমাণৱিক কাৰ্যসূচীৰ এই যুদ্ধই বিশেষ ক্ষতি কৰিব নোৱাৰিলে। ইয়াৰ পৰিৱৰ্তে এই যুদ্ধই মধ্য প্রাচ্যত ইৰান তথা দেশখনৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইক হিৰ' কৰিহে তুলিলে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ