--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৱা নিশা অনুষ্ঠিত পুৰুষৰ দলীয় শাখাৰ ফাইনেলত বি পি চি এলে বিজয়ীৰ খিতাপ দখল কৰে।

ডিজিটেল ডেস্ক : গোলাঘাট জিলা ক্রীড়া সন্থাৰ ইনড'ৰ ষ্টেডিয়ামত ২৪ মাৰ্চৰপৰা চলি থকা ৪৪ সংখ্যক আন্তঃ পেট্রলিয়াম ইউনিট বেডমিন্টন প্রতিযোগিতাৰ দলীয় চেম্পিয়নশ্বিপৰ খেলসমূহ কালি সমাপ্ত হৈছে।


যোৱা নিশা অনুষ্ঠিত পুৰুষৰ দলীয় শাখাৰ ফাইনেলত বি পি চি এলে বিজয়ীৰ খিতাপ দখল কৰে। দ্বিতীয় আৰু তৃতীয় স্থান লাভকৰে ক্ৰমে আই অ' চি এল আৰু গেইল দলে। প্রতিযোগিতাখনৰ মহিলাৰ দলীয় শাখাত আই অ'চি এলে চেম্পিয়নৰ খিতাপ দখল কৰে। 


দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে অইল আৰু অ' এন জি চিৰ দলে। আনহাতে, ভেটাৰ্নৰ দলীয় শাখাৰ ফাইনেল ৰাউণ্ডৰ খেলসমূহ কালি নিশা অনুষ্ঠিত হয়। আনহাতে, মুকলি শাখাৰ খেলসমূহ ২৮ মাৰ্চত সামৰণি পৰিব। পুৰুষৰ দলীয় প্রতিযোগিতাত নিজৰ ছিংগলছ মেচ জয় কৰে ভাৰতীয় তাৰকা লক্ষ্য সেনে। চিৰাগ চেট্টীৰ দৰে বিশ্বমানৰ ডাবোলছ তাৰকা সতীর্থ থকা সত্ত্বেও আই অ' চি এলৰ খিতাপ আনি দিব নোৱাৰিলে। বি পি চি এল ৩-২ মেচৰ ব্যৱধানত জয়ী হৈ দলীয় খিতাপ জয় কৰে। 


মহিলাৰ দলীয় শাখাৰ ফাইনেলত আই অ' চি এলৰ অস্মিতা চলিহাই অইলৰ অনুপমা উপাধ্যায়ক প্রথম ছিংগলছত পৰাজিত কৰে। ডাবোলছত অস্মিতা চলিহা আৰু বাৰুণী পাচৱাল যুটিয়ে অইলৰ ঈশ্বাৰাণী বৰুৱা আৰু অনুপমা উপাধ্যায় যুটিক হৰুৱায়। অৱশ্যে আনখন ছিংগলছত অই লৰ ঈশ্বাৰাণী বৰুৱাই আই অ'চি এলৰ আন্দলুৰি তনভি ৰেড্ডীক পৰাজিত কৰে। সামগ্রিকভাৱে ২-১ মেচত আই অ'চি এল চেম্পিয়ন হয়।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু