--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৱা নিশা অনুষ্ঠিত পুৰুষৰ দলীয় শাখাৰ ফাইনেলত বি পি চি এলে বিজয়ীৰ খিতাপ দখল কৰে।

ডিজিটেল ডেস্ক : গোলাঘাট জিলা ক্রীড়া সন্থাৰ ইনড'ৰ ষ্টেডিয়ামত ২৪ মাৰ্চৰপৰা চলি থকা ৪৪ সংখ্যক আন্তঃ পেট্রলিয়াম ইউনিট বেডমিন্টন প্রতিযোগিতাৰ দলীয় চেম্পিয়নশ্বিপৰ খেলসমূহ কালি সমাপ্ত হৈছে।


যোৱা নিশা অনুষ্ঠিত পুৰুষৰ দলীয় শাখাৰ ফাইনেলত বি পি চি এলে বিজয়ীৰ খিতাপ দখল কৰে। দ্বিতীয় আৰু তৃতীয় স্থান লাভকৰে ক্ৰমে আই অ' চি এল আৰু গেইল দলে। প্রতিযোগিতাখনৰ মহিলাৰ দলীয় শাখাত আই অ'চি এলে চেম্পিয়নৰ খিতাপ দখল কৰে। 


দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে অইল আৰু অ' এন জি চিৰ দলে। আনহাতে, ভেটাৰ্নৰ দলীয় শাখাৰ ফাইনেল ৰাউণ্ডৰ খেলসমূহ কালি নিশা অনুষ্ঠিত হয়। আনহাতে, মুকলি শাখাৰ খেলসমূহ ২৮ মাৰ্চত সামৰণি পৰিব। পুৰুষৰ দলীয় প্রতিযোগিতাত নিজৰ ছিংগলছ মেচ জয় কৰে ভাৰতীয় তাৰকা লক্ষ্য সেনে। চিৰাগ চেট্টীৰ দৰে বিশ্বমানৰ ডাবোলছ তাৰকা সতীর্থ থকা সত্ত্বেও আই অ' চি এলৰ খিতাপ আনি দিব নোৱাৰিলে। বি পি চি এল ৩-২ মেচৰ ব্যৱধানত জয়ী হৈ দলীয় খিতাপ জয় কৰে। 


মহিলাৰ দলীয় শাখাৰ ফাইনেলত আই অ' চি এলৰ অস্মিতা চলিহাই অইলৰ অনুপমা উপাধ্যায়ক প্রথম ছিংগলছত পৰাজিত কৰে। ডাবোলছত অস্মিতা চলিহা আৰু বাৰুণী পাচৱাল যুটিয়ে অইলৰ ঈশ্বাৰাণী বৰুৱা আৰু অনুপমা উপাধ্যায় যুটিক হৰুৱায়। অৱশ্যে আনখন ছিংগলছত অই লৰ ঈশ্বাৰাণী বৰুৱাই আই অ'চি এলৰ আন্দলুৰি তনভি ৰেড্ডীক পৰাজিত কৰে। সামগ্রিকভাৱে ২-১ মেচত আই অ'চি এল চেম্পিয়ন হয়।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ