--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাইৰ বিয়াত নতুন ফোনটোৰে নিজৰ আভিজাত্য প্ৰদৰ্শন কৰিবলৈ যোৱা এজন যুৱকৰ আনন্দ নিমিষতে বিষাদলৈ পৰিণত হ’ল।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ঔৰৈয়াত এক আচৰিত তথা দুৰ্ভাগ্যজনক ঘটনা পোহৰলৈ আহিছে।


ভাইৰ বিয়াত নতুন ফোনটোৰে নিজৰ আভিজাত্য প্ৰদৰ্শন কৰিবলৈ যোৱা এজন যুৱকৰ আনন্দ নিমিষতে বিষাদলৈ পৰিণত হ’ল। চেলফি লোৱাৰ চক্ৰত যুৱকজনৰ হাতৰ পৰা পিচলি তেওঁৰ দামী iPhone 17 Pro ফোনটো এটা দ নৰ্দমাত পৰি যায়।



ঘটনাটো ঔৰৈয়াৰ সদৰ কোটৱালী এলেকাৰ তাকিয়া চৌৰাহাৰ ওচৰত সংঘটিত হৈছে। কানপুৰৰ পৰা নিজৰ সম্পৰ্কীয় ভাইৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ অহা এজন যুৱকে বিয়াৰ মাত্ৰ এদিন পূৰ্বে এই নতুন আইফোনটো কিনিছিল। বিয়াৰ সমদল আগবঢ়াৰ সময়ত যুৱকজনে নতুন ফোনটোৰে চেলফি ল’বলৈ চেষ্টা কৰিছিল, কিন্তু হঠাতে হাতৰ পৰা পিছলি ফোনটো পথৰ কাষৰ এটা দ আৰু লেতেৰা নৰ্দমাত পৰি যায়।


ফোনটো ইমানেই দামী আছিল যে যুৱকজনে নিজৰ সাজ-পাৰ বা বিয়াৰ আনন্দৰ কথা পাহৰি পোনে পোনে নৰ্দমাটোত জাঁপ দিয়ে। বৰযাত্ৰীৰ মাজত নৃত্য-গীত চলি থকাৰ বিপৰীতে যুৱকজনে নৰ্দমাৰ পানী আৰু বোকাত ফোনটো বিচাৰি চলাথ কৰে। এই দৃশ্য দেখি বিয়াত অহা আন লোক আৰু স্থানীয় ৰাইজৰ মাজত ব্যাপক কৌতুহলৰ সৃষ্টি হয়।


এজন প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, ''এদিন আগতে কিনি অনা দামী ফোনটো হেৰুৱাই যুৱকজন একেবাৰে অসহায় হৈ পৰিছিল। তেওঁ কেইবাঘণ্টা ধৰি নৰ্দমাৰ লেতেৰা পানীৰ মাজত ফোনটো বিচাৰিছিল ।


যুৱকজনে নৰ্দমাত ফোন বিচাৰি থকা অৱস্থাৰ এটা ভিডিঅ’ কোনো পথচাৰীয়ে মোবাইলত বন্দী কৰি ছচিয়েল মিডিয়াত আপলোড কৰে। বৰ্তমান এই ভিডিঅ’টো ইন্টাৰনেটত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। যুৱকজনৰ এই দুৰ্ভাগ্যজনক অৱস্থাক লৈ বিভিন্ন ধৰণৰ ধেমেলীয়া মন্তব্যও আগবঢ়াইছে।


অৱশেষত, বহু সময় ধৰি বিচাৰ-খোচাৰ কৰাৰ পিছতো ফোনটো নোপোৱাত যুৱকজনে হতাশ হৈ নৰ্দমাৰ পৰা উঠি আহিবলৈ বাধ্য হয়। লাখটকীয়া ফোনটো নোপোৱাৰ দুখত যুৱকজনৰ বাবে ভাইৰ বিয়াৰ আনন্দ ম্লান হৈ পৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু