--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাইৰ বিয়াত নতুন ফোনটোৰে নিজৰ আভিজাত্য প্ৰদৰ্শন কৰিবলৈ যোৱা এজন যুৱকৰ আনন্দ নিমিষতে বিষাদলৈ পৰিণত হ’ল।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ঔৰৈয়াত এক আচৰিত তথা দুৰ্ভাগ্যজনক ঘটনা পোহৰলৈ আহিছে।


ভাইৰ বিয়াত নতুন ফোনটোৰে নিজৰ আভিজাত্য প্ৰদৰ্শন কৰিবলৈ যোৱা এজন যুৱকৰ আনন্দ নিমিষতে বিষাদলৈ পৰিণত হ’ল। চেলফি লোৱাৰ চক্ৰত যুৱকজনৰ হাতৰ পৰা পিচলি তেওঁৰ দামী iPhone 17 Pro ফোনটো এটা দ নৰ্দমাত পৰি যায়।



ঘটনাটো ঔৰৈয়াৰ সদৰ কোটৱালী এলেকাৰ তাকিয়া চৌৰাহাৰ ওচৰত সংঘটিত হৈছে। কানপুৰৰ পৰা নিজৰ সম্পৰ্কীয় ভাইৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ অহা এজন যুৱকে বিয়াৰ মাত্ৰ এদিন পূৰ্বে এই নতুন আইফোনটো কিনিছিল। বিয়াৰ সমদল আগবঢ়াৰ সময়ত যুৱকজনে নতুন ফোনটোৰে চেলফি ল’বলৈ চেষ্টা কৰিছিল, কিন্তু হঠাতে হাতৰ পৰা পিছলি ফোনটো পথৰ কাষৰ এটা দ আৰু লেতেৰা নৰ্দমাত পৰি যায়।


ফোনটো ইমানেই দামী আছিল যে যুৱকজনে নিজৰ সাজ-পাৰ বা বিয়াৰ আনন্দৰ কথা পাহৰি পোনে পোনে নৰ্দমাটোত জাঁপ দিয়ে। বৰযাত্ৰীৰ মাজত নৃত্য-গীত চলি থকাৰ বিপৰীতে যুৱকজনে নৰ্দমাৰ পানী আৰু বোকাত ফোনটো বিচাৰি চলাথ কৰে। এই দৃশ্য দেখি বিয়াত অহা আন লোক আৰু স্থানীয় ৰাইজৰ মাজত ব্যাপক কৌতুহলৰ সৃষ্টি হয়।


এজন প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, ''এদিন আগতে কিনি অনা দামী ফোনটো হেৰুৱাই যুৱকজন একেবাৰে অসহায় হৈ পৰিছিল। তেওঁ কেইবাঘণ্টা ধৰি নৰ্দমাৰ লেতেৰা পানীৰ মাজত ফোনটো বিচাৰিছিল ।


যুৱকজনে নৰ্দমাত ফোন বিচাৰি থকা অৱস্থাৰ এটা ভিডিঅ’ কোনো পথচাৰীয়ে মোবাইলত বন্দী কৰি ছচিয়েল মিডিয়াত আপলোড কৰে। বৰ্তমান এই ভিডিঅ’টো ইন্টাৰনেটত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। যুৱকজনৰ এই দুৰ্ভাগ্যজনক অৱস্থাক লৈ বিভিন্ন ধৰণৰ ধেমেলীয়া মন্তব্যও আগবঢ়াইছে।


অৱশেষত, বহু সময় ধৰি বিচাৰ-খোচাৰ কৰাৰ পিছতো ফোনটো নোপোৱাত যুৱকজনে হতাশ হৈ নৰ্দমাৰ পৰা উঠি আহিবলৈ বাধ্য হয়। লাখটকীয়া ফোনটো নোপোৱাৰ দুখত যুৱকজনৰ বাবে ভাইৰ বিয়াৰ আনন্দ ম্লান হৈ পৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ