--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই বাহুবলী উপগ্ৰহটোৰ ওজন হ'ল ৬১০০ কিল'গ্ৰাম আৰু ভাৰতৰ পৰা উৎক্ষেপণ কৰা আটাইতকৈ বেছি ওজনৰ কৃত্রিম উপগ্রহ।

ডিজিটেল ডেস্ক: অন্ধ্র প্ৰদেশৰ শ্রীহৰিকোটাত থকা সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতীয় মহাকাশ গবেষণা সংস্থাই (ইছৰ') কালি পুৱা এল ভি এম ৩-এম ৬ ৰকেটেৰে আমেৰিকাৰ বাহুবলী উপগ্রহ ব্লুবার্ড ব্লক-২ মহাকাশলৈ সফল উৎক্ষেপণ কৰে। 


এই বাহুবলী উপগ্ৰহটোৰ ওজন হ'ল ৬১০০ কিল'গ্ৰাম আৰু ভাৰতৰ পৰা উৎক্ষেপণ কৰা আটাইতকৈ বেছি ওজনৰ কৃত্রিম উপগ্রহ। ইছৰ'ৰ অধ্যক্ষ ভি নাৰায়ণনে উপগ্ৰহটোৰ সফল উৎক্ষেপণক দেশৰ বাবে বৃহৎ অভিজ্ঞতা বুলি অভিহিত কৰে। ইয়াৰ আগতে নৱেম্বৰত উৎক্ষেপণ কৰা ভাৰতৰ বাহুবলী উপগ্রহ এল ভি এম৩-এম৫ যোগাযোগ উপগ্রহ-০৩ৰ ওজন প্রায় ৪,৪০০ কিল'গ্রাম আছিল। ব্লুবার্ড ব্লক-২ পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ উপগ্রহ। এই উপগ্ৰহটোৰ জৰিয়তে সাধাৰণ স্মার্ট ফ'নত হাই-স্পীড চেলুলাৰ ব্ৰডবেণ্ড যোগাযোগৰ সুবিধা লাভ কৰিব পৰা যাব। ইয়াৰ পৰা পৃথিৱীত ৪ জি আৰু ৫ জি ভয়চ কল, ভিডিঅ' কল, মেছেজিং, ষ্ট্ৰিমিং আৰু ডাটা সেৱা লাভ কৰিব পৰা যাব। এই উপগ্রহটো নিউস্পেচ ইণ্ডিয়া লিমিটেড আৰু আমেৰিকাৰ এ এছ টি স্পেচম'বাইলৰ মাজত হোৱা এক বাণিজ্যিক চুক্তিৰ অংশ। নিউস্পেচ ইণ্ডিয়া ইছৰ'ৰ বাণিজ্যিক শাখা। 


ইফালে ইছৰ'ই এল ভি এম ৩-এম ৬ত থকা কেমেৰাই তোলা দুর্লভ ফটো প্রকাশ কৰে। ইয়াত উপগ্ৰহটো উৎক্ষেপণৰ প্ৰতিটো মুহূৰ্তৰ ভিডিঅ' ফুটেজ দেখা পোৱা গৈছে। ইফালে ভাৰতে মঙ্গলবাৰে নিশা বংগোপসাগৰত সমুদ্ৰৰ পৰা নিক্ষেপ কৰিব পৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা কৰে। বিশাখাপট্টনমৰ উপকূলৰ পৰা এই পৰীক্ষা কৰা হয়। 


পৰীক্ষণৰ এলেকা ৩,২৪০ কিল'মিটাৰ দূৰলৈকে আছিল আৰু ইয়াৰ বাবে আগতেই এই এলেকাটোত উৰণ নিষিদ্ধ ঘোষণা কৰা হৈছিল। মঙলবাৰে নিশা পৰীক্ষা কৰা ক্ষেপণাস্ত্ৰটোৰ নাম প্রকাশ কৰা হোৱা নাই যদিও সূত্ৰসমূহৰ মতে, এই পৰীক্ষা কে-৪এছ এল বি এমৰ হ'ব পাৰে। এই বেলিষ্টিক ক্ষেপণাস্ত্রটো স্বদেশী পাৰমাণৱিক ছাবমেৰিণ আই এন এছ অৰিহন্তৰ পৰা নিক্ষেপ কৰা বুলি অনুমান কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ