--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই বাহুবলী উপগ্ৰহটোৰ ওজন হ'ল ৬১০০ কিল'গ্ৰাম আৰু ভাৰতৰ পৰা উৎক্ষেপণ কৰা আটাইতকৈ বেছি ওজনৰ কৃত্রিম উপগ্রহ।

ডিজিটেল ডেস্ক: অন্ধ্র প্ৰদেশৰ শ্রীহৰিকোটাত থকা সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতীয় মহাকাশ গবেষণা সংস্থাই (ইছৰ') কালি পুৱা এল ভি এম ৩-এম ৬ ৰকেটেৰে আমেৰিকাৰ বাহুবলী উপগ্রহ ব্লুবার্ড ব্লক-২ মহাকাশলৈ সফল উৎক্ষেপণ কৰে। 


এই বাহুবলী উপগ্ৰহটোৰ ওজন হ'ল ৬১০০ কিল'গ্ৰাম আৰু ভাৰতৰ পৰা উৎক্ষেপণ কৰা আটাইতকৈ বেছি ওজনৰ কৃত্রিম উপগ্রহ। ইছৰ'ৰ অধ্যক্ষ ভি নাৰায়ণনে উপগ্ৰহটোৰ সফল উৎক্ষেপণক দেশৰ বাবে বৃহৎ অভিজ্ঞতা বুলি অভিহিত কৰে। ইয়াৰ আগতে নৱেম্বৰত উৎক্ষেপণ কৰা ভাৰতৰ বাহুবলী উপগ্রহ এল ভি এম৩-এম৫ যোগাযোগ উপগ্রহ-০৩ৰ ওজন প্রায় ৪,৪০০ কিল'গ্রাম আছিল। ব্লুবার্ড ব্লক-২ পৰৱৰ্তী প্ৰজন্মৰ যোগাযোগ উপগ্রহ। এই উপগ্ৰহটোৰ জৰিয়তে সাধাৰণ স্মার্ট ফ'নত হাই-স্পীড চেলুলাৰ ব্ৰডবেণ্ড যোগাযোগৰ সুবিধা লাভ কৰিব পৰা যাব। ইয়াৰ পৰা পৃথিৱীত ৪ জি আৰু ৫ জি ভয়চ কল, ভিডিঅ' কল, মেছেজিং, ষ্ট্ৰিমিং আৰু ডাটা সেৱা লাভ কৰিব পৰা যাব। এই উপগ্রহটো নিউস্পেচ ইণ্ডিয়া লিমিটেড আৰু আমেৰিকাৰ এ এছ টি স্পেচম'বাইলৰ মাজত হোৱা এক বাণিজ্যিক চুক্তিৰ অংশ। নিউস্পেচ ইণ্ডিয়া ইছৰ'ৰ বাণিজ্যিক শাখা। 


ইফালে ইছৰ'ই এল ভি এম ৩-এম ৬ত থকা কেমেৰাই তোলা দুর্লভ ফটো প্রকাশ কৰে। ইয়াত উপগ্ৰহটো উৎক্ষেপণৰ প্ৰতিটো মুহূৰ্তৰ ভিডিঅ' ফুটেজ দেখা পোৱা গৈছে। ইফালে ভাৰতে মঙ্গলবাৰে নিশা বংগোপসাগৰত সমুদ্ৰৰ পৰা নিক্ষেপ কৰিব পৰা বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা কৰে। বিশাখাপট্টনমৰ উপকূলৰ পৰা এই পৰীক্ষা কৰা হয়। 


পৰীক্ষণৰ এলেকা ৩,২৪০ কিল'মিটাৰ দূৰলৈকে আছিল আৰু ইয়াৰ বাবে আগতেই এই এলেকাটোত উৰণ নিষিদ্ধ ঘোষণা কৰা হৈছিল। মঙলবাৰে নিশা পৰীক্ষা কৰা ক্ষেপণাস্ত্ৰটোৰ নাম প্রকাশ কৰা হোৱা নাই যদিও সূত্ৰসমূহৰ মতে, এই পৰীক্ষা কে-৪এছ এল বি এমৰ হ'ব পাৰে। এই বেলিষ্টিক ক্ষেপণাস্ত্রটো স্বদেশী পাৰমাণৱিক ছাবমেৰিণ আই এন এছ অৰিহন্তৰ পৰা নিক্ষেপ কৰা বুলি অনুমান কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু