--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাহুল গান্ধীৰ 'ভোট চুৰি'ৰ বিৰুদ্ধে অভিযানত কেইবাটাও 'ইণ্ডিয়া' মৰ্চাৰ দলে সমর্থন জনোৱা নাই। ইয়াৰ মাজতে ৰাহুল গান্ধী জার্মানি ভ্রমণলৈ যায়।

ডিজিটেল ডেস্ক: সদ্যসমাপ্ত সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত দেশৰ ৰাজনীতিত দুটা বৃহৎ পৰিৱৰ্তনৰ লক্ষণ পৰিলক্ষিত হৈছে।


প্রথমটো হৈছে ২০২৪ চনত হোৱা লোক সভাৰ নিৰ্বাচনত বিজেপিৰ আসনৰ সংখ্যা কম হ'লেও প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ শক্তি হ্রাস হোৱা নাই। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে পূৰ্বৰ অধিৱেশনবোৰৰ দৰেই এইবাৰ শীতকালীন অধিৱেশনতো নিজৰ শক্তি প্রদর্শন কৰিবলৈ সক্ষম হ'ল। 


আনটো লক্ষণীয় পৰিৱৰ্তন পৰিলক্ষিত হৈছে দেশৰ প্রধান বিৰোধী দল কংগ্ৰেছৰ ক্ষেত্ৰত। অধিৱেশনৰ প্রথমছোৱাত লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে বিৰোধী পক্ষক নেতৃত্ব দিছিল যদিও লক্ষণীয়ভাৱে সংসদৰ শীতকালীন অধিৱেশনৰ শেষৰ দিনকেইটাত কংগ্ৰেছৰ নেত্রী প্রিয়ংকা গান্ধী ভদ্রাক বিৰোধী পক্ষৰ নেতৃত্ব লোৱা পৰিলক্ষিত হয়। কংগ্ৰেছৰ অন্যতম হাইকমাণ্ড তথা বিৰোধী দলপতি ৰাহুলক একাষৰীয়া কৰি প্ৰিয়ংকাই বিৰোধী পক্ষৰ নেতৃত্ব লোৱাটো যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে। 


আনহাতে, কেইবাটাও নির্বাচনত ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত দেশৰ কেইবাখনো ৰাজ্যৰ কংগ্ৰেছ নেতা-কর্মীয়ে ৰাহুলৰ নেতৃত্বৰ প্ৰতি প্রশ্ন তুলিছে। বিশেষকৈ ওড়িশা কংগ্ৰেছৰ এজন নেতাই মুকলিকৈ ৰাহুলৰ বিৰুদ্ধে শেহতীয়াকৈ বিষোদগাৰ প্রকাশ কৰিছে।


আনহাতে, ৰাহুল গান্ধীৰ 'ভোট চুৰি'ৰ বিৰুদ্ধে অভিযানত কেইবাটাও 'ইণ্ডিয়া' মৰ্চাৰ দলে সমর্থন জনোৱা নাই। ইয়াৰ মাজতে ৰাহুল গান্ধী জার্মানি ভ্রমণলৈ যায়। সংসদৰ শীতকালীন অধিবেশনৰ মাজতে বিৰোধী দলপতি ৰাহুল গান্ধী জার্মানি ভ্রমণলৈ যোৱাটো যথেষ্ট লক্ষণীয় হৈছে। কংগ্ৰেছৰ নেতা-কর্মীৰ মাজতেই ৰাহুলৰ নেতৃত্বৰ প্রতি প্রশ্ন উত্থাপন হোৱাত ক্ষুব্ধ হৈ কংগ্ৰেছৰ মুখ্য হাই কমাণ্ড ছোনিয়া গান্ধীয়ে প্রিয়ংকাক ল'বলৈ পৰামৰ্শ দিছে বুলি ৰাজনৈতিক মহলত চর্চা হৈছে। 


আনহাতে, শীতকালীন অধিৱেশনৰ শেষৰ দিনটোত এটা উল্লেখযোগ্য ঘটনা ঘটে। লোক সভাৰ অধ্যক্ষৰ আহ্বানত আয়োজিত চাহ মেলত প্রধানমন্ত্রী মোদী আৰু অন্যান্য শাসকীয় নেতাসকলৰ সৈতে বিৰোধী পক্ষৰ নেতাসকলক নেতৃত্ব দিয়ে প্রিয়ংকা গান্ধীয়ে। কংগ্ৰেছৰ লগতে বিৰোধী পক্ষক এতিয়া বিভিন্ন সময়ত প্রিয়ংকাই নেতৃত্ব দি থকাটো পৰিলক্ষিত হৈছে। ৰাজনৈতিক বিশ্লেষকসকলে মত ব্যক্ত কৰিছে যে শীঘ্রেই দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতৃত্ব ল'ব প্রিয়ংকা গান্ধী ভদ্রাই।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ