--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ছেপ্টেম্বৰতে ভাৰতৰ বিৰুদ্ধে শৃংখলাৰ কথা মনত ৰাখি আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব নোখোজাৰ অৰ্থ হ'ব পাৰে যে বাংলাদেশ চৰকাৰে ভাৰতৰ সৈতে সম্পর্ক উন্নত কৰাৰ কথা ভাবিছে।

ডিজিটেল ডেস্ক : আয়াৰলেণ্ডৰ বিৰুদ্ধে বাংলাদেশে বাতিল কৰিলে শৃংখলা। চলিত বছৰৰ ছেপ্টেম্বৰত ভাৰতৰ বিৰুদ্ধে বগা বলৰ শৃংখলা খেলিবলৈ আগ্রহী হৈ উঠিছে বাংলাদেশ।


সেই কাৰণে আয়াৰলেণ্ড ভ্রমণ কৰিব খোজা নাই বাংলাদেশে। ছেপ্টেম্বৰত আয়াৰলেণ্ডৰ বিৰুদ্ধে মুখামুখি হোৱাৰ কথা আছিল লিটন দাস বাহিনীৰ। 


আনহাতে ছেপ্টেম্বৰতে ভাৰতৰ বিৰুদ্ধে শৃংখলাৰ কথা মনত ৰাখি আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব নোখোজাৰ অৰ্থ হ'ব পাৰে যে বাংলাদেশ চৰকাৰে ভাৰতৰ সৈতে সম্পর্ক উন্নত কৰাৰ কথা ভাবিছে। বৰ্তমানৰ তাৰিক ৰহমান চৰকাৰে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত গ্ৰহণ কৰা ভাৰত বৰ্জন নীতিৰ পৰা আঁতৰি আহিছে। আয়াৰলেণ্ডত বাংলাদেশে তিনিখন এদিনীয়া আৰু তিনিখন টি-২০ মেচ খেলাৰ কথা আছিল। কিন্তু আয়াৰলেণ্ডে চলিত বৰ্ষৰ সূচীত বাংলাদেশৰ বিৰুদ্ধে শৃংখলা সন্নিবিষ্ট কৰা নাই। ভ্ৰমণৰ সমস্যাৰ বাবে সেই শৃংখলা বাতিল কৰা বুলি অনুমান কৰা হৈছে। আচলতে ভাৰতে ২০২৫ চনৰ জুলাইত বাংলাদেশলৈ যোৱাৰ কথা আছিল। কিন্তু ভাৰতে উক্ত ভ্রমণ বাতিল কৰে। 


বাংলাদেশে চলিত বৰ্ষৰ ছেপ্টেম্বৰত ভাৰতৰ বিৰুদ্ধে তখন এদিনীয়া আৰু সমসংখ্যক টি-২০ মেচ খেলাৰ কথা। অৱশ্যে ভাৰত চৰকাৰে বাংলাদেশ ভ্ৰমণৰ অনুমতি প্রদান কৰিব নে নকৰে সেয়া লক্ষণীয় হ'ব। ইয়াৰ আগেয়ে বাংলাদেশে ভাৰতত অনুষ্ঠিত টি-২০ বিশ্ব কাপ বর্জন কৰিছিল। সেই সময়ত আছিল মহম্মদ ইউনুছৰ চৰকাৰ। ফেব্ৰুৱাৰীত অনুষ্ঠিত নিৰ্বাচনৰ পাছত চুবুৰীয়া দেশখনৰ প্রধানমন্ত্রী হয় তাৰিক ৰহমান। তেতিয়াৰ পৰাই বাংলাদেশ ক্রিকেট ব'র্ডে ক্ৰিকেটৰ বিষয়ত নৰম স্থিতি গ্রহণ কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ