--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI) আৰু আই পি এল গভৰ্ণিং কাউন্সিলে ২০২৬ বৰ্ষৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰাৰ এক নজিৰবিহীন সিদ্ধান্ত গ্ৰহণ কৰিছে।

ডিজিটেল ডেস্ক: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ মানেই সাধাৰণতে দেখা যায় গ্লেমাৰ, ৰঙীন পোহৰ আৰু বলিউডী তাৰকাৰ চমক।


কিন্তু এইবাৰ আই পি এলৰ ১৯তম সংস্কৰণত অনুৰাগীয়ে দেখিবলৈ নাপাব কোনো উদ্বোধনী অনুষ্ঠান। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI) আৰু আই পি এল গভৰ্ণিং কাউন্সিলে ২০২৬ বৰ্ষৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰাৰ এক নজিৰবিহীন সিদ্ধান্ত গ্ৰহণ কৰিছে।


এই সিদ্ধান্তৰ অন্তৰালত আছে যোৱা ছিজনৰ এক শোকাৱহ স্মৃতি। যোৱা বছৰ ৪ জুনত বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিজয় উৎসৱৰ সময়ত হোৱা এক ভয়ংকৰ হতাহতিত ১১ জন লোকে প্ৰাণ হেৰুৱাইছিল। সেই দুৰ্ভাগ্যজনক ঘটনাত নিহতসকলৰ প্ৰতি সন্মান জনাই আৰু সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কোনো ধৰণৰ উদযাপনৰ অবিহনে অতি সৰলকৈ টুৰ্ণামেণ্টৰ শুভাৰম্ভ কৰা হ’ব।




বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে, "যোৱা বছৰৰ ৪ জুনত সংঘটিত শোকাৱহ ঘটনাটোৰ বাবে আই পি এল ২০২৬-ৰ প্ৰথম দিনা কোনো আনুষ্ঠানিক সাংস্কৃতিক কাৰ্যসূচী নাথাকিব। নিহতসকলৰ স্মৃতিত বি চি চি আইয়ে এই ছিজনৰ আৰম্ভণিত কোনো মনোৰঞ্জনমূলক অনুষ্ঠান আয়োজন নকৰাৰ সিদ্ধান্ত লৈছে।"


অৱশ্যে, ছিজনৰ আৰম্ভণিত একো নাথাকিলেও ৩১ মে’ত অনুষ্ঠিত হ’বলগীয়া ফাইনেলৰ দিনা এক ভব্য সামৰণি অনুষ্ঠানৰ পৰিকল্পনা কৰিছে ব’ৰ্ডে।


প্ৰথমখন খেলৰ সময়সূচী


আই পি এল ২০২৬-ৰ প্ৰথমখন খেল অহা ২৮ মাৰ্চত বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই উদ্বোধনী মেচত যোৱা বছৰৰ চেম্পিয়ন দল আৰ চি বিয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ (SRH) মুখামুখি হ’ব।


২০২৫ চনত আহমেদাবাদত পঞ্জাৱ কিংছক ৬ ৰানত পৰাস্ত কৰি আৰ চি বিয়ে ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিছিল। ইয়াৰ পিছদিনা বেংগালুৰুত আয়োজিত বিজয় সমদলত হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ হৈছিল। সুৰক্ষাৰ ত্ৰুটিৰ বাবে ষ্টেডিয়ামৰ বাহিৰত এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়, য’ত ১১ গৰাকী অনুৰাগীয়ে কৰুণ মৃত্যুক সাৱটি লৈছিল। এই ঘটনাৰ পিছত আৰ চি বি কৰ্তৃপক্ষ আৰু সুৰক্ষা ব্যৱস্থাক লৈ তীব্ৰ প্ৰশ্ন উত্থাপন হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ