--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI) আৰু আই পি এল গভৰ্ণিং কাউন্সিলে ২০২৬ বৰ্ষৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰাৰ এক নজিৰবিহীন সিদ্ধান্ত গ্ৰহণ কৰিছে।

ডিজিটেল ডেস্ক: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ মানেই সাধাৰণতে দেখা যায় গ্লেমাৰ, ৰঙীন পোহৰ আৰু বলিউডী তাৰকাৰ চমক।


কিন্তু এইবাৰ আই পি এলৰ ১৯তম সংস্কৰণত অনুৰাগীয়ে দেখিবলৈ নাপাব কোনো উদ্বোধনী অনুষ্ঠান। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI) আৰু আই পি এল গভৰ্ণিং কাউন্সিলে ২০২৬ বৰ্ষৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰাৰ এক নজিৰবিহীন সিদ্ধান্ত গ্ৰহণ কৰিছে।


এই সিদ্ধান্তৰ অন্তৰালত আছে যোৱা ছিজনৰ এক শোকাৱহ স্মৃতি। যোৱা বছৰ ৪ জুনত বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিজয় উৎসৱৰ সময়ত হোৱা এক ভয়ংকৰ হতাহতিত ১১ জন লোকে প্ৰাণ হেৰুৱাইছিল। সেই দুৰ্ভাগ্যজনক ঘটনাত নিহতসকলৰ প্ৰতি সন্মান জনাই আৰু সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ কোনো ধৰণৰ উদযাপনৰ অবিহনে অতি সৰলকৈ টুৰ্ণামেণ্টৰ শুভাৰম্ভ কৰা হ’ব।




বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে, "যোৱা বছৰৰ ৪ জুনত সংঘটিত শোকাৱহ ঘটনাটোৰ বাবে আই পি এল ২০২৬-ৰ প্ৰথম দিনা কোনো আনুষ্ঠানিক সাংস্কৃতিক কাৰ্যসূচী নাথাকিব। নিহতসকলৰ স্মৃতিত বি চি চি আইয়ে এই ছিজনৰ আৰম্ভণিত কোনো মনোৰঞ্জনমূলক অনুষ্ঠান আয়োজন নকৰাৰ সিদ্ধান্ত লৈছে।"


অৱশ্যে, ছিজনৰ আৰম্ভণিত একো নাথাকিলেও ৩১ মে’ত অনুষ্ঠিত হ’বলগীয়া ফাইনেলৰ দিনা এক ভব্য সামৰণি অনুষ্ঠানৰ পৰিকল্পনা কৰিছে ব’ৰ্ডে।


প্ৰথমখন খেলৰ সময়সূচী


আই পি এল ২০২৬-ৰ প্ৰথমখন খেল অহা ২৮ মাৰ্চত বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। এই উদ্বোধনী মেচত যোৱা বছৰৰ চেম্পিয়ন দল আৰ চি বিয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ (SRH) মুখামুখি হ’ব।


২০২৫ চনত আহমেদাবাদত পঞ্জাৱ কিংছক ৬ ৰানত পৰাস্ত কৰি আৰ চি বিয়ে ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ দখল কৰিছিল। ইয়াৰ পিছদিনা বেংগালুৰুত আয়োজিত বিজয় সমদলত হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ হৈছিল। সুৰক্ষাৰ ত্ৰুটিৰ বাবে ষ্টেডিয়ামৰ বাহিৰত এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়, য’ত ১১ গৰাকী অনুৰাগীয়ে কৰুণ মৃত্যুক সাৱটি লৈছিল। এই ঘটনাৰ পিছত আৰ চি বি কৰ্তৃপক্ষ আৰু সুৰক্ষা ব্যৱস্থাক লৈ তীব্ৰ প্ৰশ্ন উত্থাপন হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু