--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশখনৰ নতুন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী জাহিৰ উদ্দিন স্বপনে স্পষ্ট কৰি দিয়ে যে বাংলাদেশত আই পি এৰ সম্প্ৰচাৰত কোনো ধৰণৰ বাধা নাই।

ডিজিটেল ডেস্ক: বাংলাদেশত আই পি এলৰ সম্প্ৰচাৰৰ পথ মুকলি কৰিলে দেশখনৰ চৰকাৰে। মহম্মদ ইউনুছৰ নেতৃত্বাধীন পূৰ্বৰ অন্তৰ্ৱতী চৰকাৰে আই পি এলৰ মেচৰ সম্প্ৰচাৰত আৰোপ কৰা নিষেধাজ্ঞা নতুন চৰকাৰে প্ৰত্যাহাৰ কৰে। 


দেশখনৰ নতুন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী জাহিৰ উদ্দিন স্বপনে স্পষ্ট কৰি দিয়ে যে বাংলাদেশত আই পি এৰ সম্প্ৰচাৰত কোনো ধৰণৰ বাধা নাই। তেওঁ কয় যে চৰকাৰে ক্ৰীড়া আৰু ৰাজনীতিক সানমিহলি কৰিবলৈ নিবিছাৰে। এতিয়া আই পি এলৰ সম্প্ৰচাৰক বাণিজ্যিক দিশেৰেহে চোৱা হ'ব। যিবিলাক চেনেলে আই পি এলৰ খেল সম্প্ৰচাৰ কৰিবলৈ বিচাৰে তেওঁলোকে আবেদন জনাব পাৰে আৰু তেওঁলোকৰ আৱেদনক ইতিবাচক দৃষ্টিভংগীৰে চোৱা হ'ব বুলি মন্ত্ৰীজনে স্পষ্ট কৰি দিয়ে। তেওঁ লগতে কয় যে এতিয়ালৈকে কোনো চেনেলে আই পি এৰ মেচৰ সম্প্ৰচাৰৰ অনুমতি বিচাৰি আৱেদন জনোৱা নাই। আনহাতে যদিহে ষ্টাৰ স্পৰ্টছৰ দৰে আন্তঃৰাষ্ট্ৰীয় স্পর্টছ নেটৱর্কে আই পি এলৰ মেচ বাংলাদেশত দেখুৱাবলৈ বিচাৰে তেতিয়া ইয়াত কোনো ধৰণৰ বাধা নাই। মন্ত্রীজনে কয়, 'চৰকাৰে কাকো বাধ্য নকৰে বা কোনো ধৰণৰ বাধা আৰোপ নকৰে।' 


উল্লেখযোগ্য যে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক আই পি এলৰ পৰা বাহিৰ কৰাৰ পাছত দুয়োখন দেশৰ ক্রিকেট সম্পৰ্কত বিতৰ্কৰ সূত্রপাত হয় আৰু বাংলাদেশ ক্রিকেট ব'ৰ্ডৰ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটে। বাংলাদেশৰ সেই সময়ৰ মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৰ্ৱর্তী চৰকাৰে ভাৰতত অনুষ্ঠিত টি-২০ বিশ্ব কাপলৈ বাংলাদেশৰ দল প্ৰেৰণ কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ পাছত বিশ্ব কাপত আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে (আই চি চি) বাংলাদেশৰ স্থানত স্কটলেণ্ডক খেলাৰ সুযোগ দিয়ে। একে সময়তে ইউনুছৰ চৰকাৰে আই পি এলৰ সম্প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ