--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই মূল্য ভাৰতৰ বাবে লগতে বিশ্বৰ বেছিভাগ দেশৰ বাবেও অতি বেছি। ফলত বহুতে নিজৰ দেশে ফাইনেলত প্ৰৱেশ কৰিলেও ঘৰতে খেল চাবলৈ সিদ্ধান্ত লৈছে।

ডিজিটেল ডেস্ক : আসন্ন বিশ্বকাপ ফুটবলৰ টিকটৰ মূল্য দেখা পাই ইতিমধ্যেই স্তম্ভিত হৈ পৰিছে অনুৰাগীসকল। শেহতীয়াকৈ ফুটবল বিশ্বৰ মহাৰণখনৰ অন্তিম ৰাউণ্ডৰ টিকট মুকলি কৰা হৈছে। ফাইনেলৰ টিকটৰ দাম দেখি অনুৰাগীসকল হতাশ হৈ পৰিছে।


প্ৰতিটো শিতানৰ টিকটৰ মূল্য পূৰ্বৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে। ফিফাই এইবাৰৰ বিশ্ব কাপৰ দাম 'গতিশীল' কৰি ৰাখিছে। অর্থাৎ চাহিদা বাঢ়িলে টিকটৰ মূল্যও বাঢ়িব। 


শেহতীয়াকৈ বজাৰত মুকলি কৰা হৈছে ফাইনেলৰ আটাইতকৈ দামী টিকট। ইয়াৰ মূল্য ১০,৯৯০ ডলাৰ। ভাৰতীয় মুদ্রাত ১০ লাখ ১৯ হাজাৰ টকা। এই মূল্য ভাৰতৰ বাবে লগতে বিশ্বৰ বেছিভাগ দেশৰ বাবেও অতি বেছি। ফলত বহুতে নিজৰ দেশে ফাইনেলত প্ৰৱেশ কৰিলেও ঘৰতে খেল চাবলৈ সিদ্ধান্ত লৈছে। 


ফাইনেলৰ দ্বিতীয় বিভাগৰ টিকটৰ মূল্য ৬ লাখ ৮৭ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে। তৃতীয় বিভাগৰ টিকটৰ মূল্য ৫ লাখ ৩৯ হাজাৰ টকা ৰখা হৈছে। বুধবাৰে নিশা গ্রুপ পৰ্যায়ৰ ৭২ খন খেলৰ ভিতৰত ১৭খন খেলৰ টিকট মুকলি কৰা হয়। নক আউটৰ মেচৰ টিকট এতিয়াও মুকলি কৰা হোৱা নাই। 


উদ্বোধনীৰ খেলখনৰ টিকটৰ মূল্যও আকাশলংঘী। সৰ্বাধিক মূল্যৰ টিকট বিক্ৰী হৈছে ২ লাখ ৫৫ হাজাৰ টকাত। কেইবাখনো মেচৰ টিকট বাকী আছে। কোনেও সেইবোৰ টিকট কিনিবলৈ আগ্রহ প্রকাশ কৰা নাই। ফিফাই কয় যে প্রতিযোগিতাৰ সময়তো যদি টিকট এৰি দিয়া হয় তেন্তে টিকট ক্ৰয় কৰিব পাৰিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু