--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসম ক্রিকেট সন্থাই আনন্দেৰে জনায় যে আগন্তুক ছিজনত গুৱাহাটীয়ে দুখনকৈ আন্তর্জাতিক খেল আয়োজনৰ দায়িত্ব লাভ কৰিছে।

ডিজিটেল ডেস্ক : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ ২০২৬-২৭ ছিজনৰ ঘৰুৱা আন্তঃৰাষ্ট্ৰীয় সূচী ঘোষণাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্রিকেট অনুৰাগীৰ বাবে ৰোমাঞ্চকৰ খবৰ কঢ়িয়াই আনিছে। 


অসম ক্রিকেট সন্থাই আনন্দেৰে জনায় যে আগন্তুক ছিজনত গুৱাহাটীয়ে দুখনকৈ আন্তর্জাতিক খেল আয়োজনৰ দায়িত্ব লাভ কৰিছে। সেই অনুযায়ী ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ২০২৬ চনৰ ২৭ ছেপ্টেম্বৰত আৰম্ভ হ'বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ ৩০ ছেপ্টেম্বৰত দ্বিতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল গুৱাহাটীত অনুষ্ঠিত হ'ব। 


তাৰ পাছত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ ১১ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ তৃতীয়খন টেষ্ট গুৱাহাটীত অনুষ্ঠিত হ'ব। তেনেদৰেই আন্তর্জাতিক ক্রিকেটৰ ভাৰতীয় মানচিত্রত গুৱাহাটী তথা অসম এক উল্লেখযোগ্য কেন্দ্রত পৰিগণিত হ'ব। বিশ্ব মানৰ খেল আয়োজনত এইটো অঞ্চল যে ক্রমশঃ সমর্থবান হৈ গৈ আছে একেটা ছিজনত এদিনীয়া আন্তর্জাতিক আৰু টেষ্ট মেচৰ আয়োজনৰ দায়িত্ব লাভে সেই কথাকেই প্রতিফলিত কৰে। গুৱাহাটীক এনেধৰণৰ সূচীত জড়িত কৰোৱাৰ বাবে অসম ক্রিকেট সন্থাই আই চি চিৰ অধ্যক্ষ জয় শ্বাহ আৰু বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। 


একেদৰে উচ্চ পৰ্যায়ৰ যা-যোগাৰ, ব্যৱস্থাপনাৰে খেলুৱৈ, কর্মকর্তা তথা দর্শক সকলোকে স্মৰণীয় অভিজ্ঞতা প্রদান কৰিবলৈও এ চি এ বদ্ধপৰিকৰ আৰু প্রতিশ্রুতিবদ্ধ হৈ থাকিব। অঞ্চলটোৰ ক্রিকেট অনুৰাগীসকলে গুৱাহাটীৰ এই ৰোমাঞ্চকৰ আন্তঃৰাষ্ট্ৰীয় সূচী উপভোগ কৰিবলৈ নিশ্চয়কৈ আগ্রহী হৈ থাকিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ