--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসম ক্রিকেট সন্থাই আনন্দেৰে জনায় যে আগন্তুক ছিজনত গুৱাহাটীয়ে দুখনকৈ আন্তর্জাতিক খেল আয়োজনৰ দায়িত্ব লাভ কৰিছে।

ডিজিটেল ডেস্ক : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব'ৰ্ডৰ ২০২৬-২৭ ছিজনৰ ঘৰুৱা আন্তঃৰাষ্ট্ৰীয় সূচী ঘোষণাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ক্রিকেট অনুৰাগীৰ বাবে ৰোমাঞ্চকৰ খবৰ কঢ়িয়াই আনিছে। 


অসম ক্রিকেট সন্থাই আনন্দেৰে জনায় যে আগন্তুক ছিজনত গুৱাহাটীয়ে দুখনকৈ আন্তর্জাতিক খেল আয়োজনৰ দায়িত্ব লাভ কৰিছে। সেই অনুযায়ী ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত ২০২৬ চনৰ ২৭ ছেপ্টেম্বৰত আৰম্ভ হ'বলগীয়া তিনিখনীয়া এদিনীয়া শৃংখলাৰ ৩০ ছেপ্টেম্বৰত দ্বিতীয়খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল গুৱাহাটীত অনুষ্ঠিত হ'ব। 


তাৰ পাছত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব'ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ ১১ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ তৃতীয়খন টেষ্ট গুৱাহাটীত অনুষ্ঠিত হ'ব। তেনেদৰেই আন্তর্জাতিক ক্রিকেটৰ ভাৰতীয় মানচিত্রত গুৱাহাটী তথা অসম এক উল্লেখযোগ্য কেন্দ্রত পৰিগণিত হ'ব। বিশ্ব মানৰ খেল আয়োজনত এইটো অঞ্চল যে ক্রমশঃ সমর্থবান হৈ গৈ আছে একেটা ছিজনত এদিনীয়া আন্তর্জাতিক আৰু টেষ্ট মেচৰ আয়োজনৰ দায়িত্ব লাভে সেই কথাকেই প্রতিফলিত কৰে। গুৱাহাটীক এনেধৰণৰ সূচীত জড়িত কৰোৱাৰ বাবে অসম ক্রিকেট সন্থাই আই চি চিৰ অধ্যক্ষ জয় শ্বাহ আৰু বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। 


একেদৰে উচ্চ পৰ্যায়ৰ যা-যোগাৰ, ব্যৱস্থাপনাৰে খেলুৱৈ, কর্মকর্তা তথা দর্শক সকলোকে স্মৰণীয় অভিজ্ঞতা প্রদান কৰিবলৈও এ চি এ বদ্ধপৰিকৰ আৰু প্রতিশ্রুতিবদ্ধ হৈ থাকিব। অঞ্চলটোৰ ক্রিকেট অনুৰাগীসকলে গুৱাহাটীৰ এই ৰোমাঞ্চকৰ আন্তঃৰাষ্ট্ৰীয় সূচী উপভোগ কৰিবলৈ নিশ্চয়কৈ আগ্রহী হৈ থাকিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু