--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অষ্ট্ৰেলিয়াৰ দৰে ভাৰততো শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ পক্ষে মত পোষণ কৰে মাদ্রাজ উচ্চ ন্যায়ালয়ে।

ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়াৰ দৰে ভাৰততো শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ পক্ষে মত পোষণ কৰে মাদ্রাজ উচ্চ ন্যায়ালয়ে। 


উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক কয় যে শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগে। মাদ্রাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই পীঠত দাখিল কৰা এখন ৰাজহুৱা স্বার্থ জড়িত আৱেদনৰ শুনানি লৈ কেন্দ্ৰীয় চৰকাৰক এই পৰামৰ্শ দিয়া হয়। 


শিশুসকলে অনলাইন অশ্লীল সামগ্রী (অনলাইন পর্ন'গ্রাফিক কনটেন্ট) লাভ কৰাৰ প্ৰসংগক লৈ দাখিল কৰা এখন ৰাজহুৱা স্বার্থ জড়িত আৱেদনৰ শুনানি লৈ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক এই পৰামৰ্শ দিয়ে। আবেদনকাৰীয়ে এই প্রসংগত অষ্ট্ৰেলিয়াৰ আইনৰ কথাও উল্লেখ কৰে। শুনানি গ্রহণ কৰি বিচাৰপীঠে কয় যে ইণ্টাৰনেট ছাৰ্ভিছ প্রভাইডাক (আই এছ পি) লৈ কঠোৰ আইন প্ৰণয়ন কৰিব লাগে। তেওঁলোকে অনিবার্যভাৱে 'পেৰেন্টেল উইণ্ড' ছাৰ্ভিচ'ৰ (অভিভাৱকৰ নিয়ন্ত্রণ) ব্যৱস্থা কৰিব লাগে, যাৰ জৰিয়তে পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ অনলাইন কার্যকলাপ ফিল্টাৰ আৰু নিয়ন্ত্ৰণ কৰিব পাৰে। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াই ৯ ডিচেম্বৰত ১৬ বছৰতকৈ কম বয়সৰ শিশুৰ সামাজিক মাধ্যম প্লেটফর্মত একাউন্ট খোলাটো নিষিদ্ধ কৰে। এনে ধৰণৰ আইন প্ৰণয়ন কৰা অষ্ট্ৰেলিয়া প্রথমখন দেশ। আদালতে এই বুলি পৰামৰ্শ দিয়ে যে যেতিয়ালৈকে নতুন আইন প্রণয়ন কৰা নহয়, তেতিয়ালৈকে চৰকাৰ আৰু আয়োগে সজাগতা অভিযান ক্ষিপ্ৰ কৰিব লাগে। শিশু আৰু পিতৃ-মাতৃক সুৰক্ষিত ইণ্টাৰনেট ব্যৱহাৰৰ উপায়ৰ বিষয়ে সৰল ভাষাত বুজাই দিব লাগে। স্কুল, সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে শিশু আৰু অভিভাৱকক সুৰক্ষিত ইণ্টাৰনেটৰ বিষয়ে জনাব লাগে। 


ইয়াৰ লগতে আই এছ পিক অভিভাৱকে নিয়ন্ত্ৰণ কৰাৰ সুবিধা সহজ কৰি তোলাটো বাধ্যতামূলক কৰিব লাগে। উল্লেখযোগ্য যে ভাৰতত ১০-১৫ বছৰ বয়সৰ ৯৬% শিশুৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰে। আনহাতে শিশুৱে ইণ্টাৰনেটৰ জৰিয়তে সহজে হিংসা আৰু অশ্লীল বিষয়বস্তু চোৱাৰ সুবিধা লাভ কৰে। ইয়াৰ প্ৰভাৱ তেওঁলোকৰ মানসিক স্বাস্থ্যত পৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ