--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অষ্ট্ৰেলিয়াৰ দৰে ভাৰততো শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ পক্ষে মত পোষণ কৰে মাদ্রাজ উচ্চ ন্যায়ালয়ে।

ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়াৰ দৰে ভাৰততো শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ পক্ষে মত পোষণ কৰে মাদ্রাজ উচ্চ ন্যায়ালয়ে। 


উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক কয় যে শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিব লাগে। মাদ্রাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই পীঠত দাখিল কৰা এখন ৰাজহুৱা স্বার্থ জড়িত আৱেদনৰ শুনানি লৈ কেন্দ্ৰীয় চৰকাৰক এই পৰামৰ্শ দিয়া হয়। 


শিশুসকলে অনলাইন অশ্লীল সামগ্রী (অনলাইন পর্ন'গ্রাফিক কনটেন্ট) লাভ কৰাৰ প্ৰসংগক লৈ দাখিল কৰা এখন ৰাজহুৱা স্বার্থ জড়িত আৱেদনৰ শুনানি লৈ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক এই পৰামৰ্শ দিয়ে। আবেদনকাৰীয়ে এই প্রসংগত অষ্ট্ৰেলিয়াৰ আইনৰ কথাও উল্লেখ কৰে। শুনানি গ্রহণ কৰি বিচাৰপীঠে কয় যে ইণ্টাৰনেট ছাৰ্ভিছ প্রভাইডাক (আই এছ পি) লৈ কঠোৰ আইন প্ৰণয়ন কৰিব লাগে। তেওঁলোকে অনিবার্যভাৱে 'পেৰেন্টেল উইণ্ড' ছাৰ্ভিচ'ৰ (অভিভাৱকৰ নিয়ন্ত্রণ) ব্যৱস্থা কৰিব লাগে, যাৰ জৰিয়তে পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ অনলাইন কার্যকলাপ ফিল্টাৰ আৰু নিয়ন্ত্ৰণ কৰিব পাৰে। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াই ৯ ডিচেম্বৰত ১৬ বছৰতকৈ কম বয়সৰ শিশুৰ সামাজিক মাধ্যম প্লেটফর্মত একাউন্ট খোলাটো নিষিদ্ধ কৰে। এনে ধৰণৰ আইন প্ৰণয়ন কৰা অষ্ট্ৰেলিয়া প্রথমখন দেশ। আদালতে এই বুলি পৰামৰ্শ দিয়ে যে যেতিয়ালৈকে নতুন আইন প্রণয়ন কৰা নহয়, তেতিয়ালৈকে চৰকাৰ আৰু আয়োগে সজাগতা অভিযান ক্ষিপ্ৰ কৰিব লাগে। শিশু আৰু পিতৃ-মাতৃক সুৰক্ষিত ইণ্টাৰনেট ব্যৱহাৰৰ উপায়ৰ বিষয়ে সৰল ভাষাত বুজাই দিব লাগে। স্কুল, সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে শিশু আৰু অভিভাৱকক সুৰক্ষিত ইণ্টাৰনেটৰ বিষয়ে জনাব লাগে। 


ইয়াৰ লগতে আই এছ পিক অভিভাৱকে নিয়ন্ত্ৰণ কৰাৰ সুবিধা সহজ কৰি তোলাটো বাধ্যতামূলক কৰিব লাগে। উল্লেখযোগ্য যে ভাৰতত ১০-১৫ বছৰ বয়সৰ ৯৬% শিশুৱে সামাজিক মাধ্যম ব্যৱহাৰ কৰে। আনহাতে শিশুৱে ইণ্টাৰনেটৰ জৰিয়তে সহজে হিংসা আৰু অশ্লীল বিষয়বস্তু চোৱাৰ সুবিধা লাভ কৰে। ইয়াৰ প্ৰভাৱ তেওঁলোকৰ মানসিক স্বাস্থ্যত পৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু