--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ উদ্দেশ্য হ'ল ৰাষ্ট্ৰীয় নেতাসকলৰ অৱদান তথা চিন্তাধাৰাক প্ৰদৰ্শন কৰি যুৱপ্ৰজন্মক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰেৰণা যোগোৱা।

ডিজিটেল ডেস্ক: ভূতপূর্ব প্রধানমন্ত্রী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ১০১ বছৰীয়া জয়ন্তীৰ দিনটোতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত প্রধানমন্ত্রীয়ে আকাৰে-ইংগিতে গান্ধী পৰিয়ালক সমালোচনা কৰে। ভাষণত তেওঁ স্বাধীনতাৰ পাছত দেশত হোৱা সকলো ভাল কাম এটা পৰিয়ালৰ সৈতে জড়িত কৰাৰ প্ৰৱণতাৰ বিষয়ে উল্লেখ কৰে।


উল্লেখযোগ্য যে ৰাষ্ট্ৰ প্ৰেৰণা স্থল বাজপেয়ী, আৰ এছ এছৰ প্রতিষ্ঠাপক শ্যামাপ্রসাদ মুখার্জী আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ সন্মানার্থে নিৰ্মাণ কৰা হৈছে। প্রায় ২৩০ কোটি টকা ব্যয়সাপেক্ষে ৬৫ একৰ মাটিত নির্মাণ কৰা প্ৰেৰণা স্থলত বাজপেয়ী, শ্যামাপ্রসাদ মুখার্জী আৰু উপধ্যায়াৰ তিনিটা বিশাল প্রতিমূর্তি স্থাপন কৰা হৈছে।


প্রধানমন্ত্রীয়ে তিনিওজনৰে প্রতিমূর্তি উন্মোচন কৰে। ইয়াত এটা সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰও আছে আৰু ইয়াৰ উদ্দেশ্য হ'ল ৰাষ্ট্ৰীয় নেতাসকলৰ অৱদান তথা চিন্তাধাৰাক প্ৰদৰ্শন কৰি যুৱপ্ৰজন্মক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে প্ৰেৰণা যোগোৱা। প্রধানমন্ত্রীয়ে ভাষণত কয় যে কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰসমূহে ভালেমান মহান ৰাষ্ট্ৰীয় নেতাক অৱহেলা কৰি মাত্ৰ এটা পৰিয়ালৰ পৰিচয়তে সীমিত ৰাখিলে। তেওঁ কয় যে বিজেপিৰ বাবে গৰ্বৰ কথাটো হ'ল 'আমাৰ চৰকাৰে ৩৭০ নম্বৰ অনুচ্ছেদৰ প্ৰাচীৰ ভাঙি পেলালে। এতিয়া ভাৰতৰ সংবিধান জম্মু আৰু কাশ্মীৰত সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছে।'


প্রধানমন্ত্রীয়ে কয় যে শ্যামাপ্রসাদ মুখার্জীয়ে দেশত দুখন সংবিধান, দুটা প্রতীক আৰু দুজন প্ৰধানৰ বিধানক খাৰিজ কৰিছিল। তেওঁ কংগ্ৰেছ চৰকাৰৰ দিনৰ শ্ল'গান 'গৰিবী হটাও'ক সমালোচনা কৰি কয় যে আজি অটলজীৰ জয়ন্তীৰ এই দিনটো সুশাসনৰ উৎসৱৰ দিন। দীঘলীয়া সময় ধৰি এই দেশখনত গৰিবী হটাওৰ দৰে শ্ল'গানকহে সুশাসন বুলি ধৰি লোৱা হৈছিল। কিন্তু অটলজীয়ে প্রকৃতার্থত সুশাসনক মাটিলৈ নমালে।' প্রধানমন্ত্রীয়ে কয় যে বিজেপিয়ে ভাৰতৰ বিকাশৰ কৃতিত্ব কেৱল এটা পৰিয়ালক দিয়াৰ চিন্তাধাৰাৰ পৰা আগলৈ গৈ আন নেতাকো স্বীকৃতি দিছে।


তেওঁ এই বুলি অভিযোগ কৰে যে কংগ্ৰেছৰ দিনত বিজেপিৰ জ্যেষ্ঠ নেতাসকলক অপমান কৰা হৈছিল। বিজেপিৰ চৰকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখার্জী আৰু প্ৰাক্তন প্রধানমন্ত্রী পি ভি নৰসিংহ ৰাওৰ পৰা আৰম্ভ কৰি বি আৰ আম্বেদকাৰ আৰু চৰ্দাৰ পেটেলক সম্পূর্ণ সম্মান যাচিছে। তেওঁ কয়, 'কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহে ৰাজনৈতিকভাবে বিজেপিক সদায় অস্পৃশ্য কৰি ৰাখিছে, কিন্তু বিজেপিৰ শিষ্টাচাৰে সকলোকে সন্মান জনাবলৈ শিকনি দিয়ে। যোৱা ১১ বছৰত এন ডি এ চৰকাৰৰ দিনত নৰসিংহ ৰাও ডাঙৰীয়া আৰু প্ৰণৱ বাবুক ভাৰত ৰত্ন দিয়া হৈছে। এইখনেই আমাৰ চৰকাৰ যি মুলায়েম সিং যাদৱ আৰু তৰুণ গগৈৰ দৰে ভালেমান নেতাক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিছে। কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ পৰা এনে আশা কৰিব নোৱাৰি।'


ভাষণত মোদীয়ে কয় যে স্বাধীনতাৰ পাছত ভাৰতত হোৱা সকলো কামৰ কৃতিত্ব মাত্ৰ এটা পৰিয়ালক দিয়াৰ এক প্রবৃত্তি দেখা পোৱা গৈছিল। কিতাপেই হওক বা চৰকাৰী আঁচনিয়েই হওক, চৰকাৰী প্ৰতিষ্ঠান, পথ আৰু আনকি চক এই সকলো এটা পৰিয়ালৰ গৌৰৱৰ সৈতে জড়িত হৈ আছিল। বিজেপিয়ে দেশক এটা পৰিয়ালৰ সৈতে জড়িত কৰাৰ এই পুৰণি ব্যৱস্থাৰ বন্ধৰ পৰা মুক্ত কৰিলে। প্ৰধানমন্ত্ৰীয়ে কয়, 'আমাৰ চৰকাৰে ভাৰত মাতৃৰ সেৱা কৰি প্রতিটো শিশুৰ, প্ৰতিজন ব্যক্তিৰ অৱদানক সন্মানিত কৰিছে।


আজি নেতাজী সুভাষ বসুৰ প্ৰতিমূৰ্তি দিল্লীৰ কৰ্তব্য পথত আছে... বাবা আম্বেদকাৰৰ ঐতিহ্যক কেনেকৈ নষ্ট কৰা হ'ল সেই কথা কোনেও পাহৰিব নোৱাৰে।' তেওঁ কয় যে দিল্লীত কংগ্ৰেছৰ ৰাজপৰিয়ালে এই পাপ কৰিলে আৰু উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ লোকসকলে এই পাপ কৰিলে।' বাবা চাহেবৰ ঐতিহ্যক বিজেপিয়ে নষ্ট হ'বলৈ দিয়া নাই বুলি তেওঁ কয়। এতিয়া দিল্লীৰ পৰা লণ্ডনলৈকে বাবা আম্বেদকাৰৰ পঞ্চ তীৰ্থই তেওঁৰ ঐতিহ্যৰ উৎসৱ পালন কৰিছে। চৰ্দাৰ বল্লভভাই পেটেলে আমাৰ দেশক এক কৰিলে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ কাম আৰু মহানতাক কম কৰাৰ চেষ্টা কৰা হৈছিল।


প্ৰধানমন্ত্ৰীয়ে কয়, প্রতি বছৰে ৩১ অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। আমাৰ দেশে দশক দশক ধৰি আদিবাসীসকলে আগবঢ়োৱা অৱদানকো সন্মানিত কৰিছে। তেওঁ কয়, পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ এক বিশেষ পৰিচয় থাকে। ই অসুৰক্ষাৰে ভৰি থাকে। সেয়েহে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰাসকলৰ বাবে আনৰ লাইন সৰু কৰাৰ প্রয়োজন হৈ পৰে যাতে তেওঁলোকৰ পৰিয়ালৰ স্থিতি দেখা পায় আৰু তেওঁলোকৰ দোকান চলাই ৰাখে। উল্লেখযোগ্য যে প্ৰেৰণা স্থলত নিৰ্মাণ কৰা মূৰ্তি তিনিটাৰ উচ্চতা ৬৫ ফুট আৰু ওজন প্রায় ৪২ টন। ইয়াৰ প্লেটফৰ্মৰ চৌদিশে পানীৰে পূৰ্ণ পুখুৰী আছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement