--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পাৰস্পৰিক লাভ অর্জন আৰু এছিয়া তথা বিশ্বৰ সুস্থিৰতাৰ বাবে সহযোগ কৰিবলৈ এক ভাল প্রতিৱেশীমূলক অৱস্থা সৃষ্টিৰ প্ৰয়োজনৰ বিষয়তো সিঙে গুৰুত্ব দিয়ে

ডিজিটেল ডেস্ক : অপাৰেশ্যন অর্গেনাইজেশ্যন (এছ চি অ') প্ৰতিৰক্ষা মন্ত্ৰী বৈঠকৰ আজৰি সময়ত বৃহস্পতিবাৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ডং জুনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়।


সিঙে আলোচনাত সীমান্ত বিষয়ৰ কার্যপ্রণালী (মেকানিজম) পুনৰ উজ্জীৱিত কৰি সীমান্ত ব্যৱস্থাপনা আৰু সীমা নির্ধাৰণৰ এক স্থায়ী সমাধান উদ্ভাৱনত জোৰ দিয়ে। আলোচনাৰ সময়ত দুয়োজন নেতাই ভাৰত-চীন সীমান্তত শান্তি আৰু নিৰুপদ্ৰৱ অৱস্থা বৰ্তাই ৰখাৰ প্ৰয়োজনৰ বিষয়ত 'বিস্তৃতভাৱে' আলোচনা কৰে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰেৰণ কৰা বিজ্ঞপ্তি মতে, দ্বিপাক্ষিক সম্পৰ্কত স্বাভাৱিকতাৰ এক আভাস ওভতাই আনিবলৈ দুয়োখন দেশে পদক্ষেপ গ্রহণ কৰাৰ কথা সিঙে স্বীকাৰ কৰে। স্থায়ী যোগাযোগ আৰু উত্তেজনাৰ তীব্রতা হ্ৰাসৰ এক ৰ'ডমেপৰ যোগেদি জটিল সমস্যাবোৰ সমাধানৰ প্ৰয়োজনীয়তাৰ বিষয়তো সিঙে আলোকপাত কৰে।


পাৰস্পৰিক লাভ অর্জন আৰু এছিয়া তথা বিশ্বৰ সুস্থিৰতাৰ বাবে সহযোগ কৰিবলৈ এক ভাল প্রতিৱেশীমূলক অৱস্থা সৃষ্টিৰ প্ৰয়োজনৰ বিষয়তো সিঙে গুৰুত্ব দিয়ে। ২০২০ চনৰ সীমান্ত অচলাৱস্থাৰ পাছত হেৰাই যোৱা বিশ্বাস পুনৰ ওভতাই আনিবলৈ তৃণমূল পর্যায়ত কার্যব্যৱস্থা গ্রহণৰো সিঙে আহ্বান জনায়।


প্রতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, 'বর্তমান থকা কাৰ্যপ্ৰণালীৰ যোগেদি, সংঘৰ্ষৰ পৰা আঁতৰি থকা, উত্তেজনা হ্রাস কৰা, সীমান্ত ব্যৱস্থাপনা আৰু সীমা নির্ধাৰণ সম্পৰ্কীয় সমস্যাবোৰত অগ্ৰগতিৰ বাবে বিভিন্ন পর্যায়ত আলোচনাৰ বাবে দুয়োজন মন্ত্রী সন্মত হয়।'


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ