--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পাৰস্পৰিক লাভ অর্জন আৰু এছিয়া তথা বিশ্বৰ সুস্থিৰতাৰ বাবে সহযোগ কৰিবলৈ এক ভাল প্রতিৱেশীমূলক অৱস্থা সৃষ্টিৰ প্ৰয়োজনৰ বিষয়তো সিঙে গুৰুত্ব দিয়ে

ডিজিটেল ডেস্ক : অপাৰেশ্যন অর্গেনাইজেশ্যন (এছ চি অ') প্ৰতিৰক্ষা মন্ত্ৰী বৈঠকৰ আজৰি সময়ত বৃহস্পতিবাৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ডং জুনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়।


সিঙে আলোচনাত সীমান্ত বিষয়ৰ কার্যপ্রণালী (মেকানিজম) পুনৰ উজ্জীৱিত কৰি সীমান্ত ব্যৱস্থাপনা আৰু সীমা নির্ধাৰণৰ এক স্থায়ী সমাধান উদ্ভাৱনত জোৰ দিয়ে। আলোচনাৰ সময়ত দুয়োজন নেতাই ভাৰত-চীন সীমান্তত শান্তি আৰু নিৰুপদ্ৰৱ অৱস্থা বৰ্তাই ৰখাৰ প্ৰয়োজনৰ বিষয়ত 'বিস্তৃতভাৱে' আলোচনা কৰে। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰেৰণ কৰা বিজ্ঞপ্তি মতে, দ্বিপাক্ষিক সম্পৰ্কত স্বাভাৱিকতাৰ এক আভাস ওভতাই আনিবলৈ দুয়োখন দেশে পদক্ষেপ গ্রহণ কৰাৰ কথা সিঙে স্বীকাৰ কৰে। স্থায়ী যোগাযোগ আৰু উত্তেজনাৰ তীব্রতা হ্ৰাসৰ এক ৰ'ডমেপৰ যোগেদি জটিল সমস্যাবোৰ সমাধানৰ প্ৰয়োজনীয়তাৰ বিষয়তো সিঙে আলোকপাত কৰে।


পাৰস্পৰিক লাভ অর্জন আৰু এছিয়া তথা বিশ্বৰ সুস্থিৰতাৰ বাবে সহযোগ কৰিবলৈ এক ভাল প্রতিৱেশীমূলক অৱস্থা সৃষ্টিৰ প্ৰয়োজনৰ বিষয়তো সিঙে গুৰুত্ব দিয়ে। ২০২০ চনৰ সীমান্ত অচলাৱস্থাৰ পাছত হেৰাই যোৱা বিশ্বাস পুনৰ ওভতাই আনিবলৈ তৃণমূল পর্যায়ত কার্যব্যৱস্থা গ্রহণৰো সিঙে আহ্বান জনায়।


প্রতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে, 'বর্তমান থকা কাৰ্যপ্ৰণালীৰ যোগেদি, সংঘৰ্ষৰ পৰা আঁতৰি থকা, উত্তেজনা হ্রাস কৰা, সীমান্ত ব্যৱস্থাপনা আৰু সীমা নির্ধাৰণ সম্পৰ্কীয় সমস্যাবোৰত অগ্ৰগতিৰ বাবে বিভিন্ন পর্যায়ত আলোচনাৰ বাবে দুয়োজন মন্ত্রী সন্মত হয়।'


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক