--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যেতিয়া আমি মহাকাশৰ পৰা চাওঁ, তেতিয়া ভাৰতৰ আকাৰ যিকোনো মানচিত্ৰতকৈ বহু ডাঙৰ যেন লাগে

ডিজিটেল ডেস্ক : মহাকাশৰ পৰা ভাৰতক মেপত দেখাতকৈ চমৎকাৰ আৰু বৃহৎ দেখায়। আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত ভৰি দিয়া প্ৰথমজন ভাৰতীয় গ্রুপ কেপ্টেইন শুভাংশু শুক্লাই শনিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বার্তালাপত এই কথা প্রকাশ কৰে।


উল্লেখযোগ্য যে ১৯৮৪ চনত মহাকাশ যাত্ৰা কৰা ৰাকেশ শৰ্মাৰ পাছত ৩৯ বছৰীয়া শুক্লা হৈছে দ্বিতীয়জন ভাৰতীয় মহাকাশচাৰী।


ইতিহাস সৃষ্টি কৰা বাবে শুক্লাক প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে তেওঁ মাতৃভূমিৰ পৰা বহু আঁতৰত থাকিলেও এতিয়াও ভাৰতীয়ৰ হৃদয়ত আছে।' এগজিয়ম মিছন-৪ত মহাকাশলৈ যোৱা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কলেৰে ১৮ মিনিট ২৫ ছেকেণ্ড বাৰ্তালাপ কৰে। প্রধানমন্ত্রী কার্যালয়ে শনিবাৰে বিয়লি ৫-৪৯ বজাত এই বাৰ্তালাপৰ ভিডিঅ' প্রকাশ কৰে। মোদী আৰু শুক্লাৰ মাজত ১৮ মিনিট ২৫ ছেকেণ্ড বার্তালাপ হয়।


প্রধানমন্ত্রীয়ে কয়, 'আপোনাৰ নামৰ সৈতেও শুভ আছে আৰু আপোনাৰ যাত্রা নতুন যুগৰ শুভাৰম্ভ।' প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'বর্তমান কেবল আমি কথা পাতি আছোঁ, কিন্তু ১৪০ কোটি ভাৰতীয়ৰ অনুভৱ মোৰ সৈতে আছে। মোৰ কণ্ঠত সকলো ভাৰতীয়ৰ উৎসাহ আৰু আনন্দ আছে। মহাকাশত আমাৰ পতাকা জোকাৰা বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা।' শুভাংশু শুক্লাই কয়, 'এই যাত্রা কেবল মোৰ নহয়, সমগ্র দেশৰ যাত্রা। আপোনাৰ নেতৃত্বত আজিৰ ভাৰতে নিজৰ সপোন পুৰাবলৈ বহু সুযোগ দিছে। মই ভাৰতক প্রতিনিধিত্ব কৰি গৌৰৱ অনুভৱ কৰিছোঁ।' প্রধানমন্ত্রী মোদীয়ে শুক্লাক তেওঁ লৈ যোৱা গাজৰৰ হালোৱাৰ বিষয়েও প্রশ্ন কৰে। শুক্লাই কয়, 'হয় মই গাজৰৰ হালোৱা, মণ্ড দাইলৰ হালোৱা-আৰু আমৰ ৰস আনিছিলোঁ। মই বিচাৰোঁ আন দেশৰ পৰা মোৰ সৈতে অহা সকলো লোকে সমৃদ্ধ ভাৰতীয় ৰন্ধনকলাৰ আনন্দ লওক। আমি সকলোৱে একেলগে এইবোৰ খালোঁ আৰু সকলোৱে ইয়াক ভাল পালে।'


প্রধানমন্ত্রী মোদীয়ে শুক্লাক প্ৰশ্ন কৰে, 'পৃথিৱী মাতৃক প্রদক্ষিণ কৰাৰ আপুনি সুযোগ লাভ কৰিলে। এতিয়া আপুনি ক'ত আছে।' মোদীৰ প্ৰশ্নৰ উত্তৰত শুভাংশু শুক্লাই কয়, 'আমি (পৃথিৱীৰ) ১৬ বাৰ প্ৰদক্ষিণ-কৰোঁ। ১৬ সূর্যাস্ত আৰু ১৬ সূর্যোদয় দেখোঁ। ঘণ্টাত ২৮ হাজাৰ কিল'মিটাৰ বেগত গতি কৰে। এই গতিয়ে দেখুৱায় আমাৰ দেশে কিমান বেগেৰে আগলৈ গতি কৰিছে।' মহাকাশৰ বিশালতাৰ অনুভৱৰ বিষয়ে মোদীয়ে সোধা প্রশ্নত শুক্লাই কয়, 'প্রথম দৃশ্য আছিল পৃথিৱীৰ। এই দৃশ্য দেখি ভাব হ'ল পৃথিৱী একেই। বাহিৰৰ পৰা সীমাৰেখা, কোনো সীমান্ত দেখা নাযায়। ভাৰতক যেতিয়া দেখিলোঁ চমৎকাৰ আৰু বৃহৎ-দেখি। পৃথিৱীৰ বৈচিত্র্যৰ মাজৰ একতা দেখি।' তেওঁ আৰু কয়, 'মহাকাশৰ পৰা যেতিয়া ভাৰতক দেখিলোঁ, তেতিয়া গম পালোঁ যে মেপত আমি যি দেশক দেখোঁ, তাতকৈও ভাৰত সচাঁকৈয়ে চমৎকাৰ আৰু বৃহৎ।'


উল্লেখযোগ্য যে শুভাংশু শুক্লা সহযোগীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত (আই এছ এছ) ১৪ দিন থাকিব আৰু বিভিন্ন তথ্য সংগ্ৰহ কৰিব। যোৱা বুধবাৰে আমেৰিকাৰ ফ্লৰিডাত থকা নাছাৰ কেনেডী মহাকাশ কেন্দ্ৰৰ পৰা শুক্লা আৰু আন তিনিজন মহাকাশচাৰী যোৱা স্পে'চএক্স ড্রেগন মহাকাশ যানখন উৎক্ষেপণ কৰা হৈছিল। ২৮ ঘণ্টাৰ যাত্ৰাৰ পাছত দলটো আই এছ এছৰ উপস্থিত হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ