--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যেতিয়া আমি মহাকাশৰ পৰা চাওঁ, তেতিয়া ভাৰতৰ আকাৰ যিকোনো মানচিত্ৰতকৈ বহু ডাঙৰ যেন লাগে

ডিজিটেল ডেস্ক : মহাকাশৰ পৰা ভাৰতক মেপত দেখাতকৈ চমৎকাৰ আৰু বৃহৎ দেখায়। আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত ভৰি দিয়া প্ৰথমজন ভাৰতীয় গ্রুপ কেপ্টেইন শুভাংশু শুক্লাই শনিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বার্তালাপত এই কথা প্রকাশ কৰে।


উল্লেখযোগ্য যে ১৯৮৪ চনত মহাকাশ যাত্ৰা কৰা ৰাকেশ শৰ্মাৰ পাছত ৩৯ বছৰীয়া শুক্লা হৈছে দ্বিতীয়জন ভাৰতীয় মহাকাশচাৰী।


ইতিহাস সৃষ্টি কৰা বাবে শুক্লাক প্রশংসা কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে তেওঁ মাতৃভূমিৰ পৰা বহু আঁতৰত থাকিলেও এতিয়াও ভাৰতীয়ৰ হৃদয়ত আছে।' এগজিয়ম মিছন-৪ত মহাকাশলৈ যোৱা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কলেৰে ১৮ মিনিট ২৫ ছেকেণ্ড বাৰ্তালাপ কৰে। প্রধানমন্ত্রী কার্যালয়ে শনিবাৰে বিয়লি ৫-৪৯ বজাত এই বাৰ্তালাপৰ ভিডিঅ' প্রকাশ কৰে। মোদী আৰু শুক্লাৰ মাজত ১৮ মিনিট ২৫ ছেকেণ্ড বার্তালাপ হয়।


প্রধানমন্ত্রীয়ে কয়, 'আপোনাৰ নামৰ সৈতেও শুভ আছে আৰু আপোনাৰ যাত্রা নতুন যুগৰ শুভাৰম্ভ।' প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'বর্তমান কেবল আমি কথা পাতি আছোঁ, কিন্তু ১৪০ কোটি ভাৰতীয়ৰ অনুভৱ মোৰ সৈতে আছে। মোৰ কণ্ঠত সকলো ভাৰতীয়ৰ উৎসাহ আৰু আনন্দ আছে। মহাকাশত আমাৰ পতাকা জোকাৰা বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা।' শুভাংশু শুক্লাই কয়, 'এই যাত্রা কেবল মোৰ নহয়, সমগ্র দেশৰ যাত্রা। আপোনাৰ নেতৃত্বত আজিৰ ভাৰতে নিজৰ সপোন পুৰাবলৈ বহু সুযোগ দিছে। মই ভাৰতক প্রতিনিধিত্ব কৰি গৌৰৱ অনুভৱ কৰিছোঁ।' প্রধানমন্ত্রী মোদীয়ে শুক্লাক তেওঁ লৈ যোৱা গাজৰৰ হালোৱাৰ বিষয়েও প্রশ্ন কৰে। শুক্লাই কয়, 'হয় মই গাজৰৰ হালোৱা, মণ্ড দাইলৰ হালোৱা-আৰু আমৰ ৰস আনিছিলোঁ। মই বিচাৰোঁ আন দেশৰ পৰা মোৰ সৈতে অহা সকলো লোকে সমৃদ্ধ ভাৰতীয় ৰন্ধনকলাৰ আনন্দ লওক। আমি সকলোৱে একেলগে এইবোৰ খালোঁ আৰু সকলোৱে ইয়াক ভাল পালে।'


প্রধানমন্ত্রী মোদীয়ে শুক্লাক প্ৰশ্ন কৰে, 'পৃথিৱী মাতৃক প্রদক্ষিণ কৰাৰ আপুনি সুযোগ লাভ কৰিলে। এতিয়া আপুনি ক'ত আছে।' মোদীৰ প্ৰশ্নৰ উত্তৰত শুভাংশু শুক্লাই কয়, 'আমি (পৃথিৱীৰ) ১৬ বাৰ প্ৰদক্ষিণ-কৰোঁ। ১৬ সূর্যাস্ত আৰু ১৬ সূর্যোদয় দেখোঁ। ঘণ্টাত ২৮ হাজাৰ কিল'মিটাৰ বেগত গতি কৰে। এই গতিয়ে দেখুৱায় আমাৰ দেশে কিমান বেগেৰে আগলৈ গতি কৰিছে।' মহাকাশৰ বিশালতাৰ অনুভৱৰ বিষয়ে মোদীয়ে সোধা প্রশ্নত শুক্লাই কয়, 'প্রথম দৃশ্য আছিল পৃথিৱীৰ। এই দৃশ্য দেখি ভাব হ'ল পৃথিৱী একেই। বাহিৰৰ পৰা সীমাৰেখা, কোনো সীমান্ত দেখা নাযায়। ভাৰতক যেতিয়া দেখিলোঁ চমৎকাৰ আৰু বৃহৎ-দেখি। পৃথিৱীৰ বৈচিত্র্যৰ মাজৰ একতা দেখি।' তেওঁ আৰু কয়, 'মহাকাশৰ পৰা যেতিয়া ভাৰতক দেখিলোঁ, তেতিয়া গম পালোঁ যে মেপত আমি যি দেশক দেখোঁ, তাতকৈও ভাৰত সচাঁকৈয়ে চমৎকাৰ আৰু বৃহৎ।'


উল্লেখযোগ্য যে শুভাংশু শুক্লা সহযোগীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানত (আই এছ এছ) ১৪ দিন থাকিব আৰু বিভিন্ন তথ্য সংগ্ৰহ কৰিব। যোৱা বুধবাৰে আমেৰিকাৰ ফ্লৰিডাত থকা নাছাৰ কেনেডী মহাকাশ কেন্দ্ৰৰ পৰা শুক্লা আৰু আন তিনিজন মহাকাশচাৰী যোৱা স্পে'চএক্স ড্রেগন মহাকাশ যানখন উৎক্ষেপণ কৰা হৈছিল। ২৮ ঘণ্টাৰ যাত্ৰাৰ পাছত দলটো আই এছ এছৰ উপস্থিত হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক