--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় চোৰাংচোৱাৰ সূত্ৰই প্রকাশ কৰা অনুসৰি, চীনে এই মহ-সদৃশ ড্ৰ'নেৰে চুবুৰীয়া ৰাষ্ট্ৰৰ গোপন তথ্য চুৰ কৰা কাৰ্যত ব্যৱহাৰ কৰিব। তদুপৰি, এই মহ-সদৃশ ড্র'নেৰে বিপজ্জনক সামগ্রী কঢ়িওৱাৰ লগতে ইয়াৰ নিৰীক্ষণ ক্ষমতাও বৃদ্ধি কৰিব পাৰিব চীনে

ডিজিটেল ডেস্কঃ চুবুৰীয়া ভাৰতলৈ নিৰাপত্তাৰ প্ৰতি ভাবুকি আনি চীনে চোৰাংচোৱাগিৰি কৰা বা ভয়ংকৰ সামৰিক অভিযানৰ বাবে ব্যৱহাৰ কৰিবলৈ এটা মহ সদৃশ ড্র'নৰ পৰীক্ষণ শেহতীয়াকৈ সফলতাৰে সম্পন্ন কৰিছে।


ভাৰতীয় চোৰাংচোৱাৰ সূত্ৰই প্রকাশ কৰা অনুসৰি, চীনে এই মহ-সদৃশ ড্ৰ'নেৰে চুবুৰীয়া ৰাষ্ট্ৰৰ গোপন তথ্য চুৰ কৰা কাৰ্যত ব্যৱহাৰ কৰিব। তদুপৰি, এই মহ-সদৃশ ড্র'নেৰে বিপজ্জনক সামগ্রী কঢ়িওৱাৰ লগতে ইয়াৰ নিৰীক্ষণ ক্ষমতাও বৃদ্ধি কৰিব পাৰিব চীনে।


চীনে প্রকাশ কৰা তথ্য অনুসৰি, এই সূক্ষ্ম ড্ৰ'নখন মহৰ দৰে দেখা যাব আৰু এই ড্র 'নখন সংগোপনে-শান্তভাৱে উৰাৰ বাবে নিৰ্মাণ কৰা হৈছে। ভাৰতৰ বাবে এই ড্র'নখনে এইবাবে উদ্বিগ্নতা বৃদ্ধি কৰিছে যে চীনে এই ড্র'নখন চোৰাংচোৱাগিৰি কৰাৰ বাবে আৰু ভয়ংকৰ সামৰিক অভিযানত ব্যৱহাৰ কৰিব।


'দ্য ছান' নামৰ বাতৰিকাকত এখনে প্রকাশ কৰা বাতৰি অনুসৰি, এই ড্ৰ'নখনৰ গছৰ পাতৰ দৰে দুখন হালধীয়া পাখি আছে আৰু এটা পাতল ক'লা শৰীৰ আছে আৰু তিনিখন ভৰি আছে। চীনৰ চৰকাৰী সংবাদ মাধ্যমে প্রকাশ কৰা এটা ভিডিঅ'ত এজন চীনা বিজ্ঞানীয়ে মহ-সদৃশ এই ড্র'নখন হাতত লৈ আছে আৰু য'ত তেওঁ দাবী কৰিছে যে এই ড্র'নখনে বৃহৎ দূৰত্বত সামৰিক অভিযান চলাব পাৰিব।


তিমথী হিথ নামৰ এজন প্ৰতিৰক্ষা গবেষকে সতর্কবাণী দি কয় যে চীনে এই শেহতীয়া প্ৰযুক্তিৰ সূক্ষ্ম ড্র'নখনেৰে প্রতিপক্ষৰ গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ তথ্যসমূহ গোপনে উলিয়াব পাৰিব, যেনে-পাছৱৰ্ড। আনহাতে, এই ড্র'নখনৰ দ্বাৰা চীনে মাৰাত্মাক ভাইৰাছো সংক্রমিত কৰিব পাৰিব। ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশলৈ ভাবুকি অনা চীনৰ এই সূক্ষ্ম ড্র 'নখনে বিপজ্জনক সামগ্রী পৰিবহণ কৰিব পাৰিব আৰু ড্র'নখনে স্বয়ংক্রিয়ভাৱে সম্পূর্ণ শক্তিৰে কূটাঘাতমূলক কার্য সংঘটিত কৰিব পাৰিব। সুৰক্ষা বিশেষজ্ঞসকলে প্রকাশ কৰা অনুসৰি, এই ড্ৰ'নখনে চোৰাংচোৱাগিৰি কৰা, অনুসৰণ কৰা, পাছৱৰ্ড চুৰি, তথ্য হেক কৰা আৰু কোনো কুটাঘাতৰ বাবে কার্য সম্পাদন কৰিব পাৰিব। চীনৰ এই মাৰাত্মক অস্ত্ৰবিধেৰে প্ৰতিপক্ষৰ বহু ক্ষতি কৰাৰ আশংকা কৰা হৈছে।


বিশেষজ্ঞসকলৰ মতে, এইড্র'নখন এটা ক্ষতি নকৰা প্রত্যংগ হিচাপে দেখা যায় যদিও অতি সোনকালে চীনে ক্ষতি কৰিব বিচৰা দেশৰ অঞ্চলবোৰৰ জনসাধাৰণৰ ঘৰৰ আশে-পাশে এই ভয়ংকৰ অস্ত্রবিধৰ গুণগুণনি শুনিবলৈ পোৱা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ