--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় চোৰাংচোৱাৰ সূত্ৰই প্রকাশ কৰা অনুসৰি, চীনে এই মহ-সদৃশ ড্ৰ'নেৰে চুবুৰীয়া ৰাষ্ট্ৰৰ গোপন তথ্য চুৰ কৰা কাৰ্যত ব্যৱহাৰ কৰিব। তদুপৰি, এই মহ-সদৃশ ড্র'নেৰে বিপজ্জনক সামগ্রী কঢ়িওৱাৰ লগতে ইয়াৰ নিৰীক্ষণ ক্ষমতাও বৃদ্ধি কৰিব পাৰিব চীনে

ডিজিটেল ডেস্কঃ চুবুৰীয়া ভাৰতলৈ নিৰাপত্তাৰ প্ৰতি ভাবুকি আনি চীনে চোৰাংচোৱাগিৰি কৰা বা ভয়ংকৰ সামৰিক অভিযানৰ বাবে ব্যৱহাৰ কৰিবলৈ এটা মহ সদৃশ ড্র'নৰ পৰীক্ষণ শেহতীয়াকৈ সফলতাৰে সম্পন্ন কৰিছে।


ভাৰতীয় চোৰাংচোৱাৰ সূত্ৰই প্রকাশ কৰা অনুসৰি, চীনে এই মহ-সদৃশ ড্ৰ'নেৰে চুবুৰীয়া ৰাষ্ট্ৰৰ গোপন তথ্য চুৰ কৰা কাৰ্যত ব্যৱহাৰ কৰিব। তদুপৰি, এই মহ-সদৃশ ড্র'নেৰে বিপজ্জনক সামগ্রী কঢ়িওৱাৰ লগতে ইয়াৰ নিৰীক্ষণ ক্ষমতাও বৃদ্ধি কৰিব পাৰিব চীনে।


চীনে প্রকাশ কৰা তথ্য অনুসৰি, এই সূক্ষ্ম ড্ৰ'নখন মহৰ দৰে দেখা যাব আৰু এই ড্র 'নখন সংগোপনে-শান্তভাৱে উৰাৰ বাবে নিৰ্মাণ কৰা হৈছে। ভাৰতৰ বাবে এই ড্র'নখনে এইবাবে উদ্বিগ্নতা বৃদ্ধি কৰিছে যে চীনে এই ড্র'নখন চোৰাংচোৱাগিৰি কৰাৰ বাবে আৰু ভয়ংকৰ সামৰিক অভিযানত ব্যৱহাৰ কৰিব।


'দ্য ছান' নামৰ বাতৰিকাকত এখনে প্রকাশ কৰা বাতৰি অনুসৰি, এই ড্ৰ'নখনৰ গছৰ পাতৰ দৰে দুখন হালধীয়া পাখি আছে আৰু এটা পাতল ক'লা শৰীৰ আছে আৰু তিনিখন ভৰি আছে। চীনৰ চৰকাৰী সংবাদ মাধ্যমে প্রকাশ কৰা এটা ভিডিঅ'ত এজন চীনা বিজ্ঞানীয়ে মহ-সদৃশ এই ড্র'নখন হাতত লৈ আছে আৰু য'ত তেওঁ দাবী কৰিছে যে এই ড্র'নখনে বৃহৎ দূৰত্বত সামৰিক অভিযান চলাব পাৰিব।


তিমথী হিথ নামৰ এজন প্ৰতিৰক্ষা গবেষকে সতর্কবাণী দি কয় যে চীনে এই শেহতীয়া প্ৰযুক্তিৰ সূক্ষ্ম ড্র'নখনেৰে প্রতিপক্ষৰ গুৰুত্বপূৰ্ণ স্পৰ্শকাতৰ তথ্যসমূহ গোপনে উলিয়াব পাৰিব, যেনে-পাছৱৰ্ড। আনহাতে, এই ড্র'নখনৰ দ্বাৰা চীনে মাৰাত্মাক ভাইৰাছো সংক্রমিত কৰিব পাৰিব। ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশলৈ ভাবুকি অনা চীনৰ এই সূক্ষ্ম ড্র 'নখনে বিপজ্জনক সামগ্রী পৰিবহণ কৰিব পাৰিব আৰু ড্র'নখনে স্বয়ংক্রিয়ভাৱে সম্পূর্ণ শক্তিৰে কূটাঘাতমূলক কার্য সংঘটিত কৰিব পাৰিব। সুৰক্ষা বিশেষজ্ঞসকলে প্রকাশ কৰা অনুসৰি, এই ড্ৰ'নখনে চোৰাংচোৱাগিৰি কৰা, অনুসৰণ কৰা, পাছৱৰ্ড চুৰি, তথ্য হেক কৰা আৰু কোনো কুটাঘাতৰ বাবে কার্য সম্পাদন কৰিব পাৰিব। চীনৰ এই মাৰাত্মক অস্ত্ৰবিধেৰে প্ৰতিপক্ষৰ বহু ক্ষতি কৰাৰ আশংকা কৰা হৈছে।


বিশেষজ্ঞসকলৰ মতে, এইড্র'নখন এটা ক্ষতি নকৰা প্রত্যংগ হিচাপে দেখা যায় যদিও অতি সোনকালে চীনে ক্ষতি কৰিব বিচৰা দেশৰ অঞ্চলবোৰৰ জনসাধাৰণৰ ঘৰৰ আশে-পাশে এই ভয়ংকৰ অস্ত্রবিধৰ গুণগুণনি শুনিবলৈ পোৱা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু