--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আক্ৰমণৰ বিষয়ত খামেনেয়ে কয় যে বৰ বেছি ক্ষতি নহ'ল আৰু আমেৰিকাই বৰ বেছি সফলতা লাভ নকৰিলে।

ডিজিটেল ডেস্কঃ ইজৰাইলৰ সৈতে যুদ্ধ অন্ত পৰাৰ পাছত জনসাধাৰণলৈ দিয়া প্ৰথমটো ভাষণত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতোল্লা আলী খামেনেয়ে বৃহস্পতিবাৰে দাবী কৰে যে তেওঁলোকে ইজৰাই লক পৰাজিত কৰিলে। আনহাতে যুদ্ধত প্রত্যক্ষভাবে জড়িত হোৱাৰ বাবে আমেৰিকাক সমালোচনা কৰি তেওঁ কয়, 'ইৰানে আমেৰিকাৰ গালত এটা প্রবল চৰ শোধালে।'


টেলিভিছনত প্ৰচাৰ হোৱা এটা ভাষণত আমেৰিকাই ইৰানৰ পাৰমাণৱিক প্রকল্পবোৰত কৰা আক্ৰমণৰ বিষয়ত খামেনেয়ে কয় যে বৰ বেছি ক্ষতি নহ'ল আৰু আমেৰিকাই বৰ বেছি সফলতা লাভ নকৰিলে। খামেনেয়ে কয়, 'আমেৰিকাৰ বিৰুদ্ধে আমাৰ মৰমৰ ইৰানৰ বিজয়ত মই অভিনন্দন জনাইছোঁ। আমেৰিকা যুদ্ধত প্রত্যক্ষভাবে জড়িত হ'ল, কাৰণ আমেৰিকাই অনুভৱ কৰিলে যে যদি তেওঁলোকে প্রত্যক্ষভাবে জড়িত নহয়, তেন্তে ইহুদীবাদী ৰাষ্ট্ৰখন (ইজৰাইল) সম্পূর্ণভাৱে ধ্বংস হ'ব।' ইজৰাইলক ৰক্ষা কৰিবলৈ আমেৰিকাই যুদ্ধত প্রবেশ কৰিলে, কিন্তু একো সফলতা লাভ নকৰিলে।' খামেনেয়ে আৰু কয়, 'ইৰান ইছলামিক প্রজাতন্ত্রই আমেৰিকাৰ গালত এটা প্ৰবল চৰ শোধালে।


অঞ্চলটোত থকা আমেৰিকাৰ এক প্রধান ঘাটি আল-উদেইদ বিমান ঘাটিত ইৰানে আক্রমণ কৰিলে আৰু ক্ষতিসাধন কৰিলে।' উল্লেখযোগ্য যে আল-উদেইদ বিমান ঘাটি হৈছে কাটাৰৰ ৰাজধানী ডোহাৰ দক্ষিণ-পূব অঞ্চলত থকা আমেৰিকাৰ বিমান ঘাটি। এই ঘাটিটোত যোৱা সোমবাৰে ইৰানে আক্ৰমণ কৰাৰ পাছতে ট্রাম্পে যুদ্ধ-বিৰতিৰ কথা ঘোষণা কৰিছিল। ১২ দিনীয়া ইজৰাইল-ইৰান যুদ্ধত যোৱা ২১ জুনত আমেৰিকা প্রত্যক্ষভাবে জড়িত হৈছিল আৰু ফর্দো, নাতাঞ্জ আৰু ইছফাহানত থকা ইৰানৰ প্ৰধান পাৰমাণৱিক প্রকল্পসমূহত বোমা বর্ষণ কৰিছিল। কাটাৰত কৰা আক্ৰমণৰ কথা উনুকিয়াই বৃহস্পতিবাবে খামেনেয়ে সতর্ক কৰি দিয়ে যে 'তেনে কার্যব্যৱস্থা ভবিষ্যতেও পুনৰ লোৱা হ'ব পাৰে।'


তেওঁ কয় যে আমেৰিকাৰ কেন্দ্ৰবোৰ ইৰানৰ আক্ৰমণৰ ক্ষমতাৰ ভিতৰত আছে আৰু যেতিয়াই প্রয়োজন অনুভৱ কৰে ইৰানে কাৰ্যব্যৱস্থা গ্রহণ কৰিব। উল্লেখযোগ্য যে ১৩ জুনত ইজৰাইলে ইৰানৰ পাৰমাণবিক প্রকল্প আৰু শীর্ষ সামৰিক বিষয়াক আক্ৰমণ কৰাৰ লগে লগে দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। যুদ্ধ আৰম্ভ হোৱাৰ পাছতে ৮৬ বছৰীয়া খামেনেয়ে গোপন স্থানত আশ্ৰয় লৈছিল আৰু তেতিয়াৰ পৰা তেওঁক ৰাজহুৱাকৈ দেখা পোৱা হোৱা নাছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু