--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আক্ৰমণৰ বিষয়ত খামেনেয়ে কয় যে বৰ বেছি ক্ষতি নহ'ল আৰু আমেৰিকাই বৰ বেছি সফলতা লাভ নকৰিলে।

ডিজিটেল ডেস্কঃ ইজৰাইলৰ সৈতে যুদ্ধ অন্ত পৰাৰ পাছত জনসাধাৰণলৈ দিয়া প্ৰথমটো ভাষণত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতোল্লা আলী খামেনেয়ে বৃহস্পতিবাৰে দাবী কৰে যে তেওঁলোকে ইজৰাই লক পৰাজিত কৰিলে। আনহাতে যুদ্ধত প্রত্যক্ষভাবে জড়িত হোৱাৰ বাবে আমেৰিকাক সমালোচনা কৰি তেওঁ কয়, 'ইৰানে আমেৰিকাৰ গালত এটা প্রবল চৰ শোধালে।'


টেলিভিছনত প্ৰচাৰ হোৱা এটা ভাষণত আমেৰিকাই ইৰানৰ পাৰমাণৱিক প্রকল্পবোৰত কৰা আক্ৰমণৰ বিষয়ত খামেনেয়ে কয় যে বৰ বেছি ক্ষতি নহ'ল আৰু আমেৰিকাই বৰ বেছি সফলতা লাভ নকৰিলে। খামেনেয়ে কয়, 'আমেৰিকাৰ বিৰুদ্ধে আমাৰ মৰমৰ ইৰানৰ বিজয়ত মই অভিনন্দন জনাইছোঁ। আমেৰিকা যুদ্ধত প্রত্যক্ষভাবে জড়িত হ'ল, কাৰণ আমেৰিকাই অনুভৱ কৰিলে যে যদি তেওঁলোকে প্রত্যক্ষভাবে জড়িত নহয়, তেন্তে ইহুদীবাদী ৰাষ্ট্ৰখন (ইজৰাইল) সম্পূর্ণভাৱে ধ্বংস হ'ব।' ইজৰাইলক ৰক্ষা কৰিবলৈ আমেৰিকাই যুদ্ধত প্রবেশ কৰিলে, কিন্তু একো সফলতা লাভ নকৰিলে।' খামেনেয়ে আৰু কয়, 'ইৰান ইছলামিক প্রজাতন্ত্রই আমেৰিকাৰ গালত এটা প্ৰবল চৰ শোধালে।


অঞ্চলটোত থকা আমেৰিকাৰ এক প্রধান ঘাটি আল-উদেইদ বিমান ঘাটিত ইৰানে আক্রমণ কৰিলে আৰু ক্ষতিসাধন কৰিলে।' উল্লেখযোগ্য যে আল-উদেইদ বিমান ঘাটি হৈছে কাটাৰৰ ৰাজধানী ডোহাৰ দক্ষিণ-পূব অঞ্চলত থকা আমেৰিকাৰ বিমান ঘাটি। এই ঘাটিটোত যোৱা সোমবাৰে ইৰানে আক্ৰমণ কৰাৰ পাছতে ট্রাম্পে যুদ্ধ-বিৰতিৰ কথা ঘোষণা কৰিছিল। ১২ দিনীয়া ইজৰাইল-ইৰান যুদ্ধত যোৱা ২১ জুনত আমেৰিকা প্রত্যক্ষভাবে জড়িত হৈছিল আৰু ফর্দো, নাতাঞ্জ আৰু ইছফাহানত থকা ইৰানৰ প্ৰধান পাৰমাণৱিক প্রকল্পসমূহত বোমা বর্ষণ কৰিছিল। কাটাৰত কৰা আক্ৰমণৰ কথা উনুকিয়াই বৃহস্পতিবাবে খামেনেয়ে সতর্ক কৰি দিয়ে যে 'তেনে কার্যব্যৱস্থা ভবিষ্যতেও পুনৰ লোৱা হ'ব পাৰে।'


তেওঁ কয় যে আমেৰিকাৰ কেন্দ্ৰবোৰ ইৰানৰ আক্ৰমণৰ ক্ষমতাৰ ভিতৰত আছে আৰু যেতিয়াই প্রয়োজন অনুভৱ কৰে ইৰানে কাৰ্যব্যৱস্থা গ্রহণ কৰিব। উল্লেখযোগ্য যে ১৩ জুনত ইজৰাইলে ইৰানৰ পাৰমাণবিক প্রকল্প আৰু শীর্ষ সামৰিক বিষয়াক আক্ৰমণ কৰাৰ লগে লগে দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। যুদ্ধ আৰম্ভ হোৱাৰ পাছতে ৮৬ বছৰীয়া খামেনেয়ে গোপন স্থানত আশ্ৰয় লৈছিল আৰু তেতিয়াৰ পৰা তেওঁক ৰাজহুৱাকৈ দেখা পোৱা হোৱা নাছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ