--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ঢাকাত এটা অস্থায়ী দুর্গা মন্দিৰ ভঙাক লৈ দেশখনৰ হিন্দু সংখ্যালঘুৰ মাজত প্রবল ক্ষোভৰ সৃষ্টি হৈছে।

ডিজিটেল ডেস্ক : উচ্ছেদ অভিযানৰ অংশৰূপে বাংলাদেশ চৰকাৰে ৰাজধানী ঢাকাত এটা অস্থায়ী দুর্গা মন্দিৰ ভঙাক লৈ দেশখনৰ হিন্দু সংখ্যালঘুৰ মাজত প্রবল ক্ষোভৰ সৃষ্টি হৈছে। ভাৰত চৰকাৰে এই কাৰ্যৰ গৰিহণা দি কয় যে মহম্মদ ইউনুছৰ চৰকাৰে মন্দিৰ ভাঙিবলৈকে 'অবৈধ ভূমি ব্যৱহাৰ' বুলি অভিযোগ কৰিছে। হিন্দু সম্প্ৰদায়ৰ প্রতিবাদ সত্ত্বেও উক্ত মন্দিৰটো ৰে'লৰ ভূমিৰ ওপৰত নিৰ্মাণ কৰা বুলি অভিযোগ কৰি বৃহস্পতিবাৰে বৃহৎসংখ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ জোৱানৰ উপস্থিতিত ভাঙি পেলোৱা হয়।


বাতৰি মতে, বাংলাদেশ ৰে'লৱেৰ ঢাকা সংমণ্ডলৰ উপ-আযুক্ত আৰু ডিভিজনেল ইষ্টেট অফিচাৰে এই সপ্তাহৰ প্ৰথম ভাগত জাৰি কৰা নিৰ্দেশ অনুযায়ী মন্দিৰটো ভাঙি দিয়া হয়। ইফালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে বৃহস্পতিবাৰে সন্ধিয়া বাংলাদেশৰ ঢাকাৰ মন্দিৰটো ভঙাৰ বাবে বাংলাদেশ চৰকাৰক সমালোচনা কৰে। তেওঁ কয়, 'আমি গম পাইছোঁ যে ঢাকাৰ খিলখেতৰ দুর্গা মন্দিৰটো ভাঙিবলৈ উগ্রপন্থীসকলে হৈ-হাল্লা কৰিছিল।' জয়ছোৱালে আৰু কয় যে মন্দিৰটোক সুৰক্ষা দিয়াৰ সলনি অন্তৰ্বর্তী চৰকাৰে 'অবৈধ দখলদাৰী' বুলি দাবী কৰি মন্দিৰ ভাঙিবলৈ অনুমতি দিয়ে। তেওঁ আৰু কয় যে মন্দিৰৰ প্ৰতিমা স্থানান্তৰৰ পূৰ্বেই মন্দিৰ ক্ষতিগ্রস্ত হয়।


উল্লেখযোগ্য যে ২৪ জুনৰ নিশা মন্দিৰত উগ্র জনতাৰ এটা দল প্ৰৱেশ কৰি আক্ৰমণ কৰিছিল। তেওঁলোকে মন্দিৰ খালী কৰিবলৈ ১২ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল। ইয়াৰ পাছতে বৃহস্পতিবাৰে পুৱা মন্দিৰ ভাঙি পেলোৱা হয়। প্রত্যক্ষদর্শীৰ মতে বুলডজাৰৰ তলত কালী আৰু শিৱৰ প্ৰতিমা চূর্ণ-বিচূর্ণ হৈ যায়।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ