--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বাংলাদেশৰ বায়ু সেনা আৰু চীন ইলেক্ট্রনিকছ টেকন'লর্জী গ্রুপ কৰ্পৰেশ্যন ইন্টাৰনেশ্যনেলৰ মাজত এখন গুৰুত্বপূর্ণ চুক্তি স্বাক্ষৰিত হয়।

ডিজিটেল ডেস্ক : দক্ষিণ এছিয়াত সামৰিক আধিপত্য বিস্তাৰৰ অভিযান অব্যাহত ৰাখিছে চুবুৰীয়া চীনে। এই অভিযানৰ অংশ হিচাপে চীনে বাংলাদেশৰ সৈতে সামৰিক সম্পর্ক অধিক মজবুত কৰিছে। 


বাংলাদেশৰ বায়ু সেনা আৰু চীন ইলেক্ট্রনিকছ টেকন'লর্জী গ্রুপ কৰ্পৰেশ্যন ইন্টাৰনেশ্যনেলৰ মাজত এখন গুৰুত্বপূর্ণ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ অধীনত চীনে বাংলাদেশত এখন অত্যাধুনিক মানৱবিহীন আকাশী যান (ইউ এভি) ড্র'ন নির্মাণৰ কাৰখানা স্থাপন কৰিব। 


এই চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজত প্রযুক্তি বিনিময়, ঔদ্যোগিক কৌশল বিকাশ সম্ভৱ হ'ব। ঢাকাস্থিত বাংলাদেশৰ বায়ু সেনাৰ মুখ্য কার্যালয়ত এই চুক্তিখন স্বাক্ষৰ কৰা হয়। এই পদক্ষেপে বাংলাদেশক ড্র'ন নিৰ্মাণৰ দিশত আত্মনির্ভৰশীল কৰিব। খবৰ অনুসৰি, এই দ্বিপাক্ষিক চুক্তিয়ে বাংলাদেশৰ প্ৰতিৰক্ষা ক্ষমতা মজবুত কৰিব। আনহাতে, দুই চুবুৰীয়া দেশৰ এই সামৰিক মিতিৰালিয়ে ভাৰতক উদ্বিগ্ন কৰি তুলিছে। বাংলাদেশৰ সৈতে ভাৰতৰ প্ৰায় ৪ হাজাৰ কিল'মিটাৰ এলেকা সীমান্ত আছে। 


সীমান্তৱর্তী এলেকাৰ পৰা কিছু দূৰত্বত বাংলাদেশে চীনৰ সহযোগত ড্র'ন নির্মাণ কাৰবথানা স্থাপন কৰিব বিচাৰিছে। এই নির্মাণ কৰিবলগীয়া ড্র'নেৰে বাংলাদেশে দীর্ঘ দূৰত্বলৈকে ইয়াৰ নিৰীক্ষণ ব্যৱস্থা ৰাখিব পাৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ শিলিগুৰি কৰিডৰ (চিকেন নেক) আৰু স্পর্শকাতৰ ভাৰতীয় অঞ্চলসমূহলৈ নিৰাপত্তাজনিত ভাবুকি আহিব পাৰে। ইতিমধ্যে, চীন-বাংলাদেশ-পাকিস্তানৰ ত্রিশক্তিয়ে ভাৰতৰ নিৰাপত্তাৰ প্রতি ভাবুকিৰ কাৰণ হৈ পৰিছে।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ