--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বাংলাদেশৰ বায়ু সেনা আৰু চীন ইলেক্ট্রনিকছ টেকন'লর্জী গ্রুপ কৰ্পৰেশ্যন ইন্টাৰনেশ্যনেলৰ মাজত এখন গুৰুত্বপূর্ণ চুক্তি স্বাক্ষৰিত হয়।

ডিজিটেল ডেস্ক : দক্ষিণ এছিয়াত সামৰিক আধিপত্য বিস্তাৰৰ অভিযান অব্যাহত ৰাখিছে চুবুৰীয়া চীনে। এই অভিযানৰ অংশ হিচাপে চীনে বাংলাদেশৰ সৈতে সামৰিক সম্পর্ক অধিক মজবুত কৰিছে। 


বাংলাদেশৰ বায়ু সেনা আৰু চীন ইলেক্ট্রনিকছ টেকন'লর্জী গ্রুপ কৰ্পৰেশ্যন ইন্টাৰনেশ্যনেলৰ মাজত এখন গুৰুত্বপূর্ণ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ অধীনত চীনে বাংলাদেশত এখন অত্যাধুনিক মানৱবিহীন আকাশী যান (ইউ এভি) ড্র'ন নির্মাণৰ কাৰখানা স্থাপন কৰিব। 


এই চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজত প্রযুক্তি বিনিময়, ঔদ্যোগিক কৌশল বিকাশ সম্ভৱ হ'ব। ঢাকাস্থিত বাংলাদেশৰ বায়ু সেনাৰ মুখ্য কার্যালয়ত এই চুক্তিখন স্বাক্ষৰ কৰা হয়। এই পদক্ষেপে বাংলাদেশক ড্র'ন নিৰ্মাণৰ দিশত আত্মনির্ভৰশীল কৰিব। খবৰ অনুসৰি, এই দ্বিপাক্ষিক চুক্তিয়ে বাংলাদেশৰ প্ৰতিৰক্ষা ক্ষমতা মজবুত কৰিব। আনহাতে, দুই চুবুৰীয়া দেশৰ এই সামৰিক মিতিৰালিয়ে ভাৰতক উদ্বিগ্ন কৰি তুলিছে। বাংলাদেশৰ সৈতে ভাৰতৰ প্ৰায় ৪ হাজাৰ কিল'মিটাৰ এলেকা সীমান্ত আছে। 


সীমান্তৱর্তী এলেকাৰ পৰা কিছু দূৰত্বত বাংলাদেশে চীনৰ সহযোগত ড্র'ন নির্মাণ কাৰবথানা স্থাপন কৰিব বিচাৰিছে। এই নির্মাণ কৰিবলগীয়া ড্র'নেৰে বাংলাদেশে দীর্ঘ দূৰত্বলৈকে ইয়াৰ নিৰীক্ষণ ব্যৱস্থা ৰাখিব পাৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ শিলিগুৰি কৰিডৰ (চিকেন নেক) আৰু স্পর্শকাতৰ ভাৰতীয় অঞ্চলসমূহলৈ নিৰাপত্তাজনিত ভাবুকি আহিব পাৰে। ইতিমধ্যে, চীন-বাংলাদেশ-পাকিস্তানৰ ত্রিশক্তিয়ে ভাৰতৰ নিৰাপত্তাৰ প্রতি ভাবুকিৰ কাৰণ হৈ পৰিছে।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু