--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৱা কিছুদিন ধৰি চীনৰ সামৰিক বাহিনী আৰু দেশখনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত সংঘাত সৃষ্টি হোৱাৰ খবৰ ওলাই আহিছে।

ডিজিটেল ডেস্ক : বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্ৰ চীনৰ পাৰমাণৱিক মিছাইলত তেলৰ সলনি ওলাইছে পানী। মার্কিন চোৰাংচোৱাৰ প্রতিবেদনত এই বিস্ফোৰক তথ্য প্রকাশ পাইছে।


যোৱা কিছুদিন ধৰি চীনৰ সামৰিক বাহিনী আৰু দেশখনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত সংঘাত সৃষ্টি হোৱাৰ খবৰ ওলাই আহিছে। তাৰ মাজতে যোৱা ১৯ জানুৱাৰীত দেশখনৰ পাৰমাণৱিক অস্ত্ৰৰ গোপন তথ্য আমেৰিকাক যোগান ধৰাৰ অভিযোগত সেনাৰ শীৰ্ষ বিষয়া ঝাং ইউজিয়াক বহিষ্কাৰ কৰা হৈছিল। 


এনে এক সময়তে দেশখনৰ পাৰমাণৱিক মিছাইলত তেলৰ সলনি পানী ওলোৱাৰ খবৰে বিশ্বজুৰি বিশেষ চর্চা লাভ কৰিছে। দিনচেৰেক পূৰ্বে আমেৰিকাৰ গুপ্তচৰ সংস্থা চি আই এৰ সহযোগত চীনৰ সেনাই দেশখনৰ ৰাষ্ট্ৰপতি জিনপিঙক গাদীচ্যুত কৰিবলৈ বিচৰা বুলিও প্রকাশ পাইছিল। এনে সময়তে মিছাইলত পানী ওলোৱাৰ এই ঘটনাত ক্ষুব্ধ হৈ পৰিছে জিনপিং। 


তেওঁ ইতিমধ্যে সামৰিক বাহিনীৰ কেইবাজনো বিষয়াক পদৰ পৰা নিলম্বিত কৰাৰ তথ্য প্ৰকাশ পাইছে। তদুপৰি, সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা বুলিও প্রকাশ পাইছে। ইফালে, চীনৰ সেনা বাহিনী পি এল এত দীর্ঘদিন ধৰি বৃহৎ দুর্নীতি সংঘটিত হৈ থকা বুলিও চোৰাংচোৱা সূত্ৰত প্রকাশ।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু