--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • যোৱা কিছুদিন ধৰি চীনৰ সামৰিক বাহিনী আৰু দেশখনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত সংঘাত সৃষ্টি হোৱাৰ খবৰ ওলাই আহিছে।

ডিজিটেল ডেস্ক : বিশ্বৰ অন্যতম শক্তিধৰ ৰাষ্ট্ৰ চীনৰ পাৰমাণৱিক মিছাইলত তেলৰ সলনি ওলাইছে পানী। মার্কিন চোৰাংচোৱাৰ প্রতিবেদনত এই বিস্ফোৰক তথ্য প্রকাশ পাইছে।


যোৱা কিছুদিন ধৰি চীনৰ সামৰিক বাহিনী আৰু দেশখনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত সংঘাত সৃষ্টি হোৱাৰ খবৰ ওলাই আহিছে। তাৰ মাজতে যোৱা ১৯ জানুৱাৰীত দেশখনৰ পাৰমাণৱিক অস্ত্ৰৰ গোপন তথ্য আমেৰিকাক যোগান ধৰাৰ অভিযোগত সেনাৰ শীৰ্ষ বিষয়া ঝাং ইউজিয়াক বহিষ্কাৰ কৰা হৈছিল। 


এনে এক সময়তে দেশখনৰ পাৰমাণৱিক মিছাইলত তেলৰ সলনি পানী ওলোৱাৰ খবৰে বিশ্বজুৰি বিশেষ চর্চা লাভ কৰিছে। দিনচেৰেক পূৰ্বে আমেৰিকাৰ গুপ্তচৰ সংস্থা চি আই এৰ সহযোগত চীনৰ সেনাই দেশখনৰ ৰাষ্ট্ৰপতি জিনপিঙক গাদীচ্যুত কৰিবলৈ বিচৰা বুলিও প্রকাশ পাইছিল। এনে সময়তে মিছাইলত পানী ওলোৱাৰ এই ঘটনাত ক্ষুব্ধ হৈ পৰিছে জিনপিং। 


তেওঁ ইতিমধ্যে সামৰিক বাহিনীৰ কেইবাজনো বিষয়াক পদৰ পৰা নিলম্বিত কৰাৰ তথ্য প্ৰকাশ পাইছে। তদুপৰি, সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা বুলিও প্রকাশ পাইছে। ইফালে, চীনৰ সেনা বাহিনী পি এল এত দীর্ঘদিন ধৰি বৃহৎ দুর্নীতি সংঘটিত হৈ থকা বুলিও চোৰাংচোৱা সূত্ৰত প্রকাশ।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ