--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চহকী দেশবোৰে সাহায্য কর্তন কৰাৰ ফলত ভাৰতকে ধৰি মধ্য আৰু নিম্ন আয়ৰ দেশবোৰত ২০৩০ চনলৈ প্রায় ২
  • ২৬ কোটি লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ভিতৰত প্রায় ৫৪ লাখ শিশুও আছে।

ডিজিটেল ডেস্ক: বিশ্বৰ উচ্চ আয়ৰ দেশসমূহে মধ্যম আৰু নিম্ন আয়ৰ দেশবোৰলৈ আগবঢ়োৱা সাহায্য কর্তন কৰাৰ ভয়াৱহ পৰিণাম হ'ব পাৰে। বিজ্ঞান বিষয়ক বার্তালোচনা লেনচেটত প্রকাশ পোৱা এটা বিশ্লেষণৰ প্রতিবেদনত এই কথা প্রকাশ পাইছে।


ইয়াত উল্লেখ কৰা অনুসৰি চহকী দেশবোৰে সাহায্য কর্তন কৰাৰ ফলত ভাৰতকে ধৰি মধ্য আৰু নিম্ন আয়ৰ দেশবোৰত ২০৩০ চনলৈ প্রায় ২.২৬ কোটি লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ভিতৰত প্রায় ৫৪ লাখ শিশুও আছে। 


স্পেইনৰ বার্চিলোনা ইনষ্টিটিউট ফৰ গ্ল'বেল হেলথৰ গৱেষকসকলে কৰা অধ্যয়নটোৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২৩ চনত আগবঢ়োৱা মুঠ ২৫০০০ কোটি মার্কিন ডলাৰৰ সাহায্যৰ ভিতৰত ৭০% আগবঢ়াইছিল আমেৰিকা, জার্মানি, ফ্রান্স, জাপান আৰু ব্রিটেইনে। এই ধনৰাশিক চৰকাৰী বিকাশ সাহায্য বুলি কোৱা হৈছিল। 


২০২৪ বর্ষত জাপানক বাদ দি আন কেউখন দেশে তিনিটা দশকৰ ভিতৰত প্রথমবাৰৰ বাবে সাহায্য কর্তন কৰে। এই দেশকেইখনে যোৱা বছৰো সাহায্য কর্তন কৰে। গৱেষকসকলে কয় যে প্রাৰম্ভিক তথ্য মতে, বৰঙনি আগবঢ়োৱা আগশাৰীৰ দেশকেইখনে ২০২৫-২০২৬লৈ সাহায্যৰাশি ১১%তকৈ অধিক কর্তন কৰে। অধ্যয়নটোত লাভ কৰা তথ্য মতে, অধিক মাত্রাত বিত্তীয় সাহায্য কর্তনৰ সৈতে মৃত্যুৰ হাৰ ২৩% আৰু পাঁচ বছৰতকৈ কম বয়সৰ শিশুৰ মৃত্যুৰ হাৰ ৩৯% হ্রাস পোৱাৰ লগত জড়িত হৈ আছে। 


উচ্চ আয়ৰ দেশবোৰৰ পৰা লাভ কৰা সাহায্য ৰাশিয়ে এইচ আই ভি/এইডছ, মেলেৰিয়া আৰু উষ্ণ নাতিশীতোষ্ণ অঞ্চলবোৰত হোৱা ৰোগসহ সংক্রামক ৰোগসমূহত হোৱা মৃত্যুৰ হাৰ হ্রাস কৰাত সহায় কৰে আৰু টি বি, গ্রহণী তথা প্ৰসৱৰ সময়ত হোৱা মৃত্যুৰ হাৰো কম কৰাত সহায় কৰিছে। গৱেষকসকলে লাভ কৰা তথ্য মতে, উচ্চ আয়ৰ দেশবোৰৰ পৰা লাভ কৰা চৰকাৰী বিকাশ সাহায্যই যোৱা দুটা দশকত মধ্য তথা নিম্ন আয়ৰ দেশবোৰত মৃত্যুৰ হাৰ হ্রাস কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে।


এই সাহায্যৰাশি হঠাতে বন্ধ কৰি দিয়াৰ ফলত লাখ লাখ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে আৰু বিশ্ব স্বাস্থ্যৰ যোৱা দশকবোৰত লাভ কৰা প্রগতিক অত্যধিক প্রভাৱিত কৰিব। আমেৰিকাই ইউ এছ এজেঞ্চি ফৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেন্ট ভংগ কৰাৰ ফলত বিশ্বত প্রায় ১.৪০ কোটি লোকৰ মৃত্যুৰ মুখত পেলাব পাৰে। ইয়াৰে এক তৃতীয়াংশ হ'ল পাঁচ বছৰতকৈ কম বয়সৰ শিশু।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু