--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চহকী দেশবোৰে সাহায্য কর্তন কৰাৰ ফলত ভাৰতকে ধৰি মধ্য আৰু নিম্ন আয়ৰ দেশবোৰত ২০৩০ চনলৈ প্রায় ২
  • ২৬ কোটি লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ভিতৰত প্রায় ৫৪ লাখ শিশুও আছে।

ডিজিটেল ডেস্ক: বিশ্বৰ উচ্চ আয়ৰ দেশসমূহে মধ্যম আৰু নিম্ন আয়ৰ দেশবোৰলৈ আগবঢ়োৱা সাহায্য কর্তন কৰাৰ ভয়াৱহ পৰিণাম হ'ব পাৰে। বিজ্ঞান বিষয়ক বার্তালোচনা লেনচেটত প্রকাশ পোৱা এটা বিশ্লেষণৰ প্রতিবেদনত এই কথা প্রকাশ পাইছে।


ইয়াত উল্লেখ কৰা অনুসৰি চহকী দেশবোৰে সাহায্য কর্তন কৰাৰ ফলত ভাৰতকে ধৰি মধ্য আৰু নিম্ন আয়ৰ দেশবোৰত ২০৩০ চনলৈ প্রায় ২.২৬ কোটি লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ভিতৰত প্রায় ৫৪ লাখ শিশুও আছে। 


স্পেইনৰ বার্চিলোনা ইনষ্টিটিউট ফৰ গ্ল'বেল হেলথৰ গৱেষকসকলে কৰা অধ্যয়নটোৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০২৩ চনত আগবঢ়োৱা মুঠ ২৫০০০ কোটি মার্কিন ডলাৰৰ সাহায্যৰ ভিতৰত ৭০% আগবঢ়াইছিল আমেৰিকা, জার্মানি, ফ্রান্স, জাপান আৰু ব্রিটেইনে। এই ধনৰাশিক চৰকাৰী বিকাশ সাহায্য বুলি কোৱা হৈছিল। 


২০২৪ বর্ষত জাপানক বাদ দি আন কেউখন দেশে তিনিটা দশকৰ ভিতৰত প্রথমবাৰৰ বাবে সাহায্য কর্তন কৰে। এই দেশকেইখনে যোৱা বছৰো সাহায্য কর্তন কৰে। গৱেষকসকলে কয় যে প্রাৰম্ভিক তথ্য মতে, বৰঙনি আগবঢ়োৱা আগশাৰীৰ দেশকেইখনে ২০২৫-২০২৬লৈ সাহায্যৰাশি ১১%তকৈ অধিক কর্তন কৰে। অধ্যয়নটোত লাভ কৰা তথ্য মতে, অধিক মাত্রাত বিত্তীয় সাহায্য কর্তনৰ সৈতে মৃত্যুৰ হাৰ ২৩% আৰু পাঁচ বছৰতকৈ কম বয়সৰ শিশুৰ মৃত্যুৰ হাৰ ৩৯% হ্রাস পোৱাৰ লগত জড়িত হৈ আছে। 


উচ্চ আয়ৰ দেশবোৰৰ পৰা লাভ কৰা সাহায্য ৰাশিয়ে এইচ আই ভি/এইডছ, মেলেৰিয়া আৰু উষ্ণ নাতিশীতোষ্ণ অঞ্চলবোৰত হোৱা ৰোগসহ সংক্রামক ৰোগসমূহত হোৱা মৃত্যুৰ হাৰ হ্রাস কৰাত সহায় কৰে আৰু টি বি, গ্রহণী তথা প্ৰসৱৰ সময়ত হোৱা মৃত্যুৰ হাৰো কম কৰাত সহায় কৰিছে। গৱেষকসকলে লাভ কৰা তথ্য মতে, উচ্চ আয়ৰ দেশবোৰৰ পৰা লাভ কৰা চৰকাৰী বিকাশ সাহায্যই যোৱা দুটা দশকত মধ্য তথা নিম্ন আয়ৰ দেশবোৰত মৃত্যুৰ হাৰ হ্রাস কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে।


এই সাহায্যৰাশি হঠাতে বন্ধ কৰি দিয়াৰ ফলত লাখ লাখ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে আৰু বিশ্ব স্বাস্থ্যৰ যোৱা দশকবোৰত লাভ কৰা প্রগতিক অত্যধিক প্রভাৱিত কৰিব। আমেৰিকাই ইউ এছ এজেঞ্চি ফৰ ইণ্টাৰনেশ্যনেল ডেভেলপমেন্ট ভংগ কৰাৰ ফলত বিশ্বত প্রায় ১.৪০ কোটি লোকৰ মৃত্যুৰ মুখত পেলাব পাৰে। ইয়াৰে এক তৃতীয়াংশ হ'ল পাঁচ বছৰতকৈ কম বয়সৰ শিশু।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement