--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশৰ ৰাজহুৱা খণ্ডৰ ১২টা বেংকৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল প্রায় ১৭১ লাখ কোটি টকা। ই হ'ল দেশৰ বেংকিং খণ্ডৰ মুঠ পুঁজিৰ প্ৰায় ৫৫%।

ডিজিটেল ডেস্ক: কেন্দ্রীয় চৰকাৰে চৰকাৰী খণ্ডৰ বেংকত ৪৯% প্রত্যক্ষ বিদেশী বিনিয়োগৰ (এফ ডি আই) সিদ্ধান্তৰ বিষয়ে বিবেচনা কৰি আছে। সংবাদ মাধ্যমত প্রকাশ পোৱা এটা বাতৰিত এই কথা কোৱা হৈছে। চৰকাৰে এই বিষয়ে বিভিন্ন মন্ত্ৰ্যালয়ৰ সৈতে আলোচনা কৰি আছে। 


উল্লেখযোগ্য যে বৰ্তমান চৰকাৰী খণ্ডৰ বেংকত এফ ডি আইৰ সীমা হ'ল ২০%। বিত্তীয় সেৱা বিভাগৰ সচিব এম নাগৰাজুৱে কয় যে চৰকাৰে ৰাজহুৱা খণ্ডৰ বেংকত এফ ডি আইৰ হাৰ ৪৯%লৈ বৃদ্ধি কৰাৰ প্ৰসংগটোক লৈ বিভিন্ন মন্ত্ৰ্যালয়ৰ সৈতে আলোচনা কৰি থকা হৈছে। চৰকাৰে এই সম্পৰ্কত ভাৰতীয় ৰিজার্ভ বেংকৰ সৈতেও আলোচনা কৰি আছে। 


উল্লেখযোগ্য যে দেশৰ ৰাজহুৱা খণ্ডৰ ১২টা বেংকৰ মুঠ সম্পত্তিৰ পৰিমাণ হ'ল প্রায় ১৭১ লাখ কোটি টকা। ই হ'ল দেশৰ বেংকিং খণ্ডৰ মুঠ পুঁজিৰ প্ৰায় ৫৫%। চৰকাৰে এই ১২টা বেংকৰ ৫১% নিজৰ হাতত ৰাখি বাকীখিনি বিদেশী বিনিয়োগকাৰীৰ বাবে মুকলি কৰি দিবলৈ বিচাৰিছে। উল্লেখযোগ্য যে বিত্ত মন্ত্রী নির্মলা সীতাৰমণে দেওবাৰে বাজেট ভাষণত এই বুলি ঘোষণা কৰিছিল যে বেংকিং খণ্ডৰ ব্যাপক সমীক্ষাৰ বাবে এখন উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰা হ'ব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু