--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইছৰ'ৰ বিক্ৰম সাৰাভাই স্পেছ চেণ্টাৰে (ভি এছ এছ চি) আনুষ্ঠানিকভাৱে মহাকাশ আস্থানৰ প্ৰথমটো মডিউল নিৰ্মাণৰ বাবে ভাৰতীয় কোম্পানীবোৰক আহ্বান জনাইছে।

ডিজিটেল ডেস্ক: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰ') মহাকাশত 'ভাৰতীয় অন্তৰীক্ষ ষ্টেছন' (বি এ এছ) নিৰ্মাণৰ বাবে যাৱতীয় 'গ্রাউণ্ডৱৰ্ক' ইতিমধ্যে আৰম্ভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থান হিচাপে ভাৰতে নিজাকৈ পৃথিৱীৰ কক্ষপথৰ তলত স্থায়ী মহাকাশ কেন্দ্র নিৰ্মাণৰ বিষয়ে পূর্বেই ঘোষণা কৰিছিল। 


সংবাদ মাধ্যমত প্রকাশ হোৱা তথ্য অনুসৰি, ইছৰ'ৰ বিক্ৰম সাৰাভাই স্পেছ চেণ্টাৰে (ভি এছ এছ চি) আনুষ্ঠানিকভাৱে মহাকাশ আস্থানৰ প্ৰথমটো মডিউল নিৰ্মাণৰ বাবে ভাৰতীয় কোম্পানীবোৰক আহ্বান জনাইছে। ২০৩৫ চনৰ ভিতৰত অন্তৰীক্ষত এটা মহাকাশ লেবৰেটৰী স্থাপন কৰাৰ দিশত প্রথমটো দৃঢ় পদক্ষেপ ল'লে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। 


ইছৰ'ই প্রকাশ কৰা মতে, ২০২৮ চনৰ ভিতৰত ভাৰতৰ নিজা মহাকাশ আস্থানৰ প্ৰথমটো মডিউল মুকলি কৰা হ'ব। ইছৰ'ই এই ক্ষেত্রত আগ্রহ প্রকাশ (ই অ' আই) জাননী ভাৰতীয় এৰ'স্পেছ নির্মাণ প্রতিষ্ঠানসমূহলৈ প্রেৰণ কৰিছে। ভাৰতীয় অন্তৰীক্ষ আস্থানৰ প্রথমটো মডিউল-বি এ এছ-০১-ৰ গাঁথনিৰ দুটা সম্পূর্ণ ছেট বিকশিত কৰিবলৈ ভাৰতীয় কোম্পানীবোৰক আহ্বান জনাইছে ইছৰ'ই। এই মডিউলেই ভৱিষ্যতে ভাৰতৰ নিজা মহাকাশ আস্থানৰ মূল ভেটি হ'ব। 


গংগাযান মানৱ মহাকাশযান কাৰ্যসূচীৰ পাছত ইছৰ'ই এইটো পৰৱৰ্তী যুক্তিসংগত পদক্ষেপ লৈছে। সহজ অর্থত, ভাৰতে ইয়াৰ নিজা মহাকাশ আস্থানত ভৱিষ্যতে মহাকাশলৈ মহাকাশচাৰীক প্ৰেৰণ কৰিব পাৰিব, য'ত মহাকাশচাৰীসকলে অন্তৰীক্ষতে থাকিব পাৰিব আৰু কাৰ্য সম্পাদন কৰিব পাৰিব। ইছৰ'ৰ মতে, ভাৰতীয় অন্তৰীক্ষ ষ্টেছনে দেশৰ এইটো লক্ষ্য পূৰণ কৰিব, যাতে মহাকাশত ভাৰতে স্থায়ীভাবে মানৱৰ অস্তিত্ব ৰাখিব পাৰে। 


আনহাতে, 'বি এ এছে' দীর্ঘম্যাদী পৰীক্ষণৰ বাবে মহাকাশ লেবৰেটৰী (পৰীক্ষাগাৰ) হিচাপে কাম কৰিব আৰু শেহতীয়া গৱেষণা সম্পন্ন কৰিব পাৰিব। ইছৰ 'ই বৰ্তমান এই দিশত কার্যপন্থা আৰম্ভ কৰিছে যে ২০২৮-ৰ ভিতৰত কক্ষপথত প্রথমটো বি এ এছ মডিউল মুকলি কৰিব আৰু ২০৩৫ চনৰ ভিতৰত এটা নিজা আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থান সম্পূর্ণ কার্যক্ষম কৰাৰ পৰিকল্পনা কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ