--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইছৰ'ৰ বিক্ৰম সাৰাভাই স্পেছ চেণ্টাৰে (ভি এছ এছ চি) আনুষ্ঠানিকভাৱে মহাকাশ আস্থানৰ প্ৰথমটো মডিউল নিৰ্মাণৰ বাবে ভাৰতীয় কোম্পানীবোৰক আহ্বান জনাইছে।

ডিজিটেল ডেস্ক: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰ') মহাকাশত 'ভাৰতীয় অন্তৰীক্ষ ষ্টেছন' (বি এ এছ) নিৰ্মাণৰ বাবে যাৱতীয় 'গ্রাউণ্ডৱৰ্ক' ইতিমধ্যে আৰম্ভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থান হিচাপে ভাৰতে নিজাকৈ পৃথিৱীৰ কক্ষপথৰ তলত স্থায়ী মহাকাশ কেন্দ্র নিৰ্মাণৰ বিষয়ে পূর্বেই ঘোষণা কৰিছিল। 


সংবাদ মাধ্যমত প্রকাশ হোৱা তথ্য অনুসৰি, ইছৰ'ৰ বিক্ৰম সাৰাভাই স্পেছ চেণ্টাৰে (ভি এছ এছ চি) আনুষ্ঠানিকভাৱে মহাকাশ আস্থানৰ প্ৰথমটো মডিউল নিৰ্মাণৰ বাবে ভাৰতীয় কোম্পানীবোৰক আহ্বান জনাইছে। ২০৩৫ চনৰ ভিতৰত অন্তৰীক্ষত এটা মহাকাশ লেবৰেটৰী স্থাপন কৰাৰ দিশত প্রথমটো দৃঢ় পদক্ষেপ ল'লে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। 


ইছৰ'ই প্রকাশ কৰা মতে, ২০২৮ চনৰ ভিতৰত ভাৰতৰ নিজা মহাকাশ আস্থানৰ প্ৰথমটো মডিউল মুকলি কৰা হ'ব। ইছৰ'ই এই ক্ষেত্রত আগ্রহ প্রকাশ (ই অ' আই) জাননী ভাৰতীয় এৰ'স্পেছ নির্মাণ প্রতিষ্ঠানসমূহলৈ প্রেৰণ কৰিছে। ভাৰতীয় অন্তৰীক্ষ আস্থানৰ প্রথমটো মডিউল-বি এ এছ-০১-ৰ গাঁথনিৰ দুটা সম্পূর্ণ ছেট বিকশিত কৰিবলৈ ভাৰতীয় কোম্পানীবোৰক আহ্বান জনাইছে ইছৰ'ই। এই মডিউলেই ভৱিষ্যতে ভাৰতৰ নিজা মহাকাশ আস্থানৰ মূল ভেটি হ'ব। 


গংগাযান মানৱ মহাকাশযান কাৰ্যসূচীৰ পাছত ইছৰ'ই এইটো পৰৱৰ্তী যুক্তিসংগত পদক্ষেপ লৈছে। সহজ অর্থত, ভাৰতে ইয়াৰ নিজা মহাকাশ আস্থানত ভৱিষ্যতে মহাকাশলৈ মহাকাশচাৰীক প্ৰেৰণ কৰিব পাৰিব, য'ত মহাকাশচাৰীসকলে অন্তৰীক্ষতে থাকিব পাৰিব আৰু কাৰ্য সম্পাদন কৰিব পাৰিব। ইছৰ'ৰ মতে, ভাৰতীয় অন্তৰীক্ষ ষ্টেছনে দেশৰ এইটো লক্ষ্য পূৰণ কৰিব, যাতে মহাকাশত ভাৰতে স্থায়ীভাবে মানৱৰ অস্তিত্ব ৰাখিব পাৰে। 


আনহাতে, 'বি এ এছে' দীর্ঘম্যাদী পৰীক্ষণৰ বাবে মহাকাশ লেবৰেটৰী (পৰীক্ষাগাৰ) হিচাপে কাম কৰিব আৰু শেহতীয়া গৱেষণা সম্পন্ন কৰিব পাৰিব। ইছৰ 'ই বৰ্তমান এই দিশত কার্যপন্থা আৰম্ভ কৰিছে যে ২০২৮-ৰ ভিতৰত কক্ষপথত প্রথমটো বি এ এছ মডিউল মুকলি কৰিব আৰু ২০৩৫ চনৰ ভিতৰত এটা নিজা আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থান সম্পূর্ণ কার্যক্ষম কৰাৰ পৰিকল্পনা কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু