--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জৈৱিক অস্ত্রসমূহৰ ভিতৰত সূক্ষ্ম অণুজীৱ যেনে-ভাইৰাছ, বেক্টেৰীয়া বা ভেঁকুৰ অথবা বিষাক্ত দ্রব্যবোৰ আছে, যিবোৰ বিশ্বৰ সন্ত্রাসবাদী সংগঠনবোৰে 'জৈৱ সন্ত্রাস' সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি বিল গেটছে আশংকা কৰিছে।

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তাই (এ আই) বিশ্বত 'জৈৱ সন্ত্রাসবাদ'ৰ সৃষ্টি কৰিব পাৰে এই সতর্কবাণী দিছে মাইক্ৰ'ছফটৰ সহঃ প্রতিষ্ঠাপক বিল গেটছে।


বিশ্বৰ প্রযুক্তি খণ্ডৰ অন্যতম অগ্রণী ব্যক্তি বিল গেটছে কয় যে কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে ছফটৱেৰৰ মুকলি উৎস ব্যৱহাৰ কৰি অনা-চৰকাৰী সংগঠনবোৰে (বিশেষকৈ সন্ত্রাসবাদী গোটবোৰে) সন্ত্রাসবাদৰ বাবে জৈৱিক অস্ত্র বিকশিত কৰিবলৈ সুযোগ লাভ কৰাৰ আশংকা আছে। 


উল্লেখযোগ্য যে জৈৱিক অস্ত্রসমূহৰ ভিতৰত সূক্ষ্ম অণুজীৱ যেনে-ভাইৰাছ, বেক্টেৰীয়া বা ভেঁকুৰ অথবা বিষাক্ত দ্রব্যবোৰ আছে, যিবোৰ বিশ্বৰ সন্ত্রাসবাদী সংগঠনবোৰে 'জৈৱ সন্ত্রাস' সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি বিল গেটছে আশংকা কৰিছে। এই 'জৈৱ সন্ত্রাসবাদ'ৰ জৰিয়তে মানব সমাজৰ ধ্বংস হোৱাৰ লগতে পশুধন আৰু খেতি পথাৰো ক্ষতিগ্রস্ত হ'ব পাৰে। 


যোৱা শুকুৰবাৰে বিল গেটছে প্রকাশ কৰা তেওঁৰ বার্ষিক প্রতিবেদন 'অপটিমিজিম উইথ ফুটনোটছ'ত তেওঁ দাবী কৰে যে যদিও কৃত্রিম বুদ্ধিমত্তাই অধিকাংশ সমাজ ব্যবস্থাত পৰিৱর্তন সাধন কৰিছে, কিন্তু এই এ আই-এ বিশ্বৰ নাগৰিকলৈ গভীৰ ভাবুকিও কঢ়িয়াই আনিছে। গেটছে কয়, '২০১৫ চনত মই এটা সতর্কবাণী দিছিলোঁ যে বিশ্বই এটা মহামাৰীক মোকাবিলা কৰিব পৰাকৈ প্রস্তুত নহয়। যদি আমি কভিড-১৯ মহামাৰীৰ বাবে উপযুক্তভাৱে প্রস্তুত থাকিলোঁহেঁতেন সমগ্র বিশ্বতে ইমানকৈ লোকে প্রাণ তেনেহ'লে ই নেহেৰুৱালেহেঁতেন।' 


বিল গেটছে কয় যে বর্তমান সময়ত এইটো বৃহৎ সংকটৰ আশংকা আছে যে প্রাকৃতিকভাৱে সৃষ্টি হোৱা মহামাৰীতকৈ এ আই সঁজুলিৰ মুকলি উৎসবোৰ ব্যৱহাৰ কৰি বিকশিত কৰা সন্ত্রাসবাদৰ জৈৱিক অস্ত্ৰবোৰ মানৱ সমাজৰ বাবে অতি মাৰাত্মক হোৱাৰ সম্ভাৱনা আছে। গেটছে কয় যে এ আই কেনেদৰে বিকশিত কৰা হৈছে, কেনেকৈ প্রয়োগ কৰা হৈছে, সেই বিষয়ে মানৱ সমাজে

গভীৰভাৱে পর্যালোচনা কৰাৰ প্রয়োজন আছে। 'এ আই' কিমান স্তৰলৈ বুদ্ধিদীপ্ত হ'ব তাৰ কোনো উচ্চ সীমা নাই বুলি বিল গেটছে মন্তব্য কৰে। মানৱীয় স্তৰ অতিক্রম কৰাৰ পূর্বে এই কৃত্রিম বুদ্ধিমত্তাই শীর্ষ বিন্দুত উপনীত নহয় বুলি বিল গেটছে দাবী কৰে। 


জৈৱ সন্ত্রাসবাদৰ দৰে এ আই-এ আনটো বৃহৎ প্রত্যাহবান চাকৰি খণ্ডত আনিব বুলিও গেটছে দাবী কৰে। ছফটৱেৰ বিকাশৰ দৰে ক্ষেত্ৰত চাকৰিৰ চাহিদা ইতিমধ্যে এ আই-এ হ্রাস কৰিছে বুলি বিশ্বৰ অন্যতম ধনাঢ্য প্রযুক্তিবিদজনে মন্তব্য কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু