--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জৈৱিক অস্ত্রসমূহৰ ভিতৰত সূক্ষ্ম অণুজীৱ যেনে-ভাইৰাছ, বেক্টেৰীয়া বা ভেঁকুৰ অথবা বিষাক্ত দ্রব্যবোৰ আছে, যিবোৰ বিশ্বৰ সন্ত্রাসবাদী সংগঠনবোৰে 'জৈৱ সন্ত্রাস' সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি বিল গেটছে আশংকা কৰিছে।

ডিজিটেল ডেস্ক : কৃত্রিম বুদ্ধিমত্তাই (এ আই) বিশ্বত 'জৈৱ সন্ত্রাসবাদ'ৰ সৃষ্টি কৰিব পাৰে এই সতর্কবাণী দিছে মাইক্ৰ'ছফটৰ সহঃ প্রতিষ্ঠাপক বিল গেটছে।


বিশ্বৰ প্রযুক্তি খণ্ডৰ অন্যতম অগ্রণী ব্যক্তি বিল গেটছে কয় যে কৃত্রিম বুদ্ধিমত্তাৰ জৰিয়তে ছফটৱেৰৰ মুকলি উৎস ব্যৱহাৰ কৰি অনা-চৰকাৰী সংগঠনবোৰে (বিশেষকৈ সন্ত্রাসবাদী গোটবোৰে) সন্ত্রাসবাদৰ বাবে জৈৱিক অস্ত্র বিকশিত কৰিবলৈ সুযোগ লাভ কৰাৰ আশংকা আছে। 


উল্লেখযোগ্য যে জৈৱিক অস্ত্রসমূহৰ ভিতৰত সূক্ষ্ম অণুজীৱ যেনে-ভাইৰাছ, বেক্টেৰীয়া বা ভেঁকুৰ অথবা বিষাক্ত দ্রব্যবোৰ আছে, যিবোৰ বিশ্বৰ সন্ত্রাসবাদী সংগঠনবোৰে 'জৈৱ সন্ত্রাস' সৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব পাৰিব বুলি বিল গেটছে আশংকা কৰিছে। এই 'জৈৱ সন্ত্রাসবাদ'ৰ জৰিয়তে মানব সমাজৰ ধ্বংস হোৱাৰ লগতে পশুধন আৰু খেতি পথাৰো ক্ষতিগ্রস্ত হ'ব পাৰে। 


যোৱা শুকুৰবাৰে বিল গেটছে প্রকাশ কৰা তেওঁৰ বার্ষিক প্রতিবেদন 'অপটিমিজিম উইথ ফুটনোটছ'ত তেওঁ দাবী কৰে যে যদিও কৃত্রিম বুদ্ধিমত্তাই অধিকাংশ সমাজ ব্যবস্থাত পৰিৱর্তন সাধন কৰিছে, কিন্তু এই এ আই-এ বিশ্বৰ নাগৰিকলৈ গভীৰ ভাবুকিও কঢ়িয়াই আনিছে। গেটছে কয়, '২০১৫ চনত মই এটা সতর্কবাণী দিছিলোঁ যে বিশ্বই এটা মহামাৰীক মোকাবিলা কৰিব পৰাকৈ প্রস্তুত নহয়। যদি আমি কভিড-১৯ মহামাৰীৰ বাবে উপযুক্তভাৱে প্রস্তুত থাকিলোঁহেঁতেন সমগ্র বিশ্বতে ইমানকৈ লোকে প্রাণ তেনেহ'লে ই নেহেৰুৱালেহেঁতেন।' 


বিল গেটছে কয় যে বর্তমান সময়ত এইটো বৃহৎ সংকটৰ আশংকা আছে যে প্রাকৃতিকভাৱে সৃষ্টি হোৱা মহামাৰীতকৈ এ আই সঁজুলিৰ মুকলি উৎসবোৰ ব্যৱহাৰ কৰি বিকশিত কৰা সন্ত্রাসবাদৰ জৈৱিক অস্ত্ৰবোৰ মানৱ সমাজৰ বাবে অতি মাৰাত্মক হোৱাৰ সম্ভাৱনা আছে। গেটছে কয় যে এ আই কেনেদৰে বিকশিত কৰা হৈছে, কেনেকৈ প্রয়োগ কৰা হৈছে, সেই বিষয়ে মানৱ সমাজে

গভীৰভাৱে পর্যালোচনা কৰাৰ প্রয়োজন আছে। 'এ আই' কিমান স্তৰলৈ বুদ্ধিদীপ্ত হ'ব তাৰ কোনো উচ্চ সীমা নাই বুলি বিল গেটছে মন্তব্য কৰে। মানৱীয় স্তৰ অতিক্রম কৰাৰ পূর্বে এই কৃত্রিম বুদ্ধিমত্তাই শীর্ষ বিন্দুত উপনীত নহয় বুলি বিল গেটছে দাবী কৰে। 


জৈৱ সন্ত্রাসবাদৰ দৰে এ আই-এ আনটো বৃহৎ প্রত্যাহবান চাকৰি খণ্ডত আনিব বুলিও গেটছে দাবী কৰে। ছফটৱেৰ বিকাশৰ দৰে ক্ষেত্ৰত চাকৰিৰ চাহিদা ইতিমধ্যে এ আই-এ হ্রাস কৰিছে বুলি বিশ্বৰ অন্যতম ধনাঢ্য প্রযুক্তিবিদজনে মন্তব্য কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ