--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সমগ্ৰ ভাৰততে নকল ঔষধৰ এই ৰমৰমীয়া বেহা চলাই থকাৰ গোপন খবৰটো দুই-তিনিমাহ পূর্বে দিল্লী আৰক্ষীৰ এজন হেড কনিষ্টবলে এটা সূত্ৰৰ জৰিয়তে লাভ কৰিছিল।

ডিজিটেল ডেস্ক : দেশজুৰি ভেজাল ঔষধৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা এটা চক্রক উৎখাত কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষীৰ অপৰাধ শাখা।


সমগ্ৰ ভাৰততে নকল ঔষধৰ এই ৰমৰমীয়া বেহা চলাই থকাৰ গোপন খবৰটো দুই-তিনিমাহ পূর্বে দিল্লী আৰক্ষীৰ এজন হেড কনিষ্টবলে এটা সূত্ৰৰ জৰিয়তে লাভ কৰিছিল। দিল্লী আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত ২-৩ বছৰ ধৰি প্ৰতিষ্ঠিত ঔষধ কোম্পানীৰ মার্কা মৰা ভেজাল ঔষধে ছানি ধৰিছিল সমগ্ৰ ভাৰত।


শেহতীয়াকৈ এজন হেড কনিষ্টবলৰ নেতৃত্বত চলা দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ এক অনুসন্ধানত পোহৰলৈ আহিছে এই কথা। এই অনুসন্ধান তথা তদন্তৰ অন্তত দিল্লী আৰক্ষীৰ জালত পৰিছে ভেজাল ঔষধৰ ছিণ্ডিকেট চলোৱা এক চক্ৰৰ ৬জনকৈ অপৰাধী।


ইতিমধ্যে দিল্লী আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা এই অপৰাধীকেইটাৰ পৰা জানিব পৰা মতে বিগত ২-৩ বছৰৰ পৰা কেভম জেৰ'ডল এক্স পি পেনটপকে ধৰি বহুকেইটা প্রতিষ্ঠিত প্রতিষ্ঠানে প্রস্তুত কৰা ঔষধ বিশেষকৈ জনছন এণ্ড জনছন কোম্পানীৰ দ্বাৰা প্ৰস্তুত হোৱা ঔষধৰ ভেজাল কৰি বজাৰত সেই একে নামতে বিক্ৰীৰ বাবে উলিয়াই দি এক ঔষধৰ ছিণ্ডিকেট চলাই আহিছিল, যি মানুহৰ স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক হিচাপে বিবেচিত হৈছে।


বিগত ৩০ জুলাইত দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ৰাজপথত তালাচী চলোৱাত উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ দুই ব্যক্তিৰ সৈতে জব্দ কৰা এখন বাহনত উদ্ধাৰ হোৱা ভেজাল ঔষধে এই ছিণ্ডিকেটৰ কথা পোহৰলৈ আনে। এই ঘটনাৰ পাছতে দিল্লী আৰক্ষীয়ে এই ভেজাল ঔষধৰ সৰবৰাহকাৰী দুটাৰ পৰা পোৱা তথ্যৰ ভিত্তিত হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ বিভিন্ন ঠাইৰ পৰা ঔষধ প্রস্তুত কৰা মেচিনকে ধৰি বিভিন্ন প্ৰকাৰৰ বৃহৎ পৰিমাণৰ ভেজাল কেভম জেৰ'ডল এক্স পি আদি ঔষধ উদ্ধাৰ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ