--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সমগ্ৰ ভাৰততে নকল ঔষধৰ এই ৰমৰমীয়া বেহা চলাই থকাৰ গোপন খবৰটো দুই-তিনিমাহ পূর্বে দিল্লী আৰক্ষীৰ এজন হেড কনিষ্টবলে এটা সূত্ৰৰ জৰিয়তে লাভ কৰিছিল।

ডিজিটেল ডেস্ক : দেশজুৰি ভেজাল ঔষধৰ ৰমৰমীয়া ব্যৱসায় চলাই থকা এটা চক্রক উৎখাত কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষীৰ অপৰাধ শাখা।


সমগ্ৰ ভাৰততে নকল ঔষধৰ এই ৰমৰমীয়া বেহা চলাই থকাৰ গোপন খবৰটো দুই-তিনিমাহ পূর্বে দিল্লী আৰক্ষীৰ এজন হেড কনিষ্টবলে এটা সূত্ৰৰ জৰিয়তে লাভ কৰিছিল। দিল্লী আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিগত ২-৩ বছৰ ধৰি প্ৰতিষ্ঠিত ঔষধ কোম্পানীৰ মার্কা মৰা ভেজাল ঔষধে ছানি ধৰিছিল সমগ্ৰ ভাৰত।


শেহতীয়াকৈ এজন হেড কনিষ্টবলৰ নেতৃত্বত চলা দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ এক অনুসন্ধানত পোহৰলৈ আহিছে এই কথা। এই অনুসন্ধান তথা তদন্তৰ অন্তত দিল্লী আৰক্ষীৰ জালত পৰিছে ভেজাল ঔষধৰ ছিণ্ডিকেট চলোৱা এক চক্ৰৰ ৬জনকৈ অপৰাধী।


ইতিমধ্যে দিল্লী আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা এই অপৰাধীকেইটাৰ পৰা জানিব পৰা মতে বিগত ২-৩ বছৰৰ পৰা কেভম জেৰ'ডল এক্স পি পেনটপকে ধৰি বহুকেইটা প্রতিষ্ঠিত প্রতিষ্ঠানে প্রস্তুত কৰা ঔষধ বিশেষকৈ জনছন এণ্ড জনছন কোম্পানীৰ দ্বাৰা প্ৰস্তুত হোৱা ঔষধৰ ভেজাল কৰি বজাৰত সেই একে নামতে বিক্ৰীৰ বাবে উলিয়াই দি এক ঔষধৰ ছিণ্ডিকেট চলাই আহিছিল, যি মানুহৰ স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক হিচাপে বিবেচিত হৈছে।


বিগত ৩০ জুলাইত দিল্লী আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই ৰাজপথত তালাচী চলোৱাত উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ দুই ব্যক্তিৰ সৈতে জব্দ কৰা এখন বাহনত উদ্ধাৰ হোৱা ভেজাল ঔষধে এই ছিণ্ডিকেটৰ কথা পোহৰলৈ আনে। এই ঘটনাৰ পাছতে দিল্লী আৰক্ষীয়ে এই ভেজাল ঔষধৰ সৰবৰাহকাৰী দুটাৰ পৰা পোৱা তথ্যৰ ভিত্তিত হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ বিভিন্ন ঠাইৰ পৰা ঔষধ প্রস্তুত কৰা মেচিনকে ধৰি বিভিন্ন প্ৰকাৰৰ বৃহৎ পৰিমাণৰ ভেজাল কেভম জেৰ'ডল এক্স পি আদি ঔষধ উদ্ধাৰ কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু