--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই যাত্রা অগণন ঘণ্টাৰ গৱেষণা, পৰীক্ষা-নিৰীক্ষা, বিপর্যয় আৰু অধ্যাৱসায়েৰে ভৰি আছে।' প্রায় তিনি বছৰ অধ্যয়ন কৰাৰ পাছত গৱেষকসকলে এই তথ্য উদ্ধাৰ কৰিছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে

ডিজিটেল ডেস্ক : অসমবাসীৰ বাবে সুখবৰ। অসমত ৰাংকুকুৰৰ অৱস্থিতি ধৰা পৰিছে। বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা ৰাজহুৱা কৰে।


তেওঁ কয়, 'কাজিৰঙা-কাৰ্বি আংলং এলেকাত কেমেৰাত উপস্থিতি ধৰা পৰা (Cuon alpinus বৈজ্ঞানিক নাম) জন্তুবিধৰ আমাৰ বাবে চিনাকি নামটো হৈছে ৰাংকুকুৰ।


নিজৰ ওজনতকৈ ৮ গুণ বেছি ওজনৰ প্ৰাণীকো চিকাৰ কৰাত সিদ্ধহস্ত ৰাংকুকুৰৰ উপস্থিতি অসমৰ সম্পূৰ্ণ জৈৱ-বৈচিত্র্যৰ এক উৎকৃষ্ট নিদর্শন। আনহাতে ৰাজ্যত চলি থকা বৈজ্ঞানিক অধ্যয়নসমূহৰ কথা ব্যক্ত কৰি তেওঁ লগতে কয় যে 'প্রতিটো বৈজ্ঞানিক অগ্ৰগতিৰ আঁৰত বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম, বৈজ্ঞানিক অধ্যয়নসমূহ প্রায় মাহৰ পাছত মাহ, আনকি বছৰ বছৰ ধৰি চলি থাকে। তাৰ পাছত আমি ইয়াৰ ফলাফল সম্পর্কে অৱগত হওঁ।


এই যাত্রা অগণন ঘণ্টাৰ গৱেষণা, পৰীক্ষা-নিৰীক্ষা, বিপর্যয় আৰু অধ্যাৱসায়েৰে ভৰি আছে।' প্রায় তিনি বছৰ অধ্যয়ন কৰাৰ পাছত গৱেষকসকলে এই তথ্য উদ্ধাৰ কৰিছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি