--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • সমাগত ভোগালী বিহুৰ আগে আগে এই ভয়ংকৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে এতিয়া ভোগালীৰ আনন্দ-উছাহত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা প্রকট হৈছে।

ডিজিটেল ডেস্ক: বহিঃৰাজ্যৰ পৰা আমদানি কৰা মাছত বিষাক্ত ফৰ্মেলিনৰ উপস্থিতিয়ে জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ পাছত এইবাৰ থলুৱা মাছতো বিষাক্ত পদাৰ্থৰ উপস্থিতিয়ে ৰাজ্যবাসীক উৎকণ্ঠিত কৰিছে। ডাঙৰ মাছৰ সমানে এইবাৰ সৰু মাছতো বিষাক্ত পদাৰ্থৰ উপস্থিতি ধৰা পৰিছে।


সমাগত ভোগালী বিহুৰ আগে আগে এই ভয়ংকৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে এতিয়া ভোগালীৰ আনন্দ-উছাহত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা প্রকট হৈছে। থলুৱা মাছ উৎপাদন কৰা জলাশয়ৰ পানী বিষাক্ত হৈ পৰা কথাই এতিয়া জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। 



উল্লেখযোগ্য যে শেহতীয়াকৈ 'পহলে ইণ্ডিয়া ফাউণ্ডেশ্যন' নামৰ এটা সংস্থাই গুৱাহাটীৰ বজাৰত বিক্ৰী হোৱা সৰু-বৰ থলুৱা মাছৰ ওপৰত চলোৱা এক গৱেষণাই এক ভয়ংকৰ তথ্য পোহৰলৈ আনিছে। মহানগৰীৰ বিভিন্ন বজাৰৰ পৰা সংগ্ৰহ কৰা মাছৰ নমুনা পৰীক্ষা কৰাৰ সময়ত কেইবাটাও প্ৰজাতিৰ মাছত 'আছেনিক' আৰু 'সীহ'ৰ দৰে মাৰাত্মক পদাৰ্থৰ উপস্থিতি ধৰা পৰিছে। এই বিষাক্ত পদার্থই মানুহৰ শৰীৰত দীৰ্ঘম্যাদী আৰু মাৰাত্মক স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। আনহাতে, মাছত উদ্ধাৰ হোৱা এই পদাৰ্থৰ মাত্ৰাই বিপদসীমা অতিক্ৰম কৰাৰ কথাও গৱেষণাত স্পষ্ট হৈছে। 


লক্ষ্যণীয় যে চালানী মাছত বিষাক্ত পদাৰ্থ থকাৰ কথা পোহৰলৈ অহাৰ পাছত স্বাস্থ্য সচেতন জনসাধাৰণে থলুৱাভাৱে উৎপাদন কৰা মাছ খোৱাত গুৰুত্ব প্রদান কৰিবলৈ আৰম্ভ কৰে। কিন্তু গৱেষণাত থলুৱা মাছতো বিষাক্ত সীহ আৰু আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰাত এতিয়া মানুহে মাছৰ সোৱাদ লোৱাৰ ক্ষেত্ৰত অধিক বিপজ্জনক হৈ পৰিছে। আটাইতকৈ উদ্বেগজনক দিশটো হ'ল আমাৰ অতি পৰিচিত আৰু সুলভ মূল্যৰ ভাঙন আৰু নাৰ মাছৰ নমুনা পৰীক্ষা কৰাৰ সময়ত প্রতিটো নমুনাতে সীহ আৰু আৰ্ছেনিকৰ পৰিমাণ নিৰ্ধাৰিত সুৰক্ষিত সীমাতকৈ বহু বেছি পোৱা গৈছে। তদুপৰি, যিবোৰ মাছৰ নমুনাত সীহ পোৱা গৈছে, সেইবোৰত আছেনিকৰ দৰে আন এক বিষাক্ত দ্রব্যও পোৱা গৈছে, যিয়ে পৰিৱেশৰ প্ৰদূষণ কিমান গভীৰ হৈছে তাকেই প্ৰমাণ কৰে। 


প্রণিধানযোগ্য যে সীহ আৰু আছেনিক এবাৰ মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে এই বিষাক্ত দ্রব্য শৰীৰে সহজতে উলিয়াই দিব নোৱাৰে। এই পদার্থই হাড় আৰু শৰীৰৰ গুৰুত্বপূৰ্ণ অংগবোৰত জমা হৈ বহু বছৰ ধৰি থাকি যায়। ইয়াৰ দ্বাৰা বিশেষকৈ শিশুসকল আটাইতকৈ বেছি ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা থাকে। সীহৰ সংস্পৰ্শই শিশুৰ বুদ্ধি বা আই কিউ হ্রাস কৰিব পাৰে আৰু তেওঁলোকৰ শিকাৰ ক্ষমতা তথা আচৰণত বিৰূপ প্ৰভাৱ পেলাব পাৰে। গৰ্ভৱতী মহিলা আৰু অসুস্থ লোকসকলৰ বাবেও ই অতি বিপজ্জনক। আনহাতে, বয়স্ক লোকসকলৰ ক্ষেত্ৰত এই বিষাক্ত দ্রব্যই অধিক পৰিমাণে ক্ষতি কৰাৰ লগতে উচ্চৰক্তচাপ আৰু স্মৃতিশক্তি হ্রাস কৰাৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে। 


গৱেষণাত এই কথাও পোহৰলৈ আহিছে যে গুৱাহাটীৰ জলাশয়বোৰ এসময়ত প্রাকৃতিকভাৱে পানী পৰিষ্কাৰ কৰি ৰখাৰ উৎস আছিল, কিন্তু এতিয়া সেইবোৰত উদ্যোগৰ দূষিত পানী আৰু নগৰৰ আৱৰ্জনা পোনপটীয়াকৈ পেলাই থকা হৈছে। বিশেষকৈ পৌৰ নিগমৰ আৱৰ্জনা পেলোৱা ঠাইৰ পৰা ওলোৱা বিষাক্ত দ্রব্যবোৰে বিল বা জলাশয়লৈ নিগৰি গৈ পানী প্ৰদূষিত কৰাৰ লগতে এই বিষাক্ত পদাৰ্থবোৰ বজাৰৰ মাছৰ জৰিয়তে মানুহৰ শৰীৰত বিয়পি পৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ