--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসমৰ চাইবাৰ অপৰাধীৰে লিংক পাকিস্তান, ছাউথ ইষ্ট এছিয়াৰ অপৰাধীৰ । ৰাজস্থান, হাৰিয়ানাৰ চাইবাৰ অপৰাধী প্ৰশিক্ষন ল'বলৈ আহে মৰিগাঁৱলৈ ।

ডিজিটেল ডেস্কঃ পাকিস্তানৰ পৰা নিয়ন্ত্ৰণ হৈছে অসমৰ চাইবাৰ অপৰাধ। মৰিগাঁৱত বহি চাইবাৰ অপৰাধীয়ে লুট কৰা ধন ডুবাইৰ জৰিয়তে যায় পাকিস্তানলৈ। অসম আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।


অসমৰ চাইবাৰ অপৰাধীৰে লিংক পাকিস্তান, ছাউথ ইষ্ট এছিয়াৰ অপৰাধীৰ । ৰাজস্থান, হাৰিয়ানাৰ চাইবাৰ অপৰাধী প্ৰশিক্ষন ল'বলৈ আহে মৰিগাঁৱলৈ । শেহতীয়াকৈ মৰিগাঁৱত গ্ৰেপ্তাৰ হোৱা চাইবাৰ অপৰাধীৰ ভাষ্যত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। চাইবাৰ অপৰাধীয়ে মৰিগাঁৱৰ ভিতৰুৱা অঞ্চলত বনাই লৈছিল ভুৱা আধাৰকাৰ্ড বনোৱা কেন্দ্ৰ।


ভুৱা আধাৰ কাৰ্ডৰ জৰিয়তে এজন ব্যক্তিৰ নামতে বিভিন্ন ঠাইৰ পৰা উলিয়াই বহু ছীম । সেই ছীমৰ জৰিয়তে ভাৰতৰ বহু ব্যক্তিৰ পৰা প্ৰৱঞ্চনাৰে লুটিছিল কোটি কোটি টকা । কেৱল সেয়াই নহয় ভুৱা নথিৰে চাইবাৰ অপৰাধীয়ে বহু বেংকৰ পৰা সৰকাই নিছে কেইবাশ কোটিৰ ঋন । কিন্তু বেংক কৰ্তৃপক্ষই পৰবৰ্তী সময়ত বিচাৰি নাপায় সেই লোকসকলক । চাইবাৰ প্ৰৱঞ্চনাৰে লুটা ধন গৈ পায় পাকিস্তান অথবা চাউথ ইষ্ট এছিয়া ।


চাইবাৰ ক্ৰাইমত ব্যৱহাৰ হোৱা ৭২ হাজাৰ চীমকাৰ্ড জব্দ কৰি নিস্ক্ৰিয় কৰিছে আৰক্ষীয়ে । যি সমূহ চীম কাৰ্ড অসমৰ লোকৰ নামত পঞ্জীয়ন কিন্তু চলি থাকে ভাৰত-পাক সীমান্তত । বহু ছীম বৰ্তমানেও সক্ৰিয় হৈ আছে অন্য প্ৰান্তত, বহু চীম চলায় থকা অপৰাধীক ধৰাতো বহু ক্ষেত্ৰত কঠিন হৈ পৰে আৰক্ষীৰ বাবেও ।


বাংগালুৰু, কেৰালাৰ দৰে ঠাইত কাম কৰিবলৈ যোৱা একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলে চাইবাৰ প্ৰবঞ্চনাৰ প্ৰশিক্ষণ লৈ আহে আৰু ঘৰলৈ উভতি আহি অপৰাধমূলক কাৰ্যকলাপ লিপ্ত হয় ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন