--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অসমৰ চাইবাৰ অপৰাধীৰে লিংক পাকিস্তান, ছাউথ ইষ্ট এছিয়াৰ অপৰাধীৰ । ৰাজস্থান, হাৰিয়ানাৰ চাইবাৰ অপৰাধী প্ৰশিক্ষন ল'বলৈ আহে মৰিগাঁৱলৈ ।

ডিজিটেল ডেস্কঃ পাকিস্তানৰ পৰা নিয়ন্ত্ৰণ হৈছে অসমৰ চাইবাৰ অপৰাধ। মৰিগাঁৱত বহি চাইবাৰ অপৰাধীয়ে লুট কৰা ধন ডুবাইৰ জৰিয়তে যায় পাকিস্তানলৈ। অসম আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।


অসমৰ চাইবাৰ অপৰাধীৰে লিংক পাকিস্তান, ছাউথ ইষ্ট এছিয়াৰ অপৰাধীৰ । ৰাজস্থান, হাৰিয়ানাৰ চাইবাৰ অপৰাধী প্ৰশিক্ষন ল'বলৈ আহে মৰিগাঁৱলৈ । শেহতীয়াকৈ মৰিগাঁৱত গ্ৰেপ্তাৰ হোৱা চাইবাৰ অপৰাধীৰ ভাষ্যত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। চাইবাৰ অপৰাধীয়ে মৰিগাঁৱৰ ভিতৰুৱা অঞ্চলত বনাই লৈছিল ভুৱা আধাৰকাৰ্ড বনোৱা কেন্দ্ৰ।


ভুৱা আধাৰ কাৰ্ডৰ জৰিয়তে এজন ব্যক্তিৰ নামতে বিভিন্ন ঠাইৰ পৰা উলিয়াই বহু ছীম । সেই ছীমৰ জৰিয়তে ভাৰতৰ বহু ব্যক্তিৰ পৰা প্ৰৱঞ্চনাৰে লুটিছিল কোটি কোটি টকা । কেৱল সেয়াই নহয় ভুৱা নথিৰে চাইবাৰ অপৰাধীয়ে বহু বেংকৰ পৰা সৰকাই নিছে কেইবাশ কোটিৰ ঋন । কিন্তু বেংক কৰ্তৃপক্ষই পৰবৰ্তী সময়ত বিচাৰি নাপায় সেই লোকসকলক । চাইবাৰ প্ৰৱঞ্চনাৰে লুটা ধন গৈ পায় পাকিস্তান অথবা চাউথ ইষ্ট এছিয়া ।


চাইবাৰ ক্ৰাইমত ব্যৱহাৰ হোৱা ৭২ হাজাৰ চীমকাৰ্ড জব্দ কৰি নিস্ক্ৰিয় কৰিছে আৰক্ষীয়ে । যি সমূহ চীম কাৰ্ড অসমৰ লোকৰ নামত পঞ্জীয়ন কিন্তু চলি থাকে ভাৰত-পাক সীমান্তত । বহু ছীম বৰ্তমানেও সক্ৰিয় হৈ আছে অন্য প্ৰান্তত, বহু চীম চলায় থকা অপৰাধীক ধৰাতো বহু ক্ষেত্ৰত কঠিন হৈ পৰে আৰক্ষীৰ বাবেও ।


বাংগালুৰু, কেৰালাৰ দৰে ঠাইত কাম কৰিবলৈ যোৱা একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ যুৱক-যুৱতীসকলে চাইবাৰ প্ৰবঞ্চনাৰ প্ৰশিক্ষণ লৈ আহে আৰু ঘৰলৈ উভতি আহি অপৰাধমূলক কাৰ্যকলাপ লিপ্ত হয় ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটীৰ ডনবস্ক' বিশ্ববিঃৰ শিক্ষক-শিক্ষার্থীয়ে মিলি নিৰ্মাণ কৰিছে উঃ-পূবৰ প্ৰথমটো কৃত্রিম উপগ্রহ, মহাকাশলৈ উৰিবলৈ সাজু 'লাচিত-১'
'২৬ অস্কাৰৰ দৌৰত দুখন ভাৰতীয় চিনেমা
পাকিস্তানৰ পৰা নিয়ন্ত্ৰণ অসমৰ চাইবাৰ অপৰাধ ; ডুবাই হৈ পাকিস্তানলৈ প্ৰেৰণ কৰা হয় ধন
ভাৰতীয় সেনাত অত্যাধুনিক 'ভৈৰৱ বেটেলিয়ন', শেহতীয়া যুদ্ধ কৌশলত পাকৈত নতুন সৈন্যবলক মোতায়েন কৰিব সীমান্তত
ড'নাল্ড ট্রাম্পৰ হুংকাৰ; ভাৰতৰ বিৰুদ্ধে আৰোপ কৰিব ৫০০% শুল্ক
দহ বছৰত ১০২ সাংসদৰ সম্পত্তি ১১০% বৃদ্ধি, 'এ ডি আৰ', 'নেশ্যনেল ইলেকশ্যন ৱা'ৰ প্ৰতিবেদনত প্রকাশিত তথ্য
বৰপেটাৰোড আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুই গভাইত চোৰ
বিধ্বংসী আক্ৰমণৰ ১০০০ বছৰ; সোমনাথ জ্যোতিৰ্লিংগ মন্দিৰত ‘সোমনাথ স্বাভিমান পৰ্ব’ৰ আয়োজন
ধান উৎপাদনত বিশ্বৰ শীৰ্ষ স্থানত ভাৰত; মার্কিন গৱেষণা সংস্থা 'ইউনাইটেড ষ্টেট্‌ছ ডিপার্টমেন্ট অব্ এগ্রিকালচাৰ'ৰ তথ্যত প্ৰকাশ
ইখনৰ পিছত সিখন ৰাষ্ট্ৰক ৰঙা চকু ট্রাম্পৰ; ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ধমকি দিলে ট্রাম্পে
ম'হ যুঁজৰ বাবে সাজু মৰিগঞা ম'হ গোৱাল, গোনা মহে শিং ধৰাইছে মৰিগাঁৱত
সত্ৰাধিকাৰৰ পৰিয়ালত মিঞা, ভোটাৰ তালিকাত ব্যাপক বিসংগতি, হতভম্ব ধিঙৰ নৰোৱা বালিসত্ৰৰ ডেকা সত্ৰীয়াৰ পৰিয়াল
"মোদীৰ সৈতে মোৰ সম্পৰ্ক অতি ভাল, কিন্তু তেওঁ মোৰ ওপৰত অসন্তুষ্ট" ভাৰতৰ সৈতে সম্পৰ্ক সন্দৰ্ভত কি ক’লে ট্ৰাম্পে?
ট্রাম্পক প্রত্যাহ্বান কলম্বিয়াৰ ৰাষ্ট্ৰপতি পেট্ৰ'ৰ, হোৱাইট হাউছ দখলৰ হুংকাৰ মাডুৰোৰ পুত্ৰ নিকোলাছৰ