--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ব্লেডমেনৰ আক্ৰমণত ১৫টা চিলাই পৰি গুৰুতৰভাৱে আহত হোৱা যুৱকজন হ'ল নাৰেংগীৰ কেন্দুগুৰিৰ ৰাকেশ ৰায়।

ডিজিটেল ডেস্ক: গুৱাহাটীৰ নাৰেংগীত ভয়ংকৰ ঘটনা। ব্লেডমেনৰ আতংকত অতিষ্ঠ নাৰেংগীবাসী। ব্লেডমেনৰ আক্ৰমণত ধৰাশায়ী হল এজন যুৱক।


ব্লেডমেনৰ আক্ৰমণত ১৫টা চিলাই পৰি গুৰুতৰভাৱে আহত হোৱা যুৱকজন হ'ল নাৰেংগীৰ কেন্দুগুৰিৰ ৰাকেশ ৰায়।


উল্লেখ্য যে, যোৱা নিশা ৯ বজাত নাৰেংগীৰ কেন্দুগুৰিত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। কেন্দুগুৰিৰ নিবাসী বিকাশ দাস নামৰ এজন ড্ৰাগছ আসক্ত যুৱকে মহিলা এগৰাকীক ৰাজপথতে অপকৰ্ম কৰাৰ চেষ্টা কৰাত বাধা প্ৰদান কৰে ৰাকেশ ৰায় নামৰ যুৱক এজনে। ইয়াতে ক্ষুণ্ণ হৈ ড্ৰাগছ আসক্ত বিকাশ দাসে ৰাকেশক ব্লেডৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা চলায়। 


গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিকাশ দাস মাটিত ঢলি পৰাৰ লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আক্ৰমণকাৰী বিকাশ দাস। পিছমুহূৰ্তত স্থানীয় লোকে ৰাকেশ ৰায়ক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইপিনে এই ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে নুনমাটি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে ড্ৰাগছ আসক্ত বিকাশ দাসক গ্ৰেপ্তাৰ কৰে আৰু জব্দ কৰে ব্লেডখন। 


নুনমাটি আৰক্ষীয়ে বিকাশ দাসক জে’ললৈ প্ৰেৰণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ