--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আকস্মিক বানৰ ধলত বাগৰি অহা ধ্বংসাৱশেষ শিল-বালিৰ তলত নিখোজ লোকসকল আবদ্ধ হৈ থকাৰ সন্দেহত আত্মীয়-স্বজন তথা উদ্ধাৰকাৰীৰ দলে এতিয়াও অভিযান চলাই আছে।

ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ কিস্তৱাড় জিলাৰ চশোতী গাঁৱত সংঘটিত হোৱা ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনাটোৰ দুদিনৰ পাছতো সন্ধানহীন হৈ থকা লোকসকলৰ আত্মীয়সকলে আপোনজনক বিচাৰি ফুৰাৰ কৰুণ দৃশ্য পৰিলক্ষিত হৈছে।


আকস্মিক বানৰ ধলত বাগৰি অহা ধ্বংসাৱশেষ শিল-বালিৰ তলত নিখোজ লোকসকল আবদ্ধ হৈ থকাৰ সন্দেহত আত্মীয়-স্বজন তথা উদ্ধাৰকাৰীৰ দলে এতিয়াও অভিযান চলাই আছে। আনহাতে, উদ্ধাৰকাৰীৰ দলে ৬০টা মৃতদেহ ধ্বংসস্তূপৰ তলৰ পৰা উদ্ধাৰ কৰিছে। উদ্ধাৰ অভিযানে ইতিমধ্যে তৃতীয় দিন অতিক্ৰম কৰিছে।


বৃহস্পতিবাৰে বিয়লি সংঘটিত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত পদ্দাৰ মহকুমাৰ গাঁওখনত অহা আকস্মিক বানৰ ধলে উটুৱাই দিয়াৰ পাছত এতিয়াও ৮২জন লোক সন্ধানহীন হৈ আছে। ইয়াৰ ৮১গৰাকী ভক্ত আৰু এজন চি আই এছ এফৰ জোৱান। জম্মু-কাশ্মীৰৰ কিস্তৱাড় জিলাৰ প্ৰশাসনে প্ৰকাশ কৰা মতে, মৃতকৰ সংখ্যা আৰু অধিক হ'ব পাৰে। উল্লেখযোগ্য যে প্রতিকূল বতৰৰ বাবে উদ্ধাৰ কার্য কিছু কিছু সময়ত ব্যাহত হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ