--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ৯-১০ মে'ত ভাৰতে সংঘটিত কৰা আক্ৰমণত পাকিস্তানৰ ৫০জন লোকে প্রাণ হেৰুৱাইছে বুলি পাকিস্তানে স্বীকাৰ কৰে

ডিজিটেল ডেস্ক : ভাৰতীয় সামৰিক বাহিনীয়ে চলোৱা 'অপাৰেশ্যন সিন্দূৰ'ত দেশখনৰ ক্ষতি হৈছে বুলি অৱশেষত পাকিস্তানে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল।


যোৱা ৯-১০ মে'ত ভাৰতে সংঘটিত কৰা আক্ৰমণত পাকিস্তানৰ ৫০জন লোকে প্রাণ হেৰুৱাইছে বুলি পাকিস্তানে স্বীকাৰ কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত চলা চাৰি দিনীয়া সংঘৰ্ষৰ সময়ত ১৩জন পাকিস্তানী সেনাই প্রাণ হেৰুৱালে বুলি পাকিস্তানে প্রকাশ কৰিছে। পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় সামৰিক বাহিনীয়ে চলোৱা নিখুঁত আক্ৰমণৰ তিনি মাহতকৈ অধিক সময়ৰ পাছত পাকিস্তানে অৱশেষত স্বীকাৰ কৰে যে ভাৰতৰ আক্ৰমণত পাকিস্তানৰ বহুত ক্ষতি হ'ল।


পাকিস্তানৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বার্ষিক বঁটা প্রদান অনুষ্ঠানত যোৱা ১৪ আগষ্টত পাক প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে দেশখন ভাৰতৰ আক্রমণত বিধ্বস্ত হোৱাৰ কথা স্বীকাৰ কৰে। পাকিস্তানে নিশ্চিত কৰে যে 'অপাৰেশ্যন সেন্দুৰ'ত যেতিয়া ভাৰতে ভোলাৰী বিমানঘাটিত আক্রমণ কৰিছিল, তেতিয়া স্কোৱাড্রন লীডাৰ ওছমান ইউছুফ নিহত হৈছিল। তেওঁক মৰণোত্তৰভাৱে ৰাষ্ট্ৰপতিৰ পদক প্রদান কৰা হয়।


ভাৰতৰ আক্ৰমণত বহু পাকিস্তানী সেনা নুৰখান, সাৰগোধা, জেক'কাবাদ, ভোলাৰী আৰু শ্বৰকোটত গুৰুতৰভাবে আহত হয়। এইটো উল্লেখ কৰা প্রয়োজন যে যোৱা ৭ মে'ত ভাৰতে চলোৱা আক্রমণত পাকিস্তানত শতাধিক সন্ত্রাসবাদী নিহত হৈছিল আৰু কেইবাটাও সন্ত্রাসবাদীৰ মুখ্য ঘাটি বিধ্বস্ত হৈছিল বুলি ভাৰত চৰকাৰে ইতিমধ্যে তথ্য প্রকাশ কৰিছিল। পাকিস্তানৰ ৰাষ্ট্ৰপতি ভৱনত দেশখনৰ স্বাধীনতা দিৱস উপলক্ষে আয়োজিত বার্ষিক বঁটা প্রদান অনুষ্ঠানত ভাৰতীয় সামৰিক বাহিনীৰ আক্ৰমণত নুৰখান বিমানঘাটিত বহুতো পাক বায়ু সেনাৰ জোৱান আহত হৈছিল। পাক প্রধানমন্ত্রী শ্বৰীফে অপাৰেশ্যন 'সিন্দুৰ'ৰ সময়ত নিহত হোৱা ১৩ পাকিস্তানী সেনাক যোৱা ১৪ আগষ্টত মৰণোত্তৰভাৱে বঁটা প্রদান কৰে।


মৰণোত্তৰভাৱে সাহসিকতাৰ পদক লাভ কৰা সকলৰ ভিতৰত স্কোৱাড্রন লীডাৰ ওছমান ইউছুফ, হাবিলদাৰ মহম্মদ নাবীদ, নায়ক ৱাকাৰ খালিদ আৰু লেন্স নায়ক দিলৱাৰ খানো আছে। তদুপৰি, নায়ক আব্দুল বহমান, লেন্স নায়ক ইক্তামুল্লা আৰু চিপাহী আদিল আকবৰেও মৰণোত্তৰভাৱে পদক লাভ কৰে।


'অপাৰেশ্যন সিন্দূৰ'ত নিহত হোৱাৰ বাবে আৰু পাক-ভাৰত যুদ্ধৰ সময়ত দেখুওৱা সাহসৰ বাবেই সেনাৰ লোকসকলক মৰণোত্তৰভাৱে সন্মান জনোৱা হয় পাকিস্তানত। 'অপাৰেশ্যন সিন্দূৰ'ত পাকিস্তানৰ ক্ষতি নাই হোৱা বুলি দেশখনে বাৰে বাৰে কৈ অহাৰ পাছত ১৪ আগষ্টত পাকিস্তানে 'অপাৰেশ্যন সিন্দূৰ'ত ভাৰতীয় সামৰিক বাহিনীৰ আক্ৰমণত নিহত হোৱা ১৩৮ পাক সেনা জোৱানলৈ মৰনোত্তৰ ভাৱে আগবঢ়োৱা এই বঁটাই উদঙাই দিলে দেশখনৰ দুমুখীয়া স্থিতিৰ নীতি।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ