--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ৯-১০ মে'ত ভাৰতে সংঘটিত কৰা আক্ৰমণত পাকিস্তানৰ ৫০জন লোকে প্রাণ হেৰুৱাইছে বুলি পাকিস্তানে স্বীকাৰ কৰে

ডিজিটেল ডেস্ক : ভাৰতীয় সামৰিক বাহিনীয়ে চলোৱা 'অপাৰেশ্যন সিন্দূৰ'ত দেশখনৰ ক্ষতি হৈছে বুলি অৱশেষত পাকিস্তানে স্বীকাৰ কৰিবলৈ বাধ্য হ'ল।


যোৱা ৯-১০ মে'ত ভাৰতে সংঘটিত কৰা আক্ৰমণত পাকিস্তানৰ ৫০জন লোকে প্রাণ হেৰুৱাইছে বুলি পাকিস্তানে স্বীকাৰ কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত চলা চাৰি দিনীয়া সংঘৰ্ষৰ সময়ত ১৩জন পাকিস্তানী সেনাই প্রাণ হেৰুৱালে বুলি পাকিস্তানে প্রকাশ কৰিছে। পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় সামৰিক বাহিনীয়ে চলোৱা নিখুঁত আক্ৰমণৰ তিনি মাহতকৈ অধিক সময়ৰ পাছত পাকিস্তানে অৱশেষত স্বীকাৰ কৰে যে ভাৰতৰ আক্ৰমণত পাকিস্তানৰ বহুত ক্ষতি হ'ল।


পাকিস্তানৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা বার্ষিক বঁটা প্রদান অনুষ্ঠানত যোৱা ১৪ আগষ্টত পাক প্রধানমন্ত্রী শ্বেহবাজ শ্বৰীফে দেশখন ভাৰতৰ আক্রমণত বিধ্বস্ত হোৱাৰ কথা স্বীকাৰ কৰে। পাকিস্তানে নিশ্চিত কৰে যে 'অপাৰেশ্যন সেন্দুৰ'ত যেতিয়া ভাৰতে ভোলাৰী বিমানঘাটিত আক্রমণ কৰিছিল, তেতিয়া স্কোৱাড্রন লীডাৰ ওছমান ইউছুফ নিহত হৈছিল। তেওঁক মৰণোত্তৰভাৱে ৰাষ্ট্ৰপতিৰ পদক প্রদান কৰা হয়।


ভাৰতৰ আক্ৰমণত বহু পাকিস্তানী সেনা নুৰখান, সাৰগোধা, জেক'কাবাদ, ভোলাৰী আৰু শ্বৰকোটত গুৰুতৰভাবে আহত হয়। এইটো উল্লেখ কৰা প্রয়োজন যে যোৱা ৭ মে'ত ভাৰতে চলোৱা আক্রমণত পাকিস্তানত শতাধিক সন্ত্রাসবাদী নিহত হৈছিল আৰু কেইবাটাও সন্ত্রাসবাদীৰ মুখ্য ঘাটি বিধ্বস্ত হৈছিল বুলি ভাৰত চৰকাৰে ইতিমধ্যে তথ্য প্রকাশ কৰিছিল। পাকিস্তানৰ ৰাষ্ট্ৰপতি ভৱনত দেশখনৰ স্বাধীনতা দিৱস উপলক্ষে আয়োজিত বার্ষিক বঁটা প্রদান অনুষ্ঠানত ভাৰতীয় সামৰিক বাহিনীৰ আক্ৰমণত নুৰখান বিমানঘাটিত বহুতো পাক বায়ু সেনাৰ জোৱান আহত হৈছিল। পাক প্রধানমন্ত্রী শ্বৰীফে অপাৰেশ্যন 'সিন্দুৰ'ৰ সময়ত নিহত হোৱা ১৩ পাকিস্তানী সেনাক যোৱা ১৪ আগষ্টত মৰণোত্তৰভাৱে বঁটা প্রদান কৰে।


মৰণোত্তৰভাৱে সাহসিকতাৰ পদক লাভ কৰা সকলৰ ভিতৰত স্কোৱাড্রন লীডাৰ ওছমান ইউছুফ, হাবিলদাৰ মহম্মদ নাবীদ, নায়ক ৱাকাৰ খালিদ আৰু লেন্স নায়ক দিলৱাৰ খানো আছে। তদুপৰি, নায়ক আব্দুল বহমান, লেন্স নায়ক ইক্তামুল্লা আৰু চিপাহী আদিল আকবৰেও মৰণোত্তৰভাৱে পদক লাভ কৰে।


'অপাৰেশ্যন সিন্দূৰ'ত নিহত হোৱাৰ বাবে আৰু পাক-ভাৰত যুদ্ধৰ সময়ত দেখুওৱা সাহসৰ বাবেই সেনাৰ লোকসকলক মৰণোত্তৰভাৱে সন্মান জনোৱা হয় পাকিস্তানত। 'অপাৰেশ্যন সিন্দূৰ'ত পাকিস্তানৰ ক্ষতি নাই হোৱা বুলি দেশখনে বাৰে বাৰে কৈ অহাৰ পাছত ১৪ আগষ্টত পাকিস্তানে 'অপাৰেশ্যন সিন্দূৰ'ত ভাৰতীয় সামৰিক বাহিনীৰ আক্ৰমণত নিহত হোৱা ১৩৮ পাক সেনা জোৱানলৈ মৰনোত্তৰ ভাৱে আগবঢ়োৱা এই বঁটাই উদঙাই দিলে দেশখনৰ দুমুখীয়া স্থিতিৰ নীতি।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙাপৰাৰ ৰাবাৰবিল গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ,হাতীয়ে ভাঙিলে চাৰিটা বাসগৃহ, আতংকিত স্থানীয় ৰাইজ
৭২ বছৰীয়া দৰা, ২৭ বছৰীয়া কইনা; জোধপুৰত হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ ইউক্ৰেইনৰ বাসিন্দা
গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ঘোচ লোৱাৰ অভিযোগত লাট মণ্ডলক গ্ৰেপ্তাৰ
চুলি দ্ৰুতভাৱে গজাব বিচাৰে নেকি? এই প্ৰটিনযুক্ত খাদ্যসমূহ আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক
অৰুণাচলত নতুন প্ৰজাতিৰ অৰ্কিড আৱিষ্কাৰ
জীৱনদায়িনী ঔষধ অধিক দামত বিক্ৰী কৰিলে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব চৰকাৰে
১ নৱেম্বৰৰ পৰা দশম শ্ৰেণীৰ শিক্ষার্থীলৈ 'প্ৰেৰণা', মাহে ৩০০ টকাকৈ ছমাহ লাভ কৰিব ধন
গুৱাহাটী বিশ্ববিদ্যালয়ত পোনপ্রথমবাৰৰ বাবে এবিভিপিৰ দাবীত স্নাতক আৰু বি. টেক.ৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে ভোটাধিকাৰ
বানৰ কবলত গহপুৰ, বিশ্বনাথ, চাৰিদুৱাৰ, ব্ৰহ্মাজান, ছত্ৰং নৈৰ মথাউৰি ছিগি বিস্তীর্ণ অঞ্চল প্লাৱিত
আগষ্টত আই চি চিৰ শ্ৰেষ্ঠ খেলুৱৈ মহম্মদ ছিৰাজ
চিতাত মুখাগ্নি কৰাৰ পূৰ্বে জী উঠিল মহিলা! পৰিয়ালৰ মাজত হাহাকাৰ
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ ; আজি ফাইনেলত যুঁজিব নীৰজ চোপ্ৰা আৰু আৰ্ছাদ নাদীম
ধিঙত ভয়ংকৰ দুৰ্ঘটনা! স্কুটীত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ; ভাতৃ-ভগ্নীৰ অৱস্থা সংকটজনক
দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন আৰক্ষীৰ এনকাউণ্টাৰত নিহত ; গেংষ্টাৰ ৰোহিত গোদাৰাৰ ভাবুকি