--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • লোধিসকলে চাতুৰী কৰিব নাজানে, ষড়যন্ত্ৰও নাজানে - উমা ভাৰতী

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা উমা ভাৰতীয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ৰাজ্যখনৰ শ্বাহজাহানপুৰ জিলাৰ নাম সলনি কৰিবলৈ কাতৰ অনুৰোধ জনাইছে।


আওনলা নগৰৰ ৰেলৱে ষ্টেচনৰ ত্ৰিছেকচনৰ সমীপত বীৰাংগনা অৱন্তী বাই লোধিৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পিছত ভাৰতীয়ে ভাষণত কয় যে, "মই ইয়ালৈ আহি আছিলো আৰু বাটত শ্বাহজাহানপুৰ নামৰ এখন জিলা দেখিছিলো। শ্বাহজাহানপুৰ নামটো ভাল শুনা নাযায়। মুখ্যমন্ত্ৰীক ইয়াৰ নতুন নাম এটা দিবলৈ অনুৰোধ জনাইছো।"


ভাৰতীয়ে কয়, "দাসত্বৰ যুগৰ কথা সোঁৱৰাই দিয়া ব্যক্তিৰ নামেৰে জিলাখনৰ নাম ৰখাটো ভাল নহয়। মই এই নামটো আকৌ এবাৰ শুনিবলৈও নিবিচাৰো।" লোধি জনগোষ্ঠীৰ ইতিহাস বৰ্ণনা কৰি বিজেপিয়ে লোধি জনগোষ্ঠীৰ পৰা দুজন মুখ্যমন্ত্ৰীক দিয়া বুলি কয়।


লোধিসকলে চাতুৰী কৰিব নাজানে, ষড়যন্ত্ৰও নাজানে - উমা ভাৰতী



প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে লোধি সম্প্ৰদায়টোৱেই প্ৰথম জনগোষ্ঠী যিয়ে বিজেপিক ‘প্লেটফৰ্ম’ দিছিল, ইয়াৰ পূৰ্বে বিজেপিৰ ভাবমূৰ্তি পিছপৰা শ্ৰেণীৰ শুভাকাংক্ষী নাছিল। লোধি সম্প্ৰদায়ে বিজেপিক এক মঞ্চ দিলে যাৰ বাবে দলটোৱে সম্প্ৰসাৰণ কৰিব পাৰিলে বুলিও কয়। ভাৰতীয়ে কয় যে বিজেপিয়ে লোধি সম্প্ৰদায়ক আৰু লোধিসকলে বিজেপিক সন্মান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ