--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি প্ৰতিবছৰে সেইদিনা সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত দেশৰ বিভিন্ন প্রান্তৰ আমন্ত্রিত অতিথিসকলৰ বাবে 'এট হ'ম' শীর্ষক বিশেষ অভ্যর্থনা অনুষ্ঠানৰ আয়োজন কৰা হয়।

ডিজিটেল ডেস্ক : দেশৰ ৭৯সংখ্যক স্বাধীনতা দিৱস দৰং জিলাৰ কৃষকৰ বাবে এক স্মৰণীয় দিন হিচাপে ইতিহাসত লিপিবদ্ধ হ'ব, কিয়নো জিলাখনৰ উদ্যোগী মহিলা কৃষক দীপ্তি চহৰীয়াই ৰাষ্ট্ৰপতিৰ বিশেষ আমন্ত্রণ মর্মে স্বাধীনতা দিৱসৰ সন্ধিয়াৰ অভ্যর্থনাত অংশ লোৱাৰ সুযোগ লাভ কৰে।


স্বাধীনতা দিৱস উদযাপনৰ লগত সংগতি ৰাখি প্ৰতিবছৰে সেইদিনা সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত দেশৰ বিভিন্ন প্রান্তৰ আমন্ত্রিত অতিথিসকলৰ বাবে 'এট হ'ম' শীর্ষক বিশেষ অভ্যর্থনা অনুষ্ঠানৰ আয়োজন কৰা হয়।


এই অনুষ্ঠানত ভাগ লোৱাৰ বাবে অসমৰ একমাত্ৰ কৃষক হিচাপে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে দৰং জিলাৰ জলজিল গৰীয়াপাৰা নিৱাসী মহিলা কৃষি উদ্যোগী দীপ্তি চহৰীয়াক এইবাৰ আমন্ত্রণ জনাইছিল। আমন্ত্রণ মর্মে অনুষ্ঠানত ভাগ লৈ দেওবাৰে গৃহ জিলা দৰঙত উপস্থিত হোৱা দীপ্তি চহৰীয়া যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় আৰু দৈনিক জনমভূমিৰ আগত তেওঁৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনায়।


তেওঁ জনোৱা মতে স্বাধীনতা দিৱসৰ বিয়লি চাৰি বজাৰ পৰা সন্ধিয়া সাত বজালৈকে এই অভ্যর্থনা অনুষ্ঠিত হৈছিল য'ত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাগ লৈছিল। ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী দুয়োগৰাকীয়ে প্ৰতিগৰাকী অভ্যাগত অতিথিৰ কাষলৈ গৈ আলাপ কৰিছিল বুলি দীপ্তি চহৰীয়াই জনায়।


অসমৰ কৃষক বুলি পৰিচয় পোৱাৰ পাছত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে দীপ্তি চহৰীয়াৰ সন্মুখত পথৰুঘাটৰ ঐতিহাসিক কৃষক বিদ্ৰোহৰ বিষয়ে উল্লেখ কৰে আৰু ইয়াৰ কৃষক শ্বহীদ দিৱসৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে ইতিমধ্যে নিমন্ত্রণ পোৱা বুলি কয়।ৰাষ্ট্ৰপতিগৰাকীয়ে ভৱিষ্যতে ইয়াত অংশ লোৱাৰ আগ্রহো প্ৰকাশ কৰা বুলি চহৰীয়াই জনায়। সেইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপ্তি চহৰীয়াই মহিলা কৃষক উৎপাদক কোম্পানীক প্রতিনিধিত্ব কৰা বুলি জানিব পাৰি কৃষক উৎপাদক গোটৰ নাম আৰু তাত কিমান মহিলা কৃষক জড়িত আছে সেয়া জানিবলৈ বিচাৰে। সম্পূৰ্ণ নিৰামিষ আহাৰ পৰিৱেশন হোৱা এই অভ্যর্থনা অনুষ্ঠানত অসমৰ কলপাতত দিয়া পিঠাৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন প্রান্তৰ পিঠাপনা, জা-জলপান আদিৰ সোৱাদ লোৱাৰ সুবিধা পোৱা বুলি দীপ্তি চহৰীয়াই উল্লেখ কৰে।


পিছদিনা দীপ্তি চহৰীয়া আৰু আমন্ত্রিত দেশৰ আন পাঁচ কৃষকক ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্রণ জনায় আৰু তাত থকা বিভিন্ন আপুৰুগীয়া সমল, সংগ্ৰহালয়, চাৰিওফালৰ মনোৰম পৰিৱেশ আদি চোৱাৰ সুবিধা প্ৰদান কৰে। উল্লেখযোগ্য যে প্রয়াত কৃষক যোগেন চহৰীয়াৰ জীয়ৰী দীপ্তি চহৰীয়াই 'চিৰ সেউজী' মহিলা কৃষক উৎপাদক কোম্পানীৰ পৰিচালন সঞ্চালিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে আৰু বিগত তিনি বছৰে এই কৃষক উৎপাদক গোটৰ জৰিয়তে প্রায় পাঁচশ মহিলাক কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ সুবিধা গ্ৰহণ কৰি সৰিয়হ খেতি আৰু অন্যান্য কৃষিকৰ্মৰ জৰিয়তে আর্থিকভাবে স্বাৱলম্বন হোৱাৰ দিশত নেতৃত্ব প্রদান কৰি আহিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ